--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদ্দেশ্য ভাল, অভিনেতাসকলেও আপ্ৰাণ চেষ্টা কৰিছে। কিন্তু দুৰ্বল চিত্ৰনাট্যই যেন কাল হৈ পৰিল 'দছৱী' চলচ্চিত্ৰখনৰ। নৱাগত পৰিচালক তুষাৰ জালোটাই মূল কাহিনীৰ জৰিয়তে এটা সামাজিক বাৰ্তা দিব বিচাৰিছিল। অৱশ্যে, নিৰ্ধাৰিত কিছুমান নিয়মৰ কবলত আৱদ্ধ হৈ পৰা বাবে ভবামতে ৰূপালী পৰ্দাত কাহিনীক প্ৰাণ দিব নোৱাৰিলে পৰিচালকে। কাহিনীটোৰ মুখ্য চৰিত্ৰত গংগাৰাম চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছে অভিষেক বচ্চনে। অষ্টম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত পঢা়শালি এৰিছিল গংগাৰামে। অৱশ্যে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰাজনীতিৰ ক্ষেত্ৰত সফল হৈছে। দুৰ্নীতিৰ বাবে গংগাৰামে কাৰাগাৰলৈও যাবলগীয়া হৈছিল। গংগাৰামে তেওঁৰ পত্নী বিমলাদেৱীক (নিম্ৰত কৌৰ) মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই কাৰাগাৰলৈ গৈছিল। তাৰ পৰাই আৰম্ভ হয় ‘দছৱী’ৰ কাহিনী।

কাৰাগাৰত প্ৰথম কেইদিনমান ভালে গৈছিল গংগাৰামৰ। কিন্তু গংগাৰামক সাধাৰণ কয়দীৰ দৰে পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাইছিল কাৰাগাৰৰ অধীক্ষক জ্যোতি দেশৱাল (য়ামী গৌতম)-এ। গংগাৰামে কঠোৰ পৰিশ্ৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অধ্যয়ন কৰাৰ সিদ্ধান্ত লয়। দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পণ লয় গংগাৰামে। কিন্তু ফাঁকি দিবলৈ যাওঁতে ধৰা পৰা গংগাৰামক শিক্ষাৰ পোহৰে দিছিল নতুন পথৰ সন্ধান।

বাস্তৱৰ বহুতো ঘটনা এই চলচ্চিত্ৰখনৰ বাবে অনুপ্ৰেৰণা। কিন্তু পৰিচালকজনে ইয়াৰ বাণিজ্যিকীকৰণ কৰিবলৈ গৈ সময়ত পথ হেৰুৱাইছে। হাঁহিৰ মুহূৰ্তবোৰক পৰিচালকে কাহিনী বুলি  ক'ব বিচাৰিলেও, ই অধিক উপদেশমূলক হৈ পৰা বুলি মন্তব্য কৰিছে শ্ৰোতা-দৰ্শকে। অভিষেক বচ্চন সুন্দৰভাৱে গংগাৰাম হৈ পৰিছে। এজন আই.পি.এছ. বিষয়া হিচাপে য়ামী গৌতমে সংলাপতকৈ অভিব্যক্তি প্ৰকাশৰ প্ৰতিহে অধিক মনোযোগ দিয়া বুলিও সদৰী কৰিছে চলচ্চিত্ৰপ্ৰেমীয়ে।

অৱশ্যে, সাৱলীল অভিনয়েৰে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছে মনুৰ্ষি চাড্ডাই।  বলীউডৰ পৰম্পৰাক বাহাল ৰাখিয়েই  ছবিখনত কিছুমান গীত ৰখা হৈছে। সকলোবোৰ গীতৰ কোনো প্ৰয়োজন নাছিল বুলিও কৈছে চলচ্চিত্ৰপ্ৰেমী তথা সমালোচকসকলে।  সামগ্ৰিকভাৱে, নৱাগত পৰিচালকজনে মুন্নাভাইৰ দৰে চলচ্চিত্ৰৰ পৰা অনুপ্ৰেৰণা লাভ কৰিলেও কিন্তু ‘দছৱী’ৰ জৰিয়তে সেই স্তৰত উপনীত হ'ব নোৱাৰিলে। পৰিচালকে সুযোগৰ সত্‍ ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱা বুলিও কটাক্ষ সমালোচকৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক