--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদ্দেশ্য ভাল, অভিনেতাসকলেও আপ্ৰাণ চেষ্টা কৰিছে। কিন্তু দুৰ্বল চিত্ৰনাট্যই যেন কাল হৈ পৰিল 'দছৱী' চলচ্চিত্ৰখনৰ। নৱাগত পৰিচালক তুষাৰ জালোটাই মূল কাহিনীৰ জৰিয়তে এটা সামাজিক বাৰ্তা দিব বিচাৰিছিল। অৱশ্যে, নিৰ্ধাৰিত কিছুমান নিয়মৰ কবলত আৱদ্ধ হৈ পৰা বাবে ভবামতে ৰূপালী পৰ্দাত কাহিনীক প্ৰাণ দিব নোৱাৰিলে পৰিচালকে। কাহিনীটোৰ মুখ্য চৰিত্ৰত গংগাৰাম চৌধুৰীৰ চৰিত্ৰত অভিনয় কৰিছে অভিষেক বচ্চনে। অষ্টম শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত পঢা়শালি এৰিছিল গংগাৰামে। অৱশ্যে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰাজনীতিৰ ক্ষেত্ৰত সফল হৈছে। দুৰ্নীতিৰ বাবে গংগাৰামে কাৰাগাৰলৈও যাবলগীয়া হৈছিল। গংগাৰামে তেওঁৰ পত্নী বিমলাদেৱীক (নিম্ৰত কৌৰ) মুখ্যমন্ত্ৰীৰ আসনত বহুৱাই কাৰাগাৰলৈ গৈছিল। তাৰ পৰাই আৰম্ভ হয় ‘দছৱী’ৰ কাহিনী।

কাৰাগাৰত প্ৰথম কেইদিনমান ভালে গৈছিল গংগাৰামৰ। কিন্তু গংগাৰামক সাধাৰণ কয়দীৰ দৰে পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাইছিল কাৰাগাৰৰ অধীক্ষক জ্যোতি দেশৱাল (য়ামী গৌতম)-এ। গংগাৰামে কঠোৰ পৰিশ্ৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অধ্যয়ন কৰাৰ সিদ্ধান্ত লয়। দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পণ লয় গংগাৰামে। কিন্তু ফাঁকি দিবলৈ যাওঁতে ধৰা পৰা গংগাৰামক শিক্ষাৰ পোহৰে দিছিল নতুন পথৰ সন্ধান।

বাস্তৱৰ বহুতো ঘটনা এই চলচ্চিত্ৰখনৰ বাবে অনুপ্ৰেৰণা। কিন্তু পৰিচালকজনে ইয়াৰ বাণিজ্যিকীকৰণ কৰিবলৈ গৈ সময়ত পথ হেৰুৱাইছে। হাঁহিৰ মুহূৰ্তবোৰক পৰিচালকে কাহিনী বুলি  ক'ব বিচাৰিলেও, ই অধিক উপদেশমূলক হৈ পৰা বুলি মন্তব্য কৰিছে শ্ৰোতা-দৰ্শকে। অভিষেক বচ্চন সুন্দৰভাৱে গংগাৰাম হৈ পৰিছে। এজন আই.পি.এছ. বিষয়া হিচাপে য়ামী গৌতমে সংলাপতকৈ অভিব্যক্তি প্ৰকাশৰ প্ৰতিহে অধিক মনোযোগ দিয়া বুলিও সদৰী কৰিছে চলচ্চিত্ৰপ্ৰেমীয়ে।

অৱশ্যে, সাৱলীল অভিনয়েৰে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছে মনুৰ্ষি চাড্ডাই।  বলীউডৰ পৰম্পৰাক বাহাল ৰাখিয়েই  ছবিখনত কিছুমান গীত ৰখা হৈছে। সকলোবোৰ গীতৰ কোনো প্ৰয়োজন নাছিল বুলিও কৈছে চলচ্চিত্ৰপ্ৰেমী তথা সমালোচকসকলে।  সামগ্ৰিকভাৱে, নৱাগত পৰিচালকজনে মুন্নাভাইৰ দৰে চলচ্চিত্ৰৰ পৰা অনুপ্ৰেৰণা লাভ কৰিলেও কিন্তু ‘দছৱী’ৰ জৰিয়তে সেই স্তৰত উপনীত হ'ব নোৱাৰিলে। পৰিচালকে সুযোগৰ সত্‍ ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱা বুলিও কটাক্ষ সমালোচকৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু