--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পতী-পত্নী নহয়, হৃত্বিক ৰোশন-ছুজান খানে গঢ় দিছে নতুন সম্পৰ্কৰ-নাম বন্ধুত্ব । বহীয়ে-কলমে দুয়ো প্ৰাক্তন দম্পতী। দুই সন্তানৰ পিতৃ-মাতৃয়ো। কিন্তু ঠিকনা ভিন্ন ভিন্ন। দুয়োৰে জীৱনৰ পথো বেলেগ বেলেগ। আজিৰ পৰা ৮ বছৰ পূৰ্বে তেওঁলোকৰ বিবাহ বিচ্ছেদ হ’লেও কিন্তু ইজনে সিজনৰ পৰা আঁতৰি যোৱা নাই হৃত্বিক-সুজানা। হাতে হাত ধৰিছে বন্ধু হিচাপে।কেৱল সেয়াই নহয়, সম্প্ৰতি দুয়ো ইজনে সিজনৰ নতুন প্ৰেমৰ প্ৰতিও সমানে উৎসাহী। প্ৰাক্তন আৰু তেওঁলোকৰ বৰ্তমানৰ প্ৰেয়সীক একেটা ফ্ৰেমতে দেখা পোৱা গৈছে। তাৰপাছতে বলীউডক ‘গ্ৰীক গ’ড’ খ্যাত ছুজানক লৈ আৰম্ভ হৈছে চৰ্চা।

সামাজিক মাধ্যমত উপলব্ধ ছবিখনত হৃত্বিক-ছুজানক হাঁহি থকা দেখা গৈছে। তেওঁলোকৰ সৈতে আছে তেওঁলোকৰ জীৱনৰ নৱ সংগী। হৃত্বিকৰ কাষত তেওঁৰ অঘোষিত প্ৰেমিকা অভিনেত্ৰী-গায়িকা ছাবা আজাদ আৰু ছুজানৰ সৈতে তেওঁৰ প্ৰেমিক তথা অভিনেতা আৰ্ছলান গোনী। প্ৰাক্তন দম্পতীৰ এনে সমীকৰণে এতিয়া হতবাক কৰি তুলিছে অনুৰাগীক।

স্মৰ্তব্য যে, কেইদিনমান পূৰ্বে ছুজান আৰু আৰ্ছলানক মুম্বাই বিমানবন্দৰত হাতে হাত ধৰি খোজ কাঢ়ি থকা দেখা গৈছিল। এঘণ্টা পাছত একে ঠাইতে হৃত্বিক-ছাবা উপস্থিত হৈছিল। তেওঁলোকেও হাতে হাত ধৰি বিমানবন্দৰৰ পৰা ওলাই আহিছিল। এতিয়া প্ৰশ্ব উঠিছে, ‘কিবা প্ৰতিযোগিতা আছে নেকি? যেন পৰৱৰ্তী জীৱন উদযাপন কৰিছে দুই বিবাহ বিচ্ছেদ তাৰকাই!’

অৱশ্যে, পৰৱৰ্তী সময়ত পোহৰলৈ আহিল ঘটনাৰ সত্যাসত্য। জানিবলৈ পোৱা মতে, তেওঁলোক চাৰিও গোৱাৰ পৰা উভতি আহিছিল। ছুজানে গোৱাৰ পাঞ্জিমত নতুনকৈ কফি শ্বপ খুলিছে। ছুজানে তেওঁৰ প্ৰাক্তন স্বামী আৰু বৰ্তমানৰ প্ৰেমিকাক উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল। অভিনেত্ৰী পূজা বেদীয়ে পাৰ্টীৰ কিছুমান ফটো পোষ্ট কৰিছিল ছ’চিয়েল মিডিয়াত।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাতকাৰত পূজাই হৃত্বিক-ছাবা আৰু ছুজান-আৰ্ছলানৰ সম্পৰ্কৰ বিষয়ে মন্তব্য কৰে। পূজাই কয়, ‘হৃত্বিক-ছুজানৰ ইজনে সিজনৰ প্ৰতি যথেষ্ট সন্মান আছে। মই তেওঁলোকক এনেদৰে দেখি আপ্লুত হৈছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, তেওঁলোক দুয়োৰে জীৱনত দ্বিতীয়বাৰৰ বাবে প্ৰেম আহিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু