--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পতী-পত্নী নহয়, হৃত্বিক ৰোশন-ছুজান খানে গঢ় দিছে নতুন সম্পৰ্কৰ-নাম বন্ধুত্ব । বহীয়ে-কলমে দুয়ো প্ৰাক্তন দম্পতী। দুই সন্তানৰ পিতৃ-মাতৃয়ো। কিন্তু ঠিকনা ভিন্ন ভিন্ন। দুয়োৰে জীৱনৰ পথো বেলেগ বেলেগ। আজিৰ পৰা ৮ বছৰ পূৰ্বে তেওঁলোকৰ বিবাহ বিচ্ছেদ হ’লেও কিন্তু ইজনে সিজনৰ পৰা আঁতৰি যোৱা নাই হৃত্বিক-সুজানা। হাতে হাত ধৰিছে বন্ধু হিচাপে।কেৱল সেয়াই নহয়, সম্প্ৰতি দুয়ো ইজনে সিজনৰ নতুন প্ৰেমৰ প্ৰতিও সমানে উৎসাহী। প্ৰাক্তন আৰু তেওঁলোকৰ বৰ্তমানৰ প্ৰেয়সীক একেটা ফ্ৰেমতে দেখা পোৱা গৈছে। তাৰপাছতে বলীউডক ‘গ্ৰীক গ’ড’ খ্যাত ছুজানক লৈ আৰম্ভ হৈছে চৰ্চা।

সামাজিক মাধ্যমত উপলব্ধ ছবিখনত হৃত্বিক-ছুজানক হাঁহি থকা দেখা গৈছে। তেওঁলোকৰ সৈতে আছে তেওঁলোকৰ জীৱনৰ নৱ সংগী। হৃত্বিকৰ কাষত তেওঁৰ অঘোষিত প্ৰেমিকা অভিনেত্ৰী-গায়িকা ছাবা আজাদ আৰু ছুজানৰ সৈতে তেওঁৰ প্ৰেমিক তথা অভিনেতা আৰ্ছলান গোনী। প্ৰাক্তন দম্পতীৰ এনে সমীকৰণে এতিয়া হতবাক কৰি তুলিছে অনুৰাগীক।

স্মৰ্তব্য যে, কেইদিনমান পূৰ্বে ছুজান আৰু আৰ্ছলানক মুম্বাই বিমানবন্দৰত হাতে হাত ধৰি খোজ কাঢ়ি থকা দেখা গৈছিল। এঘণ্টা পাছত একে ঠাইতে হৃত্বিক-ছাবা উপস্থিত হৈছিল। তেওঁলোকেও হাতে হাত ধৰি বিমানবন্দৰৰ পৰা ওলাই আহিছিল। এতিয়া প্ৰশ্ব উঠিছে, ‘কিবা প্ৰতিযোগিতা আছে নেকি? যেন পৰৱৰ্তী জীৱন উদযাপন কৰিছে দুই বিবাহ বিচ্ছেদ তাৰকাই!’

অৱশ্যে, পৰৱৰ্তী সময়ত পোহৰলৈ আহিল ঘটনাৰ সত্যাসত্য। জানিবলৈ পোৱা মতে, তেওঁলোক চাৰিও গোৱাৰ পৰা উভতি আহিছিল। ছুজানে গোৱাৰ পাঞ্জিমত নতুনকৈ কফি শ্বপ খুলিছে। ছুজানে তেওঁৰ প্ৰাক্তন স্বামী আৰু বৰ্তমানৰ প্ৰেমিকাক উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছিল। অভিনেত্ৰী পূজা বেদীয়ে পাৰ্টীৰ কিছুমান ফটো পোষ্ট কৰিছিল ছ’চিয়েল মিডিয়াত।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাতকাৰত পূজাই হৃত্বিক-ছাবা আৰু ছুজান-আৰ্ছলানৰ সম্পৰ্কৰ বিষয়ে মন্তব্য কৰে। পূজাই কয়, ‘হৃত্বিক-ছুজানৰ ইজনে সিজনৰ প্ৰতি যথেষ্ট সন্মান আছে। মই তেওঁলোকক এনেদৰে দেখি আপ্লুত হৈছোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, তেওঁলোক দুয়োৰে জীৱনত দ্বিতীয়বাৰৰ বাবে প্ৰেম আহিছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক