--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মুছলিম যুৱতী দুবাৰকৈ ধৰ্ম সলনি কৰি তিনিবাৰকৈ বিবাহপাশত আৱদ্ধ হয়। গাজিয়াবাদত মৃত অৱস্থাত উদ্ধাৰ হৈছিল ৩৫ বছৰীয়া ভৱ্যা শৰ্মা। ভৱ্যা শৰ্মা আছিল এগৰাকী মুছলিম যুৱতী। তেওঁৰ নাম আছিল বেবী। তেওঁক হত্যা কৰে তৃতীয় স্বামী বিনোদ শৰ্মাই। গাজিয়াবাদ আৰক্ষীয়ে বিনোদ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জেৰাতে পোহৰলৈ আহে যে মুছলমান ছোৱালী বেবী প্ৰথম বিবাহৰ পাছত অঞ্জলি, দ্বিতীয় বিবাহৰ পাছত আফছানা আৰু তৃতীয় বিবাহৰ পাছত ভৱ্যা শৰ্মা হৈছিল। অৰ্থাৎ তেওঁ দুজন হিন্দু যুৱক আৰু এজন মুছলমান যুৱকক বিয়া কৰাইছিল।

মহিলাগৰাকীয়ে তৃতীয়বাৰ বিয়া কৰোৱাৰ পাছতো দ্বিতীয় স্বামী আনীশৰ সৈতেও সম্পৰ্ক ৰাখিছিল। এই কথাতে খং উঠি মহিলাগৰাকীক হত্যা কৰে তৃতীয় স্বামী বিনোদ শৰ্মাই।

যোৱা ২৬ ডিচেম্বৰত গাজিয়াবাদৰ সিদ্ধাৰ্থ বিহাৰৰ বৃন্দাবন এনক্লেভত উদ্ধাৰ হৈছিল ভৱ্যা শৰ্মা (৩৫)ৰ মৃতদেহ। এই সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীক জেৰা কৰে। বিনোদ শৰ্মাই আৰক্ষীক কয় যে আয়ুৰ্বেদিক ঔষধৰ ছাপ্লাই ছেইনৰ সৈতে জড়িত তেওঁৰ পত্নী ভৱ্যা ২৫ ডিচেম্বৰতহে ইন্দোৰৰ পৰা উভতি আহিছিল। দুয়ো ৰাতি একেলগে মদ খাইছিল আৰু ২৬ ডিচেম্বৰৰ পুৱা বিচনাত ভৱ্যাক মৃত অৱস্থাত পোৱা গৈছিল।

আৰক্ষীয়ে যেতিয়া মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰে তেতিয়া পেটৰ তলৰ অংশত কটাৰীৰ চিন পোৱা গৈছিল। ইয়াৰ পিছত মহিলাগৰাকীৰ স্বামীক পুনৰ মাতি অনা হ’ল। কঠোৰভাৱে সোধা-পোছা কৰাত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰে। 

অভিযুক্ত বিনোদ শৰ্মাই কয় যে তেওঁ হাৰিয়ানাৰ গুৰুগ্ৰামৰ বাসিন্দা। কেইবছৰমান আগতে ভৱ্যাক লগ পাইছিল। ২০১৯ চনত দুয়োৰে বিয়া হৈছিল। দ্বিতীয় স্বামী আনীশৰ সন্তান আদিলকো লগত লৈ আহিছিল মহিলাগৰাকীয়ে।

বিনোদে পত্নী ভব্যাৰ টকাৰে ঘৰখন চলাইছিল। পুত্ৰ আদিলক স্কুললৈ নিয়াৰ পৰা ঘৰৰ সকলো কাম বিনোদে কৰিছিল। কামৰ বাবে ভৱ্যা প্ৰায়ে বাহিৰত থাকিছিল। ২৪ ডিচেম্বৰৰ নিশা বিনোদে ভিডিঅ’ কলৰ জৰিয়তে ভব্যাৰ সৈতে কথা পাতিছিল। সেই ভিডিঅ’ কলতে দ্বিতীয় স্বামী আনীশক দেখা পায় বিনোদে। আনীশে বিনোদক গাজিয়াবাদ এৰি আঁতৰি যাবলৈ কৈ প্ৰাণে মৰাৰ ভাবুকি দিয়ে। এই কথা শুনি বিনোদৰ প্ৰচণ্ড খং উঠে আৰু তেওঁ ভৱ্যাক হত্যা কৰাৰ সিদ্ধান্ত ল’লে।

বিনোদ শৰ্মা আৰু ভৱ্যা শৰ্মা

২৫ ডিচেম্বৰত ভৱ্যা ঘৰলৈ অহাৰ পাছত স্বামী বিনোদে তেওঁৰ সৈতে সুৰাপান কৰে। বিনোদে ভৱ্যাক প্ৰচুৰ পৰিমাণে মদ খোৱায়। মদ্যপান কৰি তেওঁ বিচনাত শুই পৰে আৰু সেই সময়তে ভৱ্যাৰ পেটত শাক-পাচলি কটা কটাৰীৰে আঘাত কৰি হত্যা কৰে বিনোদে।

ভব্যাৰ পেটত অপাৰেচনৰ চিন থকা ঠাইত বিনোদে ছুৰীৰে আঘাত কৰিছিল। তেওঁ ভাবিছিল যে আৰক্ষীয়ে ঘাঁটোক অপাৰেচনৰ কাট বুলি গণ্য কৰিব আৰু কোনেও একো জানিব নোৱাৰিব। কিন্তু অপৰাধ কৰি কোনো সাৰি যাব নোৱাৰে। আৰক্ষীয়ে বিনোদ শৰ্মাক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ