--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মুছলিম যুৱতী দুবাৰকৈ ধৰ্ম সলনি কৰি তিনিবাৰকৈ বিবাহপাশত আৱদ্ধ হয়। গাজিয়াবাদত মৃত অৱস্থাত উদ্ধাৰ হৈছিল ৩৫ বছৰীয়া ভৱ্যা শৰ্মা। ভৱ্যা শৰ্মা আছিল এগৰাকী মুছলিম যুৱতী। তেওঁৰ নাম আছিল বেবী। তেওঁক হত্যা কৰে তৃতীয় স্বামী বিনোদ শৰ্মাই। গাজিয়াবাদ আৰক্ষীয়ে বিনোদ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জেৰাতে পোহৰলৈ আহে যে মুছলমান ছোৱালী বেবী প্ৰথম বিবাহৰ পাছত অঞ্জলি, দ্বিতীয় বিবাহৰ পাছত আফছানা আৰু তৃতীয় বিবাহৰ পাছত ভৱ্যা শৰ্মা হৈছিল। অৰ্থাৎ তেওঁ দুজন হিন্দু যুৱক আৰু এজন মুছলমান যুৱকক বিয়া কৰাইছিল।

মহিলাগৰাকীয়ে তৃতীয়বাৰ বিয়া কৰোৱাৰ পাছতো দ্বিতীয় স্বামী আনীশৰ সৈতেও সম্পৰ্ক ৰাখিছিল। এই কথাতে খং উঠি মহিলাগৰাকীক হত্যা কৰে তৃতীয় স্বামী বিনোদ শৰ্মাই।

যোৱা ২৬ ডিচেম্বৰত গাজিয়াবাদৰ সিদ্ধাৰ্থ বিহাৰৰ বৃন্দাবন এনক্লেভত উদ্ধাৰ হৈছিল ভৱ্যা শৰ্মা (৩৫)ৰ মৃতদেহ। এই সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীক জেৰা কৰে। বিনোদ শৰ্মাই আৰক্ষীক কয় যে আয়ুৰ্বেদিক ঔষধৰ ছাপ্লাই ছেইনৰ সৈতে জড়িত তেওঁৰ পত্নী ভৱ্যা ২৫ ডিচেম্বৰতহে ইন্দোৰৰ পৰা উভতি আহিছিল। দুয়ো ৰাতি একেলগে মদ খাইছিল আৰু ২৬ ডিচেম্বৰৰ পুৱা বিচনাত ভৱ্যাক মৃত অৱস্থাত পোৱা গৈছিল।

আৰক্ষীয়ে যেতিয়া মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰে তেতিয়া পেটৰ তলৰ অংশত কটাৰীৰ চিন পোৱা গৈছিল। ইয়াৰ পিছত মহিলাগৰাকীৰ স্বামীক পুনৰ মাতি অনা হ’ল। কঠোৰভাৱে সোধা-পোছা কৰাত তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰে। 

অভিযুক্ত বিনোদ শৰ্মাই কয় যে তেওঁ হাৰিয়ানাৰ গুৰুগ্ৰামৰ বাসিন্দা। কেইবছৰমান আগতে ভৱ্যাক লগ পাইছিল। ২০১৯ চনত দুয়োৰে বিয়া হৈছিল। দ্বিতীয় স্বামী আনীশৰ সন্তান আদিলকো লগত লৈ আহিছিল মহিলাগৰাকীয়ে।

বিনোদে পত্নী ভব্যাৰ টকাৰে ঘৰখন চলাইছিল। পুত্ৰ আদিলক স্কুললৈ নিয়াৰ পৰা ঘৰৰ সকলো কাম বিনোদে কৰিছিল। কামৰ বাবে ভৱ্যা প্ৰায়ে বাহিৰত থাকিছিল। ২৪ ডিচেম্বৰৰ নিশা বিনোদে ভিডিঅ’ কলৰ জৰিয়তে ভব্যাৰ সৈতে কথা পাতিছিল। সেই ভিডিঅ’ কলতে দ্বিতীয় স্বামী আনীশক দেখা পায় বিনোদে। আনীশে বিনোদক গাজিয়াবাদ এৰি আঁতৰি যাবলৈ কৈ প্ৰাণে মৰাৰ ভাবুকি দিয়ে। এই কথা শুনি বিনোদৰ প্ৰচণ্ড খং উঠে আৰু তেওঁ ভৱ্যাক হত্যা কৰাৰ সিদ্ধান্ত ল’লে।

বিনোদ শৰ্মা আৰু ভৱ্যা শৰ্মা

২৫ ডিচেম্বৰত ভৱ্যা ঘৰলৈ অহাৰ পাছত স্বামী বিনোদে তেওঁৰ সৈতে সুৰাপান কৰে। বিনোদে ভৱ্যাক প্ৰচুৰ পৰিমাণে মদ খোৱায়। মদ্যপান কৰি তেওঁ বিচনাত শুই পৰে আৰু সেই সময়তে ভৱ্যাৰ পেটত শাক-পাচলি কটা কটাৰীৰে আঘাত কৰি হত্যা কৰে বিনোদে।

ভব্যাৰ পেটত অপাৰেচনৰ চিন থকা ঠাইত বিনোদে ছুৰীৰে আঘাত কৰিছিল। তেওঁ ভাবিছিল যে আৰক্ষীয়ে ঘাঁটোক অপাৰেচনৰ কাট বুলি গণ্য কৰিব আৰু কোনেও একো জানিব নোৱাৰিব। কিন্তু অপৰাধ কৰি কোনো সাৰি যাব নোৱাৰে। আৰক্ষীয়ে বিনোদ শৰ্মাক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক