--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিকালি বিশ্বৰ বেছিভাগ ঠাইতে মানৱতাৰ অন্ত পৰা দেখা গৈছে।  বহু সময়ত এনে খবৰবোৰো চৰ্চালৈ আহে যেতিয়া মানুহে অলপ টকাৰ বিনিময়ত ইজনে সিজনক হত্যা কৰিবলৈও চিন্তা নকৰে। এনে পৰিস্থিতিত কিছুমান মানুহ ব্যতিক্ৰম হিচাপে আগবাঢ়ি আহে আৰু তেওঁলোকে মানুহক সহায় কৰে। যিবোৰ দেখি  মানৱতা জীয়াই থকাৰ আভাস পোৱা যায়।

এই ভিডিঅ'টো ২০১৯ চনৰে। ভিডিঅ’টো দিল্লীত ৰেকৰ্ডিং কৰা হৈছিল। মূল পোষ্টটোৰ মতে, দিল্লীৰ ডি ডি ইউ হাস্পতাল,হৰি নগৰৰ পৰা এজন সংকটজনক ৰোগীক আৰএমএল হাস্পতাললৈ বদলি কৰি থকা অৱস্থাত এম্বুলেন্সখন মাজ বাটত বিকল হৈ পৰে। অৱশ্যে দুজন বাইকাৰৰ কৃপাত ৰোগীজনক চিকিৎসালয়লৈ লৈ যোৱা হয়।

শেহতীয়াকৈ এই পুৰণি ভিডিঅ'টো পুনৰ চৰ্চালৈ আহিছে, ভিডিঅটো দেখি এনে লাগে যে এয়া যেন উত্তম মানৰ "মানৱতা" জীয়াই ৰখাৰ প্ৰয়াস। ভিডিঅ’টো পুৰণি হ’লেও,  ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পাছত আকৌ এবাৰ ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে, এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আইপিএছ বিষয়া দিপাংশু কবৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ইয়াৰ প্ৰতি।


ভাইৰেল হোৱা ভিডিঅ’টোত গভীৰ নিশা পথত এখন এম্বুলেন্স দেখা গৈছে। কোন দুজন বাইক আৰোহীয়ে দ্ৰুতগতিত আগবাঢ়ি যোৱা দেখা গৈছে। এই কথা দেখি অনুমান কৰিব পাৰি যে বাইক আৰোহীয়ে গভীৰ নিশা এম্বুলেন্সখন বেয়া হোৱাৰ সময়ত উপস্থিত ৰোগীজনৰ জীৱন ৰক্ষাৰ বাবে এনে পদক্ষেপ লৈছে।

ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত আইপিএছ বিষয়া দিপাংশু কাবৰাই কেপচনত লিখিছে, ‘ৰোগীজনক আন এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰি থাকোঁতে গভীৰ নিশা এম্বুলেন্সখন বিকল হৈ পৰে। কাষেৰে পাৰ হৈ যোৱা দুজন বাইকাৰে এঞ্জেলৰ দৰে আহি এম্বুলেন্সখনক এইদৰে প্ৰায় ১২ কিলোমিটাৰ ঠেলি সহায় কৰিলে।' ছ’চিয়েল মিডিয়াত ভিডিঅ’টো ওলোৱাৰ লগে লগে সকলোৰে হৃদয় জয় কৰিলে। একে সময়তে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰা দেখা গৈছে। ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত ৭২ হাজাৰতকৈ অধিক ভিউ লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক