--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিকালি বিশ্বৰ বেছিভাগ ঠাইতে মানৱতাৰ অন্ত পৰা দেখা গৈছে।  বহু সময়ত এনে খবৰবোৰো চৰ্চালৈ আহে যেতিয়া মানুহে অলপ টকাৰ বিনিময়ত ইজনে সিজনক হত্যা কৰিবলৈও চিন্তা নকৰে। এনে পৰিস্থিতিত কিছুমান মানুহ ব্যতিক্ৰম হিচাপে আগবাঢ়ি আহে আৰু তেওঁলোকে মানুহক সহায় কৰে। যিবোৰ দেখি  মানৱতা জীয়াই থকাৰ আভাস পোৱা যায়।

এই ভিডিঅ'টো ২০১৯ চনৰে। ভিডিঅ’টো দিল্লীত ৰেকৰ্ডিং কৰা হৈছিল। মূল পোষ্টটোৰ মতে, দিল্লীৰ ডি ডি ইউ হাস্পতাল,হৰি নগৰৰ পৰা এজন সংকটজনক ৰোগীক আৰএমএল হাস্পতাললৈ বদলি কৰি থকা অৱস্থাত এম্বুলেন্সখন মাজ বাটত বিকল হৈ পৰে। অৱশ্যে দুজন বাইকাৰৰ কৃপাত ৰোগীজনক চিকিৎসালয়লৈ লৈ যোৱা হয়।

শেহতীয়াকৈ এই পুৰণি ভিডিঅ'টো পুনৰ চৰ্চালৈ আহিছে, ভিডিঅটো দেখি এনে লাগে যে এয়া যেন উত্তম মানৰ "মানৱতা" জীয়াই ৰখাৰ প্ৰয়াস। ভিডিঅ’টো পুৰণি হ’লেও,  ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পাছত আকৌ এবাৰ ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে, এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আইপিএছ বিষয়া দিপাংশু কবৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ইয়াৰ প্ৰতি।


ভাইৰেল হোৱা ভিডিঅ’টোত গভীৰ নিশা পথত এখন এম্বুলেন্স দেখা গৈছে। কোন দুজন বাইক আৰোহীয়ে দ্ৰুতগতিত আগবাঢ়ি যোৱা দেখা গৈছে। এই কথা দেখি অনুমান কৰিব পাৰি যে বাইক আৰোহীয়ে গভীৰ নিশা এম্বুলেন্সখন বেয়া হোৱাৰ সময়ত উপস্থিত ৰোগীজনৰ জীৱন ৰক্ষাৰ বাবে এনে পদক্ষেপ লৈছে।

ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত আইপিএছ বিষয়া দিপাংশু কাবৰাই কেপচনত লিখিছে, ‘ৰোগীজনক আন এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰি থাকোঁতে গভীৰ নিশা এম্বুলেন্সখন বিকল হৈ পৰে। কাষেৰে পাৰ হৈ যোৱা দুজন বাইকাৰে এঞ্জেলৰ দৰে আহি এম্বুলেন্সখনক এইদৰে প্ৰায় ১২ কিলোমিটাৰ ঠেলি সহায় কৰিলে।' ছ’চিয়েল মিডিয়াত ভিডিঅ’টো ওলোৱাৰ লগে লগে সকলোৰে হৃদয় জয় কৰিলে। একে সময়তে সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰা দেখা গৈছে। ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত ৭২ হাজাৰতকৈ অধিক ভিউ লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু