--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দুবছৰত বন্ধ হ’ল ১০ হাজাৰ ব্যক্তিগত বিদ্যালয়। আমাৰ দেশত চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ৰ মাজত বহু কথাত মতানৈক্য আছে, শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে দুবছৰত চৰকাৰী বিদ্যালয়ত পঢ়া শিশুৰ সংখ্যা বৃদ্ধি পাইছে, আনহাতে ব্যক্তিগত বিদ্যালয়ত এই সংখ্যা অতি কম। ইয়াৰ বাবেই প্ৰায় ১০ হাজাৰ ব্যক্তিগত বিদ্যালয় বন্ধ হৈ থকাৰ কথাও প্ৰতিবেদনত প্ৰকাশ পাইছে। একে সময়তে নতুন ব্যক্তিগত বিদ্যালয় খোলাৰ বাবেও ৪ গুণ বৃদ্ধি পাইছে আবেদন।

লাভ কৰা তথ্য অনুসৰি যোৱা এবছৰত ব্যক্তিগত বিদ্যালয় খোলাৰ বাবে আৱেদন ৪.৩৮ গুণ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ২০২১ চনত মুঠ ২,০৬৬ খন নতুন আবেদন আহিছিল। আৰু ২০২২ বৰ্ষত ইয়াৰ সংখ্যা হ'ল  ৯,০৫৭ খন । এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২১ বৰ্ষত কৰ’নাৰ বাবে বন্ধ হৈ আছিল ৫৪০৬ খন ব্যক্তিগত বিদ্যালয়। ইয়াৰ সমান্তৰালকৈ  ২০২০ বৰ্ষত ৫,০৫২ খন ব্যক্তিগত বিদ্যালয় বন্ধ আছিল।

এই দুবছৰত ব্যক্তিগত বিদ্যালয়ত পঢ়া শিশুৰ সংখ্যা ৩০.৫২ লাখ হ্রাস পাইছে বুলি প্রতিবেদনত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। একে সময়তে চৰকাৰী বিদ্যালয়ত ২০২১ চনৰ তুলনাত ২০২২ চনত ৪০ লাখ ছাত্ৰ-ছাত্ৰী বৃদ্ধি হৈছে৷ সংবাদ মাধ্যমৰ খবৰ অনুসৰি ২০২১ চনত সমগ্ৰ দেশতে ১.৮৫ কোটি নতুনকৈ প্ৰথম শ্ৰেণীত নামভৰ্তি হৈছে।

মহিলা শিক্ষাৰ কথা ক’বলৈ গ’লে প্ৰতিবেদনত কোৱা হৈছে যে এইবাৰ বিদ্যালয় ত্যাগ কৰাসকলৰ ভিতৰত সৰ্বাধিক সংখ্যক হৈছে ছোৱালী। স্কুল এৰি দিয়া ছোৱালীৰ সংখ্যাৰ কথা ক’বলৈ গ’লে মধ্যপ্ৰদেশৰ প্ৰতি ১০০ গৰাকী ছোৱালীৰ ভিতৰত ২৪ গৰাকীয়ে দশম শ্ৰেণীৰ পূৰ্বে বিদ্যালয় এৰিছে। আনহাতে গুজৰাটত ২০.৯% আৰু বিহাৰত ১৭.৬%। একেদৰে পশ্চিমবংগ (১৫.৭%), ঝাৰখণ্ড (১৩.৭%), ইউ পি (১৩%), হাৰিয়ানা (১২.৩%), ছত্তীশগড় (১১.৪%) আৰু পঞ্জাৱত (১১.১%) পৰিস্থিতি ভাল নহয়। আপোনালোকক কওঁ যে এই ক্ষেত্ৰত চণ্ডীগড় (১.৬%), কেৰেলা (৪.৯%)ত ড্ৰপআউটৰ হাৰ আটাইতকৈ কম।

এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বেছিভাগ বিদ্যালয় বাদ দিয়াৰ আঁৰৰ মূল কাৰণটো হ’ল বিদ্যালয় ব্যৱস্থা। বিদ্যালয়ত শৌচাগাৰৰ সমস্যাৰ বাবে দশম শ্ৰেণীৰ পূৰ্বে বহু ছোৱালীয়ে ত্যাগ কৰিছিল। আনহাতে কিছুসংখ্যকে ঘৰৰ অৱস্থাৰ বাবে স্কুল এৰি যাবলৈ বাধ্য হৈছে। ইয়াৰ বাহিৰেও ৰিপৰ্টত প্ৰকাশ পোৱা আটাইতকৈ ডাঙৰ তথা চাঞ্চল্যকৰ তথ্য হ'ল যে যোৱা ২ বছৰত কৰোনাৰ বাবে স্কুল এৰিছে সৰ্বাধিক শিশুয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ গাইড লাইন মুকলি ৰণোজ পেগুৰ, চৰকাৰী বিদ্যালয়ত শিক্ষার্থী বৃদ্ধিৰ আশা শিক্ষা মন্ত্ৰীৰ
গোসাঁইগাঁৱত বজ্ৰপাতৰ ফলত এজন মাছমৰীয়াৰ কৰুণ মৃত্যু
GMCHত আৰম্ভ হ’ব প্রটন বীম থেৰাপী; অসম হ’ব দেশৰ ভিতৰতে প্ৰথম
বিয়াৰ প্ৰলোভন দি সহবাস, গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ; ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল যুৱতী
ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য