--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ বৰ্ষটো অক্ষয় কুমাৰৰ বাবে একেবাৰে ভাল নাছিল। যোৱা বছৰ তেওঁ অভিনীত চাৰিখন ছবি মুক্তি লাভ কৰিছিল। 'বচ্চন পাণ্ডে', 'সমৰাট পৃথ্বীৰাজ', 'ৰক্ষ বন্ধন' আৰু 'ৰাম ছেঠু' - চাৰিওখন ছবি বক্স অফিচত বিফল হয়। অ’টিটিত মুক্তি পোৱা ‘কটপুতলী’ও গড় ব্যৰ্থ ছবিৰ ভিৰৰ মাজত হেৰাই গৈছে।

নতুন বছৰতো ফ্লপৰ এই ধাৰা অব্যাহত আছে। যোৱা ২৪ ফেব্ৰুৱাৰীত মুক্তি পালে এইবাৰৰ প্ৰথমখন ছবি ‘চেলফি’। সেই ছবিখনৰ বক্স অফিচৰ ফিগাৰবোৰো বৰ আশাব্যঞ্জক নহয়। ৮০ কোটি বাজেট ছবিৰ প্ৰথম উইকেণ্ড ব্যৱসায় বক্স অফিচত ১০ কোটি টকা।

ইফালে বলীউডৰ ‘খিলাদি’ৰ বাবে আৰু বেয়া খবৰ। ‘চেলফি’ৰ ফ্লপৰ পিছত অক্ষয়ৰ পৰৱৰ্তী ছবি ‘অ’ মাই গড ২’ৰ মুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। বাতৰি অনুযায়ী, চিনেমাগৃহত মুক্তি পোৱাটো বহু দূৰৰে কথা, এই ছবিখনে আনকি অ’টিটি প্লেটফৰ্মতো স্থান পোৱা নাই!

‘চেলফী’ৰ বিপৰ্যয়ৰ পিছত অক্ষয়ৰ কোনো ছবি বিতৰকে অভিনেতাগৰাকীৰ পৰৱৰ্তী ছবি ‘অ’ মাই গড ২’ কিনিবলৈ বিচৰা নাই। ফলত ছবিখন ছবিগৃহত মুক্তিৰ সন্দৰ্ভত এটা ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি হৈছে। লগতে কোনো অ’টিটি প্লেটফৰ্মেও অক্ষয়ৰ ছবিখন কিনিবলৈ বিচৰা নাই। ফলত ছবি নিৰ্মাতাসকলে ডিজিটেল মুক্তিৰ জৰিয়তেও সমস্যা সমাধানৰ উপায় বিচাৰি পোৱা নাই।

শেহতীয়াকৈ কেৱল ছবিৰ ক্ষেত্ৰতে নহয়, অনুষ্ঠানৰ ক্ষেত্ৰতো ক্ষতিগ্ৰস্ত হৈছে বলীউডৰ ‘খিলাদি’। টিকটৰ চাহিদা কম হোৱাৰ বাবে ‘দ্য এণ্টাৰটেইনাৰ্ছ’ৰ আমেৰিকা ভ্ৰমণো বাতিল কৰা হৈছে। মুঠৰ ওপৰত অক্ষয় যে কেৰিয়াৰত যথেষ্ট হেঁচাত পৰিছে তাত কোনো সন্দেহ নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক