--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ বৰ্ষটো অক্ষয় কুমাৰৰ বাবে একেবাৰে ভাল নাছিল। যোৱা বছৰ তেওঁ অভিনীত চাৰিখন ছবি মুক্তি লাভ কৰিছিল। 'বচ্চন পাণ্ডে', 'সমৰাট পৃথ্বীৰাজ', 'ৰক্ষ বন্ধন' আৰু 'ৰাম ছেঠু' - চাৰিওখন ছবি বক্স অফিচত বিফল হয়। অ’টিটিত মুক্তি পোৱা ‘কটপুতলী’ও গড় ব্যৰ্থ ছবিৰ ভিৰৰ মাজত হেৰাই গৈছে।

নতুন বছৰতো ফ্লপৰ এই ধাৰা অব্যাহত আছে। যোৱা ২৪ ফেব্ৰুৱাৰীত মুক্তি পালে এইবাৰৰ প্ৰথমখন ছবি ‘চেলফি’। সেই ছবিখনৰ বক্স অফিচৰ ফিগাৰবোৰো বৰ আশাব্যঞ্জক নহয়। ৮০ কোটি বাজেট ছবিৰ প্ৰথম উইকেণ্ড ব্যৱসায় বক্স অফিচত ১০ কোটি টকা।

ইফালে বলীউডৰ ‘খিলাদি’ৰ বাবে আৰু বেয়া খবৰ। ‘চেলফি’ৰ ফ্লপৰ পিছত অক্ষয়ৰ পৰৱৰ্তী ছবি ‘অ’ মাই গড ২’ৰ মুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। বাতৰি অনুযায়ী, চিনেমাগৃহত মুক্তি পোৱাটো বহু দূৰৰে কথা, এই ছবিখনে আনকি অ’টিটি প্লেটফৰ্মতো স্থান পোৱা নাই!

‘চেলফী’ৰ বিপৰ্যয়ৰ পিছত অক্ষয়ৰ কোনো ছবি বিতৰকে অভিনেতাগৰাকীৰ পৰৱৰ্তী ছবি ‘অ’ মাই গড ২’ কিনিবলৈ বিচৰা নাই। ফলত ছবিখন ছবিগৃহত মুক্তিৰ সন্দৰ্ভত এটা ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি হৈছে। লগতে কোনো অ’টিটি প্লেটফৰ্মেও অক্ষয়ৰ ছবিখন কিনিবলৈ বিচৰা নাই। ফলত ছবি নিৰ্মাতাসকলে ডিজিটেল মুক্তিৰ জৰিয়তেও সমস্যা সমাধানৰ উপায় বিচাৰি পোৱা নাই।

শেহতীয়াকৈ কেৱল ছবিৰ ক্ষেত্ৰতে নহয়, অনুষ্ঠানৰ ক্ষেত্ৰতো ক্ষতিগ্ৰস্ত হৈছে বলীউডৰ ‘খিলাদি’। টিকটৰ চাহিদা কম হোৱাৰ বাবে ‘দ্য এণ্টাৰটেইনাৰ্ছ’ৰ আমেৰিকা ভ্ৰমণো বাতিল কৰা হৈছে। মুঠৰ ওপৰত অক্ষয় যে কেৰিয়াৰত যথেষ্ট হেঁচাত পৰিছে তাত কোনো সন্দেহ নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী