--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈপ্লৱিক বিয়া পাতিছে স্বাৰা ভাস্কৰে। অভিনেত্ৰীগৰাকীৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰত বিপ্লৱ আৰু প্ৰেমৰ সংযোগ দখা গৈছে! ১৬ ফেব্ৰুৱাৰীত তেওঁলোকৰ আইনী বিবাহ সম্পূৰ্ণ হয়। এইবাৰ আনুষ্ঠানিক বিয়াৰ সময়। ১১ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ স্বৰাৰ মাকৰ ঘৰতে বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব।

ইতিমধ্যে অতিথিবৰ্গলৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে। স্বৰা-ফহাদৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰত থকা নতুনত্বৰ বাবেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বিয়াৰ কাৰ্ডখনত লিখা আছে, ''কেতিয়াবা আপুনি এনেকুৱা এটাৰ সন্ধানত আছে, যিটো কাষতে থাকে। আমি প্ৰেম বিচাৰি আছিলো, কিন্তু বন্ধুত্ব পালোঁ।’’

বছৰটো ২০১৯। দিল্লীত অব্যাহত আছে নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ। সমাজবাদী পাৰ্টিৰ যুৱ নেতা ফাহাদ আহমেদে ২০২০ চনৰ জানুৱাৰী মাহত সেই প্ৰতিবাদী মঞ্চত স্বাৰাক সাক্ষাৎ কৰিছিল। সেইয়াই প্ৰথম সাক্ষাৎ। সেইোবেই স্বাৰাৰ বিয়াৰ নিমন্ত্ৰণত CAA, NRCৰ বিৰুদ্ধে শ্লোগান আছে। গালিবৰ উল্লেখ আছে। গালিব আন কোনো নহয়, স্বাৰাৰ পোহনীয়া মেকুৰীটোৰ নাম।

সমগ্ৰ নিমন্ত্ৰণ কাৰ্ডখন মুম্বাই থিমত সজাই তোলা হৈছে। য’ত মেৰিন ড্ৰাইভ আছে তাত ‘দিলৱালে দুলহানিয়া লে জায়েংগে’ৰ পোষ্টাৰো আছে। ''হম কাগজ নেহি দিখায়েংগে’’, ''হুম সব এক হায়’’, ''হুম ভাৰত কে লগ’’, 'ইনক্লাব জিন্দাবাদ’ আদি শ্লোগানো তাত লিখা আছে। এক কথাত ক’বলৈ গ’লে স্বাৰাৰ এই বিয়াৰ নিমন্ত্ৰণী পত্ৰখন প্ৰেম আৰু বিপ্লৱৰ এক অনন্য মিশ্ৰণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement