--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দেৱভূমিৰ দুৱাৰ' হিচাবে পৰিচিত  যোশীমঠত আতংক এতিয়াও কমা নাই। যোৱা বছৰ যোশী মঠত বহু ঘৰত হঠাতে ফাট মেলিবলৈ লোৱাৰ লগতে বহু ঠাই তললৈ বহি গৈছিল।   সমগ্ৰ চহৰখনৰ ঘৰত  ফাট সৃষ্টি হৈছিল। ভূতাত্ত্বিকসকলে কৈছিল যে যোশীমঠৰ বেছিভাগ এলেকা  'ডুব যাবলৈ ' আৰম্ভ কৰিছে। তথাপিও ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে  ডুব যোৱা চহৰখনক বচাবলৈ যথেষ্ট চেষ্টা কৰি আছিল। শেহতীয়াকৈ খবৰ পোৱা গৈছে  যে  যোশীমঠৰ কমেও ১,০০০ টা ঘৰ  শীঘ্ৰে  ভাঙি পেলাব লাগিব।সেইবোৰৰ বেছিভাগেই সাধাৰণ মানুহৰ ঘৰ।  যোশীমঠৰ বাসিন্দাসকলে চৰকাৰৰ পৰা উচ্ছেদৰ জাননী পোৱাৰ পিছত এতিয়া মূৰে-কপালে হাত দিছে। 

 ২০২৩ চনৰ জানুৱাৰীত মাহত যোশী মঠৰ বহু ঘৰত হঠাতে ফাট মেলিবলৈ লোৱাৰ পিছৰে পৰা বহু ঠাই খালী কৰা হৈছিলকেন্দ্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে যোশী মঠৰ দুৰ্যোগকলৈ প্ৰতিবেদন দাখিল কৰিছে।প্ৰতিবেদনত কোৱা হৈছে যে যদি কিছুমান এলেকা খালি কৰিব পাৰি তেন্তে  ডুব যোৱা চহৰখনক ৰক্ষা কৰিব পৰা যাব। প্ৰতিবেদন অনুসৰি, যোশীমঠৰ ৩৫  শতাংশ এলেকা হৈছে এক 'উচ্চ বিপদাশংকা ক্ষেত্ৰ'।

 চলিত বৰ্ষৰ জানুৱাৰী মাহত যোশীমঠৰ ঘৰত ফাট মেলা বিষয়টোকলৈ  সমগ্ৰ দেশতে উদ্বেগ বৃদ্ধি পাইছিল। পদ্মভূষণ-বিজয়ী পৰিৱেশবিদ অনিল যোশীয়ে কয়, "প্ৰশাসনে এই ক্ষেত্ৰত কোনো মনোযোগ দিয়া নাই। অন্ততঃ মই যোশীমঠৰ অৱস্থাত একেবাৰে আচৰিত নহয়। ১৯৭৬ চনৰ পৰা এই বিষয়টোৱে  সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। কিন্তু কোনেও ইয়াক গুৰুত্বসহকাৰে লোৱা নাই। এতিয়া উপযুক্ত পদক্ষেপ লোৱা প্ৰয়োজন যাতে অনাগত দিনবোৰত এই সমস্যা বৃদ্ধি নহয়। "

মন কৰিবলগীয়া যে কেৱল যোশীমঠতে নহয়, কৰ্ণপ্ৰয়াগ, উত্তৰকাশী, গুপ্তকাশী, ঋষিকেশ, নয়নিতাল, মুচুৰীকে ধৰি বহু ঠাইতো বহু ঘৰত  ফাট মেলিছে। হৈছে। এক কথাত ক’বলৈ গ’লে মাটিৰ তললৈ ক্ৰমাৎ সোমাই গৈছে যোশীমঠ চহৰ। আৰু হয়তোকিছুদিনৰ পিছতেচহৰ খনৰ কোনো চিনেই নাথাকিব। উত্তৰাখণ্ডৰ এইচহৰ খনৰ এনে বিপৰ্যয় হ'ল কিয়? শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি যোশীমঠৰ দুৰ্যোগৰ বাবে দায়ী  জলবিদ্যুৎ প্ৰকল্পৰ বাবে খনন কৰা এটা সুৰংগ। 

 ২০০৯ চনত খনন আৰম্ভ কৰা এইসুৰংগটোৱে প্ৰকৃতিৰ দ্বাৰা সৃষ্ট  বিশাল জলাশয়ত স্পৰ্শ কৰিছিল। ফলত  হাজাৰ গেলন পানী সেই জলাধাৰৰ পৰা ওলাই আহিছিল। লাহে লাহে জলাধাৰটো শুকাই যোৱাৰ ফলত পানীৰ অন্যান্য উৎসও শুকাই যায় আৰু সমগ্ৰ এলেকাটো ফোপোলা হৈ পৰে।  বিশেষজ্ঞসকলে দাবী কৰিছে  যে বিশাল জলাশয়টো শুকাই যোৱাৰ বাবেই   অঞ্চলটোৰ মাটি শুকাই গৈছে আৰু ফোঁপোলা হৈ পৰিছে।

 ফলস্বৰূপে ওপৰৰ সকলো বস্তু ক্ৰমাৎ তললৈ বহি গৈছে। যোশীমঠ চহৰ মুখ্যতঃ ভূমিস্খলন প্ৰৱণ এলেকাত অৱস্থিত এখন চহৰ। গতিকে তাত মাটি ঢিলা হৈয়েই থাকে । ইয়াৰ লগতে  মুক্তভাৱে পাহাৰ কাটি চহৰখনৰ সম্প্ৰসাৰণ কৰা, জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা, ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে মাটি কটাৰ ফলত পৰিস্থিতি অধিক বেয়াৰ পিনে গতি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান