--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমান সুৰক্ষা নিয়ম উলংঘনৰ অভিযোগত   এয়াৰ ইণ্ডিয়াক১.১ কোটি টকাৰ জৰিমনা বিহিছে  অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে। অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে  বুধবাৰে প্ৰকাশ কৰাৱ মতে  "গুৰুত্বপূৰ্ণ" কিছুমান দীৰ্ঘ দূৰত্বৰ পথত পৰিচালিত বিমানৰ সুৰক্ষা নিয়ম উলংঘা কৰাৰ বাবেই এয়াৰ ইণ্ডিয়াক ১.১ কোটি টকাৰ জৰিমনা বিহা হৈছে। টাটা গ্ৰুপ-পৰিচালিত এয়াৰলাইনছটোৱে নিৰ্দেশনা আৰু নিয়ম অনুসৰণ নকৰাৰ বাবে বিমান পৰিবহন নিয়ন্ত্ৰকৰ ৰোষত পৰিবলগীয়া হৈছে। 

অৱশ্যে এনে ঘটনাৰ এয়াই   প্ৰথম উদাহৰণ নহয়। এই মাহৰ আৰম্ভণিতে এয়াৰ ইণ্ডিয়াক কুঁৱলীৰ মাজতে  কম দৃশ্যমানতাত অৱতৰণ কৰিবলৈ প্ৰশিক্ষণ প্ৰাপ্ত পৰ্যাপ্ত পাইলট মকৰল নকৰাৰ বাবে ৩০  লাখ টকা জৰিমনা বিহা হৈছিল।   কেট-৩ অৱতৰণ প্ৰণালী সমগ্ৰ ভাৰতৰ মুখ্য বিমানবন্দৰসমূহত  ব্যৱহাৰ কৰা হয় যাতে পাইলটসকলে তেওঁলোকৰ বিমান অৱতৰণ কৰিব পাৰে যেতিয়া দৃশ্যমানতা ৫০  মিটাৰলৈকে কম হয়। অৱশ্যে, এই প্ৰণালীটো ব্যৱহাৰ কৰিবলৈ  পাইলটক প্ৰশিক্ষণ দিব লাগে। 

এই মাহৰ আৰম্ভণিতে, ঘন কুঁৱলীৰ বাবে সমগ্ৰ দেশত শ শ বিমানৰ উৰণ  বিলম্বিত বা বাতিল কৰা হৈছিল।বিমান পৰিবহন  নিয়ন্ত্ৰকে বুধবাৰে কৈছে  যে এয়াৰ ইণ্ডিয়াৰ এজন কৰ্মচাৰীৰ পৰা "স্বেচ্ছামূলক সুৰক্ষা প্ৰতিবেদন" পোৱাৰ পিছত এক "বিস্তৃত" অনুসন্ধান আৰম্ভ কৰা হৈছিল।কৰ্মচাৰীগৰাকীয়ে  "দীঘলীয়া দূৰত্বৰ ভূখণ্ডৰ গুৰুত্বপূৰ্ণ পথত" পৰিচালনা কৰা এয়াৰলাইনৰ বিমানত "সুৰক্ষা উলংঘন" হোৱা বুলি অভিযোগ কৰিছিল।  অনুসন্ধানৰ পিছত  এয়াৰ ইণ্ডিয়া লিমিটেডৰ সংস্লিষ্ট মেনেজাৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল। কিন্তু  সুৰক্ষা সম্পৰ্কী নীতি পালনৰ ক্ষেত্ত বিমান পৰিবহন সংস্থাটোৱে দিয়া যুক্তি দুৰ্বল আছেস । সেয়ে   এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ১.১০ কোটি টকাৰ জৰিমনা আৰোপ কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন