--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমান সুৰক্ষা নিয়ম উলংঘনৰ অভিযোগত   এয়াৰ ইণ্ডিয়াক১.১ কোটি টকাৰ জৰিমনা বিহিছে  অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে। অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে  বুধবাৰে প্ৰকাশ কৰাৱ মতে  "গুৰুত্বপূৰ্ণ" কিছুমান দীৰ্ঘ দূৰত্বৰ পথত পৰিচালিত বিমানৰ সুৰক্ষা নিয়ম উলংঘা কৰাৰ বাবেই এয়াৰ ইণ্ডিয়াক ১.১ কোটি টকাৰ জৰিমনা বিহা হৈছে। টাটা গ্ৰুপ-পৰিচালিত এয়াৰলাইনছটোৱে নিৰ্দেশনা আৰু নিয়ম অনুসৰণ নকৰাৰ বাবে বিমান পৰিবহন নিয়ন্ত্ৰকৰ ৰোষত পৰিবলগীয়া হৈছে। 

অৱশ্যে এনে ঘটনাৰ এয়াই   প্ৰথম উদাহৰণ নহয়। এই মাহৰ আৰম্ভণিতে এয়াৰ ইণ্ডিয়াক কুঁৱলীৰ মাজতে  কম দৃশ্যমানতাত অৱতৰণ কৰিবলৈ প্ৰশিক্ষণ প্ৰাপ্ত পৰ্যাপ্ত পাইলট মকৰল নকৰাৰ বাবে ৩০  লাখ টকা জৰিমনা বিহা হৈছিল।   কেট-৩ অৱতৰণ প্ৰণালী সমগ্ৰ ভাৰতৰ মুখ্য বিমানবন্দৰসমূহত  ব্যৱহাৰ কৰা হয় যাতে পাইলটসকলে তেওঁলোকৰ বিমান অৱতৰণ কৰিব পাৰে যেতিয়া দৃশ্যমানতা ৫০  মিটাৰলৈকে কম হয়। অৱশ্যে, এই প্ৰণালীটো ব্যৱহাৰ কৰিবলৈ  পাইলটক প্ৰশিক্ষণ দিব লাগে। 

এই মাহৰ আৰম্ভণিতে, ঘন কুঁৱলীৰ বাবে সমগ্ৰ দেশত শ শ বিমানৰ উৰণ  বিলম্বিত বা বাতিল কৰা হৈছিল।বিমান পৰিবহন  নিয়ন্ত্ৰকে বুধবাৰে কৈছে  যে এয়াৰ ইণ্ডিয়াৰ এজন কৰ্মচাৰীৰ পৰা "স্বেচ্ছামূলক সুৰক্ষা প্ৰতিবেদন" পোৱাৰ পিছত এক "বিস্তৃত" অনুসন্ধান আৰম্ভ কৰা হৈছিল।কৰ্মচাৰীগৰাকীয়ে  "দীঘলীয়া দূৰত্বৰ ভূখণ্ডৰ গুৰুত্বপূৰ্ণ পথত" পৰিচালনা কৰা এয়াৰলাইনৰ বিমানত "সুৰক্ষা উলংঘন" হোৱা বুলি অভিযোগ কৰিছিল।  অনুসন্ধানৰ পিছত  এয়াৰ ইণ্ডিয়া লিমিটেডৰ সংস্লিষ্ট মেনেজাৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল। কিন্তু  সুৰক্ষা সম্পৰ্কী নীতি পালনৰ ক্ষেত্ত বিমান পৰিবহন সংস্থাটোৱে দিয়া যুক্তি দুৰ্বল আছেস । সেয়ে   এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ১.১০ কোটি টকাৰ জৰিমনা আৰোপ কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক