--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: আপুনি কাকতত দুৰ্ঘটনা সম্পৰ্কীয় বহু গোচৰ পঢ়ে বা টিভিত চায়। বহু সময়ত ঘৰ আৰু পৰিয়ালত দুৰ্ঘটনা ঘটি থকা দেখিছে বা শুনিছে চাগে। দুৰ্ঘটনাৰ পাছত প্ৰায়ে কোৱা এটা কথা হ’ল দুৰ্ঘটনা বা গুৰুতৰ আঘাতৰ পাছত পানী দিব নালাগে। এনে পৰিস্থিতিত নিশ্চিতভাৱে মনত এটা প্ৰশ্ন উত্থাপন হয় যে দুৰ্ঘটনাৰ পাছত পানী কিয় দিব নালাগে? আজি আমি এই প্ৰশ্নৰ উত্তৰ অলপ গৱেষণামূলক পদ্ধতিৰে জনাবলৈ চেষ্টা কৰিম । এয়া কেৱল ‘মুখে মুখে প্ৰচলিত প্ৰবাদ’ নে ইয়াৰ আঁৰত ‘বৈজ্ঞানিক কাৰণ’ আছে জানো আহক।

চিকিৎসকৰ মতে, আহত লোক বিশেষকৈ যিসকল দুৰ্ঘটনাৰ পাছত সম্পূৰ্ণ অচেতন অৱস্থাত থাকে। কেতিয়াও সিহঁতক পানী খুৱাবলৈ চেষ্টা নকৰিব। এনে কৰিলে কি হয়, মুখৰ পৰা পানী নাকৰ ফুটাত প্ৰৱেশ কৰিব পাৰে আৰু উশাহ বন্ধ হোৱাৰ ফলত মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে পানী খালে মেৰুদণ্ড, শ্বাসনালী, অন্ত্ৰ আৰু শৰীৰৰ অন্যান্য অংশৰ ক্ষতি হ’ব পাৰে। আপোনাৰ পাচনতন্ত্ৰতো বহু প্ৰভাৱ পেলাব পাৰে। বহু সময়ত এনেকুৱা হয় যে কোনো দুৰ্ঘটনাৰ বাবে আপুনি আভ্যন্তৰীণ আঘাত পায়। ইয়াৰ পাছত যদি আপুনি পানী খায় তেন্তে আপুনি বমি হ’বলৈ আৰম্ভ কৰিব পাৰে বা পেটৰ সমস্যা হ’ব পাৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ভুক্তভোগীয়ে পানী বিচাৰিলেও সজাগ হ’ব লাগিব। যদি আপুনি কোনোবা দুৰ্ঘটনাৰশত আঘাতপ্ৰাপ্ত লোক এজনৰ ওচৰত থিয় হৈ আছে তেন্তে ভুলতেও পানী নিদিব। কাৰণ আঘাত হ’লে আভ্যন্তৰীণ ব্লিডিং হ’ব পাৰে। পানী খোৱাৰ পাছত শ্বাসৰুদ্ধ হোৱাৰ ফলত আভ্যন্তৰীণ সংক্ৰমণ আৰু মৃত্যুও হ’ব পাৰে। লগতে এনে ব্যক্তিৰ নিউমোনিয়া হোৱাৰ আশংকাও বৃদ্ধি পায়।

দুৰ্ঘটনাটোত যদি কোনো গুৰুতৰ আঘাত হয় তেন্তে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে। কিন্তু এয়া দুৰ্ঘটনাটোত আপুনি কিমান আঘাত পাইছিল তাৰ ওপৰত নিৰ্ভৰ কৰে। তেন্তে এনে পৰিস্থিতিত পানী খোৱাটো উচিত নহয়। সাৱধানতা হিচাপে চিকিৎসকে অস্ত্ৰোপচাৰৰ ঠিক আগতে পানী বা কোনো ধৰণৰ ৰস খোৱাৰ অনুমতি নিদিয়ে। কাৰণ যদি আপুনি অধিক তৰল পদাৰ্থ গ্ৰহণ কৰে তেন্তে আপুনি বমি কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ হাওঁফাওঁতো প্ৰভাৱ পৰিব পাৰে আৰু নিউমোনিয়াৰো সৃষ্টি হ’ব পাৰে।

মুঠৰ ওপৰত আমি এই সিদ্ধান্তত উপনীত হৈছো যে কেনেধৰণৰ ‘দুৰ্ঘটনা’ হ'লে আমি পানী খাব লাগিব নে নালাগে সেয়া দুৰ্ঘটনাৰ ওপৰত নিৰ্ভৰ কৰে। যদি দুৰ্ঘটনাটো সৰু আৰু আপুনি এনেদৰে পৰি গৈছে তেন্তে এঘণ্টা বা দুঘণ্টাৰ পিছত অলপ সময় বহি পানী খাব পাৰে, কিন্তু ডাক্তৰক দেখুৱাৰ পাছত। কিন্তু যদি দুৰ্ঘটনাটো গুৰুতৰ আৰু আপুনি ভয়ংকৰ আঘাত পাইছে, তেন্তে পানী খোৱাৰ একেবাৰেই প্ৰয়োজন নাই, কাৰণ ইয়াৰ ফলত শৰীৰৰ ভিতৰত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। যাৰ ফলত পাছলৈ গুৰুতৰ ৰোগ হ’ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক