--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: আপুনি কাকতত দুৰ্ঘটনা সম্পৰ্কীয় বহু গোচৰ পঢ়ে বা টিভিত চায়। বহু সময়ত ঘৰ আৰু পৰিয়ালত দুৰ্ঘটনা ঘটি থকা দেখিছে বা শুনিছে চাগে। দুৰ্ঘটনাৰ পাছত প্ৰায়ে কোৱা এটা কথা হ’ল দুৰ্ঘটনা বা গুৰুতৰ আঘাতৰ পাছত পানী দিব নালাগে। এনে পৰিস্থিতিত নিশ্চিতভাৱে মনত এটা প্ৰশ্ন উত্থাপন হয় যে দুৰ্ঘটনাৰ পাছত পানী কিয় দিব নালাগে? আজি আমি এই প্ৰশ্নৰ উত্তৰ অলপ গৱেষণামূলক পদ্ধতিৰে জনাবলৈ চেষ্টা কৰিম । এয়া কেৱল ‘মুখে মুখে প্ৰচলিত প্ৰবাদ’ নে ইয়াৰ আঁৰত ‘বৈজ্ঞানিক কাৰণ’ আছে জানো আহক।

চিকিৎসকৰ মতে, আহত লোক বিশেষকৈ যিসকল দুৰ্ঘটনাৰ পাছত সম্পূৰ্ণ অচেতন অৱস্থাত থাকে। কেতিয়াও সিহঁতক পানী খুৱাবলৈ চেষ্টা নকৰিব। এনে কৰিলে কি হয়, মুখৰ পৰা পানী নাকৰ ফুটাত প্ৰৱেশ কৰিব পাৰে আৰু উশাহ বন্ধ হোৱাৰ ফলত মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে পানী খালে মেৰুদণ্ড, শ্বাসনালী, অন্ত্ৰ আৰু শৰীৰৰ অন্যান্য অংশৰ ক্ষতি হ’ব পাৰে। আপোনাৰ পাচনতন্ত্ৰতো বহু প্ৰভাৱ পেলাব পাৰে। বহু সময়ত এনেকুৱা হয় যে কোনো দুৰ্ঘটনাৰ বাবে আপুনি আভ্যন্তৰীণ আঘাত পায়। ইয়াৰ পাছত যদি আপুনি পানী খায় তেন্তে আপুনি বমি হ’বলৈ আৰম্ভ কৰিব পাৰে বা পেটৰ সমস্যা হ’ব পাৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ভুক্তভোগীয়ে পানী বিচাৰিলেও সজাগ হ’ব লাগিব। যদি আপুনি কোনোবা দুৰ্ঘটনাৰশত আঘাতপ্ৰাপ্ত লোক এজনৰ ওচৰত থিয় হৈ আছে তেন্তে ভুলতেও পানী নিদিব। কাৰণ আঘাত হ’লে আভ্যন্তৰীণ ব্লিডিং হ’ব পাৰে। পানী খোৱাৰ পাছত শ্বাসৰুদ্ধ হোৱাৰ ফলত আভ্যন্তৰীণ সংক্ৰমণ আৰু মৃত্যুও হ’ব পাৰে। লগতে এনে ব্যক্তিৰ নিউমোনিয়া হোৱাৰ আশংকাও বৃদ্ধি পায়।

দুৰ্ঘটনাটোত যদি কোনো গুৰুতৰ আঘাত হয় তেন্তে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে। কিন্তু এয়া দুৰ্ঘটনাটোত আপুনি কিমান আঘাত পাইছিল তাৰ ওপৰত নিৰ্ভৰ কৰে। তেন্তে এনে পৰিস্থিতিত পানী খোৱাটো উচিত নহয়। সাৱধানতা হিচাপে চিকিৎসকে অস্ত্ৰোপচাৰৰ ঠিক আগতে পানী বা কোনো ধৰণৰ ৰস খোৱাৰ অনুমতি নিদিয়ে। কাৰণ যদি আপুনি অধিক তৰল পদাৰ্থ গ্ৰহণ কৰে তেন্তে আপুনি বমি কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ হাওঁফাওঁতো প্ৰভাৱ পৰিব পাৰে আৰু নিউমোনিয়াৰো সৃষ্টি হ’ব পাৰে।

মুঠৰ ওপৰত আমি এই সিদ্ধান্তত উপনীত হৈছো যে কেনেধৰণৰ ‘দুৰ্ঘটনা’ হ'লে আমি পানী খাব লাগিব নে নালাগে সেয়া দুৰ্ঘটনাৰ ওপৰত নিৰ্ভৰ কৰে। যদি দুৰ্ঘটনাটো সৰু আৰু আপুনি এনেদৰে পৰি গৈছে তেন্তে এঘণ্টা বা দুঘণ্টাৰ পিছত অলপ সময় বহি পানী খাব পাৰে, কিন্তু ডাক্তৰক দেখুৱাৰ পাছত। কিন্তু যদি দুৰ্ঘটনাটো গুৰুতৰ আৰু আপুনি ভয়ংকৰ আঘাত পাইছে, তেন্তে পানী খোৱাৰ একেবাৰেই প্ৰয়োজন নাই, কাৰণ ইয়াৰ ফলত শৰীৰৰ ভিতৰত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। যাৰ ফলত পাছলৈ গুৰুতৰ ৰোগ হ’ব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস