--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এটা ভয়ংকৰ দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাইছিল যুৱকজনে। এই আকস্মিক দুৰ্ঘটনাই একপ্ৰকাৰ তেওঁৰ জীৱন কৰি পেলাইছিল থানবান। কিন্তু হাৰ মানি লোৱা নাছিল তেওঁ। দুখন কৃত্ৰিম ভৰিৰ সহায়তেই তেওঁ এতিয়া যি কাম কৰিছে সেয়া সকলোৰে বাবে আশ্বৰ্যৰ কাৰণ হৈ পৰিছে। বিশ্বৰ সাতোখন মহাদেশৰ আটাইতকৈ ওখ পৰ্বত শৃংগ আৰোহণৰ লক্ষ্য লৈ তেওঁ আৰম্ভ কৰিছে এটা অনন্য অভিযান। ইতিমধ্যে তিনিখন মহাদেশৰ তিনিটা ওখ শৃংগত তেওঁ উৰুৱাবলৈ সক্ষম হৈছে ত্ৰিৰংগা। চত্তিছগড়ৰ এই ২৯বছৰীয়া যুৱকজনৰ নাম হৈছে চিত্ৰসেন চাহু। সৰুৰে পৰাই তেওঁ ঘূৰি-ফুৰা কৰি, পাহাৰ বগাই, অৰণ্যত ছাফাৰি কৰি, এডভেন্সাৰত অংশ লৈ ভাল পাইছিল। কিন্তু এটা দুৰ্ঘটনাই তেওঁৰ জীৱনৰ স্বচ্ছন্দ গতি কৰি তুলিছিল ৰুদ্ধ। কিন্তু চিত্ৰসেন থমকি ৰোৱা লোক নাছিল।

দুখন কৃত্ৰিম ভৰি সংযোজিত কৰি তেওঁ পুনৰ ঠিয় হৈছিল। কেৱল এয়াই নহয় তেওঁ পুনৰ নিজৰ পচন্দৰ কামবোৰ কৰাও আৰম্ভ কৰি দিছিল। দুৰ্ঘটনাৰ পাছৰ পৰা তেওঁ বাস্কেটবল খেলা আৰম্ভ কৰে আৰু সৰু সৰু ট্ৰেকিং কৰা আৰম্ভ কৰে। এই কামবোৰৰ পৰা তেওঁ আত্মবিশ্বাস গোটাবলৈ সক্ষম হ’ল।

তাৰ পাছতে কিছু প্ৰশিক্ষণ তেওঁ গ্ৰহণ কৰিলে আৰু পৰ্বত বগোৱাত লাগি গ’ল। চিত্ৰসেনৰ লক্ষ্য হৈছে বিশ্বৰ সাতোখন মহাদেশৰ সাতোটা উচ্চতম শৃংগত আৰোহণ কৰা। এতিয়ালৈ তেওঁ ইউৰোপ, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ পাহাৰত ত্ৰিৰংগা উৰুৱাবলৈ সক্ষম হৈছে। এইবাৰ চতুৰ্থখন পৰ্বত দক্ষিণ আমেৰিকাৰ Mount Aconcagua বগোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে। মহাদেশখনৰ ভিতৰত এই শৃংগ হৈছে আটাইতকৈ ওখ।

কেৱল এয়াই নহয়, হিমালয় পৰ্বতমালাক বাদ দিলে এয়া বিশ্বৰ অন্যতম উচ্চতম শৃংগ হৈছে Mount Aconcagua। দুয়োখন ভৰিতে কৃত্ৰিম অংগ লগোৱাৰ পাছত মাউণ্ট কিলিমঞ্জাৰো, মাউণ্ট কোছিয়স্কো, মাউণ্ট এলব্ৰুছত আৰোহণ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে।

আৰু পঢ়কঃ এদল তৰুণ শিল্পীৰ তুলিকাৰ পৰশত উজলিছে দিছপুৰৰ নতুন উৰণ সেতু

কেৱল এগৰাকী সফল পৰ্বতাৰোহী হোৱাই নহয়, চিত্ৰসেন নেচনেল হুইলচেয়াৰ বাস্কেটবল দল, তথা নেচনেল পেৰা ছুইমিং দলৰো সদস্য। ১৪ হাজাৰ ফুট উচ্চতাৰ পৰা স্কাই ডাইভিং কৰিও তেওঁ গঢ়ি থৈছে অনন্য ৰেকৰ্ড। তেওঁ স্বীকৃতিপ্ৰপ্ত স্কুবা ডাইভাৰো। তেওঁ আনকি দিব্যাংগসকলৰ ড্ৰাইভিং লাইচেন্সৰ বাব কৰা সংগ্ৰামৰ বাবেও বিশেষভাৱে পৰিচিত হৈ পৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে