--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এটা ভয়ংকৰ দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাইছিল যুৱকজনে। এই আকস্মিক দুৰ্ঘটনাই একপ্ৰকাৰ তেওঁৰ জীৱন কৰি পেলাইছিল থানবান। কিন্তু হাৰ মানি লোৱা নাছিল তেওঁ। দুখন কৃত্ৰিম ভৰিৰ সহায়তেই তেওঁ এতিয়া যি কাম কৰিছে সেয়া সকলোৰে বাবে আশ্বৰ্যৰ কাৰণ হৈ পৰিছে। বিশ্বৰ সাতোখন মহাদেশৰ আটাইতকৈ ওখ পৰ্বত শৃংগ আৰোহণৰ লক্ষ্য লৈ তেওঁ আৰম্ভ কৰিছে এটা অনন্য অভিযান। ইতিমধ্যে তিনিখন মহাদেশৰ তিনিটা ওখ শৃংগত তেওঁ উৰুৱাবলৈ সক্ষম হৈছে ত্ৰিৰংগা। চত্তিছগড়ৰ এই ২৯বছৰীয়া যুৱকজনৰ নাম হৈছে চিত্ৰসেন চাহু। সৰুৰে পৰাই তেওঁ ঘূৰি-ফুৰা কৰি, পাহাৰ বগাই, অৰণ্যত ছাফাৰি কৰি, এডভেন্সাৰত অংশ লৈ ভাল পাইছিল। কিন্তু এটা দুৰ্ঘটনাই তেওঁৰ জীৱনৰ স্বচ্ছন্দ গতি কৰি তুলিছিল ৰুদ্ধ। কিন্তু চিত্ৰসেন থমকি ৰোৱা লোক নাছিল।

দুখন কৃত্ৰিম ভৰি সংযোজিত কৰি তেওঁ পুনৰ ঠিয় হৈছিল। কেৱল এয়াই নহয় তেওঁ পুনৰ নিজৰ পচন্দৰ কামবোৰ কৰাও আৰম্ভ কৰি দিছিল। দুৰ্ঘটনাৰ পাছৰ পৰা তেওঁ বাস্কেটবল খেলা আৰম্ভ কৰে আৰু সৰু সৰু ট্ৰেকিং কৰা আৰম্ভ কৰে। এই কামবোৰৰ পৰা তেওঁ আত্মবিশ্বাস গোটাবলৈ সক্ষম হ’ল।

তাৰ পাছতে কিছু প্ৰশিক্ষণ তেওঁ গ্ৰহণ কৰিলে আৰু পৰ্বত বগোৱাত লাগি গ’ল। চিত্ৰসেনৰ লক্ষ্য হৈছে বিশ্বৰ সাতোখন মহাদেশৰ সাতোটা উচ্চতম শৃংগত আৰোহণ কৰা। এতিয়ালৈ তেওঁ ইউৰোপ, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ পাহাৰত ত্ৰিৰংগা উৰুৱাবলৈ সক্ষম হৈছে। এইবাৰ চতুৰ্থখন পৰ্বত দক্ষিণ আমেৰিকাৰ Mount Aconcagua বগোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে। মহাদেশখনৰ ভিতৰত এই শৃংগ হৈছে আটাইতকৈ ওখ।

কেৱল এয়াই নহয়, হিমালয় পৰ্বতমালাক বাদ দিলে এয়া বিশ্বৰ অন্যতম উচ্চতম শৃংগ হৈছে Mount Aconcagua। দুয়োখন ভৰিতে কৃত্ৰিম অংগ লগোৱাৰ পাছত মাউণ্ট কিলিমঞ্জাৰো, মাউণ্ট কোছিয়স্কো, মাউণ্ট এলব্ৰুছত আৰোহণ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে।

আৰু পঢ়কঃ এদল তৰুণ শিল্পীৰ তুলিকাৰ পৰশত উজলিছে দিছপুৰৰ নতুন উৰণ সেতু

কেৱল এগৰাকী সফল পৰ্বতাৰোহী হোৱাই নহয়, চিত্ৰসেন নেচনেল হুইলচেয়াৰ বাস্কেটবল দল, তথা নেচনেল পেৰা ছুইমিং দলৰো সদস্য। ১৪ হাজাৰ ফুট উচ্চতাৰ পৰা স্কাই ডাইভিং কৰিও তেওঁ গঢ়ি থৈছে অনন্য ৰেকৰ্ড। তেওঁ স্বীকৃতিপ্ৰপ্ত স্কুবা ডাইভাৰো। তেওঁ আনকি দিব্যাংগসকলৰ ড্ৰাইভিং লাইচেন্সৰ বাব কৰা সংগ্ৰামৰ বাবেও বিশেষভাৱে পৰিচিত হৈ পৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক