--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক পথ দুৰ্ঘটনাত সোমবাৰে মৃত্যুক আঁকোৱালি লয় দুগৰাকী প্ৰতিভাৱান মোহময়ী মডেলে। মৃত মডেল দুগৰাকীৰ নাম আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহান। আনচি কবীৰে মিছ চাউথ ইণ্ডিয়া ২০২১ আৰু মিছ কেৰালা ২০১৯ৰ বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল। আনহাতে অঞ্জনা শ্বাহজাহান মিছ কেৰালা ২০১৯ৰ ৰানাৰ-আপ আছিল। মডেলিং জগতত দুয়ো সুপৰিচিত আছিল। কেৰেলাৰ ভিট্টিলা কোচিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এই দুয়োগৰাকী মডেলে মৃত্যুক সাবটিলে।

সাবটিলে
সোঁফালে আনচি কবীৰ বাওঁফালে অঞ্জনা শ্বাহজাহান

আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহানে এখন বাহনেৰে আহি আছিল। হঠাতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱায় আৰু এখন দুচকীয়া বাহনৰ সৈতে সংঘৰ্ষ হোৱাৰ পৰা বাচিবলৈ চেষ্টা কৰোতেই এজোপা গছত প্ৰচণ্ড খুন্দা মাৰে। ইয়াৰ ফলত দুয়ো ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। গছজোপাত মৰা খুন্দা ইমানেই ভয়ংকৰ আছিল যে বাহনখন বহু ওপৰলৈ উৰি ছিটিকি গৈছিল। কোচিৰ এটা ফটোশ্বুটত ভাগ লৈ আনচি কবীৰ আৰু অঞ্জনা শ্বাহজাহান ত্ৰিচুৰলৈ গৈ আছিল।এইখিনিতে আনচি কবীৰে মৃত্যুৰ পূৰ্বে দিয়া শেষৰটো ইনষ্টাগ্ৰাম পোষ্টে সকলোকে আৱেগিক কৰি তুলিছে।

অভিশপ্ত বাহনখন আৰু আনচি কবীৰ

২৫ বছৰীয়া মোহময়ী আনচি ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় আছিল। আনচিৰ অন্তিম ইনষ্টাগ্ৰাম পোষ্টটোৱে মানুহৰ হৃদয় স্পৰ্শ কৰিছে আৰু ই ইণ্টাৰনেটত ভাইৰেল পৰিছে। আনচিয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত তেওঁক সেউজ প্ৰকৃতিৰ মাজে মাজে এক সুন্দৰ পৰিৱেশ উপভোগ কৰা দেখা গৈছিল।

আৰু পঢ়কঃ চাহৰ দোকানত ট্ৰাকৰ প্ৰচণ্ড খুন্দা;চাহৰ সোৱাদ লৈ থকা ৬ জনৰ কৰুণ মৃত্যু

'It’s time to go' আনচি কবীৰৰ অন্তিমটো ইনষ্টাগ্ৰাম পোষ্ট

আনচিয়ে কেপচ্যনত লিখিছিল,'It’s time to go' অৰ্থাৎ "এতিয়া যোৱাৰ সময়।" এনেকৈ কোৱা আনচি কবীৰ সঁচাকৈয়ে গুচি গ'ল সকলোকে কন্দুৱাই। আনচিৰ এই ভিডিঅটোৰ কেপচ্যন দেখাৰ পাছত পুনৰবাৰ শোকত ভাগি পৰিল বন্ধু আৰু অনুৰাগীসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ