--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ সমৰ্থন নকৰে পুত্ৰই। সেইবাবে নিজ পুত্ৰক ত্যাজ্যপুত্ৰ কৰিলে এগৰাকী মাতৃয়ে। ৰাছিয়াৰ অভিনেতা আৰু মডেল জিন মিশেল শ্বেৰবাকে আৰম্ভণিৰে পৰা ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে মাত মাতি আহিছিল। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ এই বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াতো সৰৱ হৈ থকা দেখা গৈছে এইগৰাকী অভিনেতাক। কিন্তু পুত্ৰৰ এই মনোভাৱ পুটিনৰ আটাইতকৈ কট্টৰ সমৰ্থকৰ মাতৃয়ে গ্ৰহণ কৰিব নোৱাৰিলে। পুত্ৰৰ চিন্তাধাৰাক কোনোপধ্যে মানি ল'ব নোৱাৰি,  নিজ পুত্ৰকে ত্যাগ কৰিলে মাতৃয়ে।

শ্বেৰবাকে কয়, ‘সম্প্ৰতি কিভ-মস্কোৰ সংঘাতক কেন্দ্ৰ কৰি মতামত প্ৰকাশ কৰিছিলো। সমালোচনা কৰিছিলো ৰাছিয়াক। তাৰপাছতে মোৰ ওপৰত খং উঠে মাৰ। ছ’চিয়েল মিডিয়াতো মোক ব্লক কৰি থৈছে।’ 

এটা ইনষ্টাগ্ৰাম পোষ্টত শ্বেৰবাকে কয়, ‘মই মালৈ কিছু টকা আৰু এখন চিঠি প্ৰেৰণ কৰিছিলো। তাৰপাছত মাৰ পৰা আহিছিল অনাকাংক্ষিত উত্তৰ।’ পুত্ৰৰ চিঠিৰ স্পষ্ট উত্তৰ মাতৃৰ। তেওঁ কয়, ‘মোক তোমাৰ টকাৰ প্ৰয়োজন নাই। তুমি টকা পঠিয়ালে মই ঘূৰাই পঠিয়াম। মোৰ মাতৃভূমিক বিশ্বাসঘাতকতা কৰা লোকসকলৰ সৈতে মই কোনোধৰণৰ সম্পৰ্ক ৰাখিব নিবিচাৰো। মই আন্তৰিকতাৰে কওঁ, তুমি তোমাৰ ৰাছিয়ান পাছপোৰ্ট ঘূৰাই দিয়া আৰু যলৈকে যাবলৈ বিচৰা যাব পাৰা।’ শ্বেৰবাকৰ মাতৃয়ে আৰু কয়, ‘ আজিৰ পৰা তুমি মোৰ পুত্ৰ নহয়। মোৰ পৰিয়ালত দেশদ্ৰোহীৰ কোনো স্থান নাই।’
 
স্মৰ্তব্য যে, ইয়াৰপূৰ্বেও শ্বেৰবাকৰ মাতৃয়ে তেওঁৰ পুত্ৰক সমালোচনা কৰি ফেচবুকত এটা বাৰ্তা প্ৰেৰণ কৰিছিল। তেওঁ লিখিছিল, ‘তুমি এজন দেশদ্ৰোহী।’ জানিবলৈ পোৱা মতে, শ্বেৰবাক বৰ্তমান জাৰ্মানীত আছে। সংবাদ সংস্থা এটাৰ সৈতে কথা পাতি থাকোতে, তেওঁ তেওঁৰ অভিজ্ঞতা ভাগ বতৰা কৰিছে। তেওঁ এইদৰে কৈছিল, ‘ইউক্ৰেইনত মোৰ বহুতো বন্ধু আছে। তেওঁলোকে মোক কৈছিল যে কেনেকৈ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত নিৰ্বিচাৰভাৱে মিছাইল আক্ৰমণ চলাই আছিল। ৰাছিয়াৰ সংবাদ মাধ্যমসমূহেও ৰাছিয়াৰ সমৰ্থনত নিৰ্লজ্জ প্ৰচাৰ চলাই গৈছিল। সেইকাৰণে মই দেশ এৰি যোৱাৰ সিদ্ধান্ত লৈছিলো। ’ মস্কো আগ্ৰাসনৰ পাছৰে পৰাই ৰাছিয়াক গৰিহণা দি ছ’চিয়েল মিডিয়াত নিয়মিত যুদ্ধবিৰোধী পোষ্ট কৰা আৰম্ভ কৰিছিল বুলিও কয় শ্বেৰবাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল