--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ সমৰ্থন নকৰে পুত্ৰই। সেইবাবে নিজ পুত্ৰক ত্যাজ্যপুত্ৰ কৰিলে এগৰাকী মাতৃয়ে। ৰাছিয়াৰ অভিনেতা আৰু মডেল জিন মিশেল শ্বেৰবাকে আৰম্ভণিৰে পৰা ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে মাত মাতি আহিছিল। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ এই বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াতো সৰৱ হৈ থকা দেখা গৈছে এইগৰাকী অভিনেতাক। কিন্তু পুত্ৰৰ এই মনোভাৱ পুটিনৰ আটাইতকৈ কট্টৰ সমৰ্থকৰ মাতৃয়ে গ্ৰহণ কৰিব নোৱাৰিলে। পুত্ৰৰ চিন্তাধাৰাক কোনোপধ্যে মানি ল'ব নোৱাৰি,  নিজ পুত্ৰকে ত্যাগ কৰিলে মাতৃয়ে।

শ্বেৰবাকে কয়, ‘সম্প্ৰতি কিভ-মস্কোৰ সংঘাতক কেন্দ্ৰ কৰি মতামত প্ৰকাশ কৰিছিলো। সমালোচনা কৰিছিলো ৰাছিয়াক। তাৰপাছতে মোৰ ওপৰত খং উঠে মাৰ। ছ’চিয়েল মিডিয়াতো মোক ব্লক কৰি থৈছে।’ 

এটা ইনষ্টাগ্ৰাম পোষ্টত শ্বেৰবাকে কয়, ‘মই মালৈ কিছু টকা আৰু এখন চিঠি প্ৰেৰণ কৰিছিলো। তাৰপাছত মাৰ পৰা আহিছিল অনাকাংক্ষিত উত্তৰ।’ পুত্ৰৰ চিঠিৰ স্পষ্ট উত্তৰ মাতৃৰ। তেওঁ কয়, ‘মোক তোমাৰ টকাৰ প্ৰয়োজন নাই। তুমি টকা পঠিয়ালে মই ঘূৰাই পঠিয়াম। মোৰ মাতৃভূমিক বিশ্বাসঘাতকতা কৰা লোকসকলৰ সৈতে মই কোনোধৰণৰ সম্পৰ্ক ৰাখিব নিবিচাৰো। মই আন্তৰিকতাৰে কওঁ, তুমি তোমাৰ ৰাছিয়ান পাছপোৰ্ট ঘূৰাই দিয়া আৰু যলৈকে যাবলৈ বিচৰা যাব পাৰা।’ শ্বেৰবাকৰ মাতৃয়ে আৰু কয়, ‘ আজিৰ পৰা তুমি মোৰ পুত্ৰ নহয়। মোৰ পৰিয়ালত দেশদ্ৰোহীৰ কোনো স্থান নাই।’
 
স্মৰ্তব্য যে, ইয়াৰপূৰ্বেও শ্বেৰবাকৰ মাতৃয়ে তেওঁৰ পুত্ৰক সমালোচনা কৰি ফেচবুকত এটা বাৰ্তা প্ৰেৰণ কৰিছিল। তেওঁ লিখিছিল, ‘তুমি এজন দেশদ্ৰোহী।’ জানিবলৈ পোৱা মতে, শ্বেৰবাক বৰ্তমান জাৰ্মানীত আছে। সংবাদ সংস্থা এটাৰ সৈতে কথা পাতি থাকোতে, তেওঁ তেওঁৰ অভিজ্ঞতা ভাগ বতৰা কৰিছে। তেওঁ এইদৰে কৈছিল, ‘ইউক্ৰেইনত মোৰ বহুতো বন্ধু আছে। তেওঁলোকে মোক কৈছিল যে কেনেকৈ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত নিৰ্বিচাৰভাৱে মিছাইল আক্ৰমণ চলাই আছিল। ৰাছিয়াৰ সংবাদ মাধ্যমসমূহেও ৰাছিয়াৰ সমৰ্থনত নিৰ্লজ্জ প্ৰচাৰ চলাই গৈছিল। সেইকাৰণে মই দেশ এৰি যোৱাৰ সিদ্ধান্ত লৈছিলো। ’ মস্কো আগ্ৰাসনৰ পাছৰে পৰাই ৰাছিয়াক গৰিহণা দি ছ’চিয়েল মিডিয়াত নিয়মিত যুদ্ধবিৰোধী পোষ্ট কৰা আৰম্ভ কৰিছিল বুলিও কয় শ্বেৰবাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস