--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'মোক ক্ষমা কৰিব', এগৰাকী তাৰকা অভিনেতাৰ এটি টুইটাৰৰ পোষ্টে জোকাৰি গৈছে সমগ্ৰ দেশ৷ এক অবাঞ্চিত বিতৰ্কৰ সৈতে নাম সাঙোৰ খাই পৰাৰ পাছত অনুৰাগীক ক্ষমা খুজি নিজৰ সিদ্ধান্ত সলাবলগীয়া হ’ল তাৰকা অভিনেতা অক্ষয় কুমাৰে। এটা পাণ মচলাৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিযুক্ত হৈ প্ৰচাৰ চলাইছিল অভিনেতা অক্ষয় কুমাৰে৷ তাৰ পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় অভিনেতাগৰাকী৷ 

তেওঁৰ এটা পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰি নেটিজেনে সমালোচনাৰে থকা-সৰকা কৰিছিল অক্ষয়ক। এই পুৰণি ভিডিঅ’টোত তেওঁ কেতিয়াও পাণ মচলা বা গুটখাৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ বিজ্ঞাপনত ভাগ নলয় বুলি দাবী কৰিছিল। কিন্তু তাৰ পাছত তেওঁ এটা বিশেষ ব্ৰেণ্ডৰ সৈতে বিজ্ঞাপনৰ বাবে চুক্তিবদ্ধ হোৱাপ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তেওঁক সমালোচনাৰে থকা-সৰকা কৰে নেটিজেনে। এই প্ৰতিক্ৰিয়া লাভ কৰাৰ পাছত, অভিনেতা অক্ষয় কুমাৰে ঘোষণা কৰিছে যে তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰিছে আৰু এম্বেচেডৰ পদৰ পৰা অব্যাহতি লৈছে। মাজনিশা, অভিনেতাজনে টুইটাৰত তেওঁৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰি কয় যে, তেওঁ ভৱিষ্যতে সমৰ্থন কৰা ব্ৰেণ্ডবোৰৰ বিষয়ে অধিক সতৰ্ক হ'ব।

অক্ষয়ে লিখিছিল, 'মই দুঃখিত। মই আপোনাৰ ওচৰত, মোৰ সকলো অনুৰাগী আৰু শুভাকাংক্ষীৰ ওচৰত ক্ষমা বিচাৰিছোঁ। বিগত কেইদিনমানৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়াই মোক গভীৰভাৱে প্ৰভাৱিত কৰিছে। যদিও মই ধঁপাতৰ সমৰ্থন কৰা নাই আৰু নকৰোঁ, মই বিমল ইলাইচীৰ সৈতে চুক্তিবদ্ধ হোৱাক সৈ আপোনালোকে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ প্ৰতি মই সন্মান জনাইছোঁ। সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি মই প্ৰচাৰৰ পৰা অব্যাহতি ল'লোঁ। মই এটা সঠিক কামত এই বিজ্ঞাপনৰ পৰা পোৱা সকলোখিনি ধন খৰচ কৰিম। ব্ৰেণ্ডটোৱে হয়তো মোৰ সৈতে হোৱা বাধ্যতামূলক চুক্তিৰ আইনী ম্যাদ শেষ নোহোৱালৈ বিজ্ঞাপনটোৰ সম্প্ৰচাৰ অব্যাহত ৰাখিব। কিন্তু মই মোৰ ভৱিষ্যতৰ বাছনি কৰাৰ ক্ষেত্ৰত অত্যন্ত সতৰ্ক হোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। ইয়াৰ বিনিময়ত মই চিৰকালৰ বাবে আপোনাৰ মৰম আৰু ইচ্ছা বিচাৰি থাকিম।'
উল্লেখ্য যে, অক্ষয়ক ব্ৰেণ্ডটোৰ শেহতীয়া বিজ্ঞাপনত দেখা গৈছিল।  ইয়াৰ পূৰ্বে অজয় দেৱগন আৰু শ্বাহৰুখ খানেও এই বিজ্ঞাপনটোৰ অংশ হৈ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?