--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'মোক ক্ষমা কৰিব', এগৰাকী তাৰকা অভিনেতাৰ এটি টুইটাৰৰ পোষ্টে জোকাৰি গৈছে সমগ্ৰ দেশ৷ এক অবাঞ্চিত বিতৰ্কৰ সৈতে নাম সাঙোৰ খাই পৰাৰ পাছত অনুৰাগীক ক্ষমা খুজি নিজৰ সিদ্ধান্ত সলাবলগীয়া হ’ল তাৰকা অভিনেতা অক্ষয় কুমাৰে। এটা পাণ মচলাৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিযুক্ত হৈ প্ৰচাৰ চলাইছিল অভিনেতা অক্ষয় কুমাৰে৷ তাৰ পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হয় অভিনেতাগৰাকী৷ 

তেওঁৰ এটা পুৰণি ভিডিঅ’ শ্বেয়াৰ কৰি নেটিজেনে সমালোচনাৰে থকা-সৰকা কৰিছিল অক্ষয়ক। এই পুৰণি ভিডিঅ’টোত তেওঁ কেতিয়াও পাণ মচলা বা গুটখাৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ বিজ্ঞাপনত ভাগ নলয় বুলি দাবী কৰিছিল। কিন্তু তাৰ পাছত তেওঁ এটা বিশেষ ব্ৰেণ্ডৰ সৈতে বিজ্ঞাপনৰ বাবে চুক্তিবদ্ধ হোৱাপ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তেওঁক সমালোচনাৰে থকা-সৰকা কৰে নেটিজেনে। এই প্ৰতিক্ৰিয়া লাভ কৰাৰ পাছত, অভিনেতা অক্ষয় কুমাৰে ঘোষণা কৰিছে যে তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰিছে আৰু এম্বেচেডৰ পদৰ পৰা অব্যাহতি লৈছে। মাজনিশা, অভিনেতাজনে টুইটাৰত তেওঁৰ অনুৰাগীসকলৰ ওচৰত ক্ষমা বিচাৰি কয় যে, তেওঁ ভৱিষ্যতে সমৰ্থন কৰা ব্ৰেণ্ডবোৰৰ বিষয়ে অধিক সতৰ্ক হ'ব।

অক্ষয়ে লিখিছিল, 'মই দুঃখিত। মই আপোনাৰ ওচৰত, মোৰ সকলো অনুৰাগী আৰু শুভাকাংক্ষীৰ ওচৰত ক্ষমা বিচাৰিছোঁ। বিগত কেইদিনমানৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়াই মোক গভীৰভাৱে প্ৰভাৱিত কৰিছে। যদিও মই ধঁপাতৰ সমৰ্থন কৰা নাই আৰু নকৰোঁ, মই বিমল ইলাইচীৰ সৈতে চুক্তিবদ্ধ হোৱাক সৈ আপোনালোকে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ প্ৰতি মই সন্মান জনাইছোঁ। সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি মই প্ৰচাৰৰ পৰা অব্যাহতি ল'লোঁ। মই এটা সঠিক কামত এই বিজ্ঞাপনৰ পৰা পোৱা সকলোখিনি ধন খৰচ কৰিম। ব্ৰেণ্ডটোৱে হয়তো মোৰ সৈতে হোৱা বাধ্যতামূলক চুক্তিৰ আইনী ম্যাদ শেষ নোহোৱালৈ বিজ্ঞাপনটোৰ সম্প্ৰচাৰ অব্যাহত ৰাখিব। কিন্তু মই মোৰ ভৱিষ্যতৰ বাছনি কৰাৰ ক্ষেত্ৰত অত্যন্ত সতৰ্ক হোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। ইয়াৰ বিনিময়ত মই চিৰকালৰ বাবে আপোনাৰ মৰম আৰু ইচ্ছা বিচাৰি থাকিম।'
উল্লেখ্য যে, অক্ষয়ক ব্ৰেণ্ডটোৰ শেহতীয়া বিজ্ঞাপনত দেখা গৈছিল।  ইয়াৰ পূৰ্বে অজয় দেৱগন আৰু শ্বাহৰুখ খানেও এই বিজ্ঞাপনটোৰ অংশ হৈ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ