--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলপথাৰত যুঁজিলেও খেলপথাৰৰ বাহিৰত ক্ৰিকেটাৰে বন্ধুত্ব কৰে বুলি প্ৰমাণ কৰিলে শ্বাহীন শ্বাহ আফ্ৰিদীয়ে। যদিও খেলপথাৰৰ বাহিৰত দুয়োখন দেশৰ ক্ৰিকেটাৰৰ মাজত বহুবাৰ বন্ধুত্ব দেখা গৈছে। সেই তালিকাত শ্বাহীনৰ নামো আছিল। এই নতুনকৈ পিতৃ হোৱা টীম ইণ্ডিয়াৰ পেচাৰ জছপ্ৰিত বুমৰাহক এটি উপহাৰ প্ৰদান কৰিলে শ্বাহীনে।

বৰষুণৰ বাবে দেওবাৰে কলম্বোত অনুষ্ঠিত নহ’ল সমগ্ৰ খেলখন। সোমবাৰে ৰিজাৰ্ভ ডে’ত খেল অনুষ্ঠিত হ’ব। তাৰ আগতে দেওবাৰে শ্বহীনে বুমৰাহক উপহাৰ দিছিল। নতুন পিতৃ হোৱাৰ বাবেই বুমৰাহক উপহাৰ দিলে। পাকিস্তান ক্ৰিকেট ব’ৰ্ডে টুইটাৰত (বৰ্তমান এক্স) এটা ভিডিঅ’ প্ৰকাশ কৰে। শ্বহীনে বুমৰাহক মাতি আনি বঁটা প্ৰদান কৰা তাত দেখা গৈছে। পেচাৰজনে কয়, “ভগৱানে আপোনাৰ সন্তানক আশীৰ্বাদ কৰক। তেওঁও এদিন বুমৰাহ হ’ব বুলি আশা কৰিছোঁ।”

বুমৰাহ আৰু তেওঁৰ পত্নী সঞ্জনা গণেশৰ সন্তানৰ জন্ম হৈছিল ৪ ছেপ্টেম্বৰত। ছ’চিয়েল মিডিয়াত বুমৰাই এই কথা কয়। পুত্ৰৰ নাম ৰাখিলে অংগদ। সোমবাৰে পুৱা এখন ছবি পোষ্ট কৰি বুমৰাহে লিখিছে, ‘আমাৰ সৰু পৰিয়ালটো মাত্ৰ ডাঙৰ হৈ গ’ল। মই ভবাতকৈও বেছি সুখী হৈ পৰিলোঁ। আজি ৰাতিপুৱা আমাৰ পুত্ৰ অংগদ যশপ্ৰীত বুমৰাই পৃথিৱীৰ পোহৰ দেখিলে। আমি দুয়ো বৰ সুখী। জীৱনৰ এই নতুন অধ্যায় আৰম্ভ হ'বলৈ অপেক্ষা কৰিব নোৱাৰি।"












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক