--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়াৰলেণ্ড ছিৰিজ বহু আগতেই শেষ হৈছে। এইবাৰ এছিয়ান গেমছত দেশৰ হৈ খেলিবলৈ যোৱাৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ঘৰুৱা লীগত খেলি নিজকে সাজু কৰি তুলিছে ৰিংকু সিঙে। ইয়াৰ মাজতে শ্বাহৰুখ খানৰ নতুন চিনেমা ‘জৱান’ চাবলৈ গৈছিল। সেই ছবিখন তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। ইয়াৰ পিছত তেওঁ নিজেই বলীউডৰ ৰজাৰ পৰাও শুভেচ্ছা লাভ কৰে।

যোৱা বৃহস্পতিবাৰে ৰিংকুৱে ‘জৱান’ চাবলৈ যোৱাৰ এখন ছবি পোষ্ট কৰিছিল। সেই ছবিখনে অনেক লাইক পালে। ৰিংকুৱে লিখিছে, “আমনি নকৰিব। মোৰ প্ৰিয় শ্বাহৰুখ খানৰ চিনেমা চাবলৈ আহিছিলো। লাভ ইউ ছাৰ।” তাৰ তিনিদিন পিছত দেওবাৰে শ্বাহৰুখে উত্তৰ দিলে। তেওঁ লিখিছে, “আশাকৰোঁ তুমি ভাল পালা। তোমাকো ভাল পাওঁ।” উত্তৰত ৰিংকুৱে লিখিছে, "বহুত মজা পাইছো।’’

মন কৰিবলগীয়া যে কলকাতা নাইট ৰাইডাৰ্ছ দলৰ স্বত্বাধিকাৰী শ্বাহৰুখৰ ৰিংকুৰ সৈতে বহুত ভাল সম্পৰ্ক আছে। গুজৰাট টাইটানছৰ বিৰুদ্ধে আই পি এলত জয়লাভ কৰাৰ বাবে ৫টা ছয় মাৰি শ্বাহৰুখে টুইটাৰত লিখিছে “ঝুমে জো ৰিংকু”। দুয়োৰে সম্পৰ্কৰ কেমিষ্ট্ৰীৰ ফটোখন আকৌ এবাৰ ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক