--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়াৰলেণ্ড ছিৰিজ বহু আগতেই শেষ হৈছে। এইবাৰ এছিয়ান গেমছত দেশৰ হৈ খেলিবলৈ যোৱাৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ঘৰুৱা লীগত খেলি নিজকে সাজু কৰি তুলিছে ৰিংকু সিঙে। ইয়াৰ মাজতে শ্বাহৰুখ খানৰ নতুন চিনেমা ‘জৱান’ চাবলৈ গৈছিল। সেই ছবিখন তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। ইয়াৰ পিছত তেওঁ নিজেই বলীউডৰ ৰজাৰ পৰাও শুভেচ্ছা লাভ কৰে।

যোৱা বৃহস্পতিবাৰে ৰিংকুৱে ‘জৱান’ চাবলৈ যোৱাৰ এখন ছবি পোষ্ট কৰিছিল। সেই ছবিখনে অনেক লাইক পালে। ৰিংকুৱে লিখিছে, “আমনি নকৰিব। মোৰ প্ৰিয় শ্বাহৰুখ খানৰ চিনেমা চাবলৈ আহিছিলো। লাভ ইউ ছাৰ।” তাৰ তিনিদিন পিছত দেওবাৰে শ্বাহৰুখে উত্তৰ দিলে। তেওঁ লিখিছে, “আশাকৰোঁ তুমি ভাল পালা। তোমাকো ভাল পাওঁ।” উত্তৰত ৰিংকুৱে লিখিছে, "বহুত মজা পাইছো।’’

মন কৰিবলগীয়া যে কলকাতা নাইট ৰাইডাৰ্ছ দলৰ স্বত্বাধিকাৰী শ্বাহৰুখৰ ৰিংকুৰ সৈতে বহুত ভাল সম্পৰ্ক আছে। গুজৰাট টাইটানছৰ বিৰুদ্ধে আই পি এলত জয়লাভ কৰাৰ বাবে ৫টা ছয় মাৰি শ্বাহৰুখে টুইটাৰত লিখিছে “ঝুমে জো ৰিংকু”। দুয়োৰে সম্পৰ্কৰ কেমিষ্ট্ৰীৰ ফটোখন আকৌ এবাৰ ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক