--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সোণ চুৰি কৰাৰ দৰে জঘন্য অভিযোগ উত্থাপন অভিযোগ হৈছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী নিশিথ প্ৰামাণিকৰ বিৰুদ্ধে এই অভিযোগৰ ভিত্তিত এখনি গ্ৰেপ্তাৰি পৰোৱনাও জাৰি কৰা হৈছে। পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ জুডুতিয়েল ম্যেজিষ্ট্ৰেট থাৰ্ড কোৰ্টত এই ৰায় প্ৰদান কৰা হৈছে।

জানিব পৰা মতে, ২০০৯ চনত আলিপুৰদুৱাৰ চহৰত দুখনকৈ জুৱেলাৰীত সোণ চুৰিৰ ঘটনা ঘটিছিল। দুয়োটা ঘটনাতে বিজেপি নেতা নিশীথ প্ৰামাণিক অভিযুক্ত আছিল। তাৰ ভিত্তিতে এই ৰায় প্ৰদান কৰিছে আদালতে।

অহা ৯ ডিচেম্বৰৰ ভিতৰত প্ৰামাণিকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হ’ব বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে ২০০৯ চনত পশ্চিমবংগৰ আলিপুৰদুৱাৰ চহৰৰ বাদলনগৰত জয়গুৰু জুৱেলাৰ্চত এই চুৰিৰ ঘটনাটো সংঘটিত হৈছিল। সেই বৰ্ষৰ ২ মে’ত আলিপুৰদুৱাৰ থানাত এটা অভিযোগ জমা দিয়ে জুৱেলাৰীখনৰ মালিক ৰতন ঘোষে।

একেটা মাহতে চহৰখনৰ লাগোৱা বীৰপাৰাৰ পাল জুৱেলাৰ্চত আন এটা সোণ চুৰিৰ ঘটনা ঘটে। দুয়োখন দোকানতে চুৰিৰ ঘটনাত অভিযুক্ত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰামাণিক।

ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা অনুযায়ী প্ৰামাণিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। তাৰ ভিত্তিতে ১১ নৱেম্বৰ তাৰিখে আলিপুৰদুৱাৰৰ আদালতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক