--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অভিযোগ অনুসৰি অঞ্চলটোত গৰুচুৰি, হত্যা, ধৰ্ষণ, ডকাইতি, চুৰিকাণ্ড, ড্ৰাগছ সৰবৰাহ আদি বিভিন্ন অপৰাধমূলক কৰ্ম কৰি আহিছে মুছলমান সমাজৰ একাংশ যুৱকে।

ডিজিটেল ডেস্কঃ ওদালগুৰিৰ মাজবাটত একাংশ অপৰাধমূলক কামেৰে জড়িত থাকে মুছলমান সম্প্ৰদায়ৰ একাংশ যুৱক। অসৎ মনোবৃত্তিৰ যুৱকৰ বাবে গোটেই অঞ্চলটোত বদনামৰ ভাগী হ'ব লগা হৈছে সমগ্র মুছলমান সমাজ।


ওদালগুৰি জিলাৰ মাজবাটত 'বৃহত্তৰ মাজবাট মুছলিম সচেতন সমাজ'ৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। অভিযোগ অনুসৰি অঞ্চলটোত গৰুচুৰি, হত্যা, ধৰ্ষণ, ডকাইতি, চুৰিকাণ্ড, ড্ৰাগছ সৰবৰাহ আদি বিভিন্ন অপৰাধমূলক কৰ্ম কৰি আহিছে মুছলমান সমাজৰ একাংশ যুৱকে। বিগত বৰ্ষতো এগৰাকী কিশোৰীক ৫ নৰপিষাচে ধর্ষণ কৰা ঘটনাই কঁপাইছিল সমগ্র অসম ।


যোৱা কিছুদিন পূর্বেও মাজবাটৰ মাজ মজিয়াত এগৰাকী মুছলমান যুৱকে এগৰাকী কিশোৰীক চলাইছিল ধৰ্ষণৰ অপচেষ্টা। এনে বহু ঘটনাই এতিয়া লাজত পেলাইছে মুছলমান সমাজক। যাৰবাবে এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত কৰা হৈছে সজাগতা সভা।


অঞ্চলটোৰ আটাইকেইটা জাতীয় সংগঠনৰ উপস্থিতিত মাজবাটৰ ১ নং নাহৰবাৰীত অনুষ্ঠিত হয় সজাগতা সভা। ভৱিষ্যতে যদি পুনৰাই কোনো মুছলমান যুৱক অপৰাধজনিত কামৰ সৈতে জড়িত হয় , তেন্তে ৰাইজে মিলি কঠোৰতম শাস্তি বিহি আৰক্ষীক গতাই দিয়া হ'ব বুলি মন্তব্য অঞ্চলবাসীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ