--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অভিযোগ অনুসৰি অঞ্চলটোত গৰুচুৰি, হত্যা, ধৰ্ষণ, ডকাইতি, চুৰিকাণ্ড, ড্ৰাগছ সৰবৰাহ আদি বিভিন্ন অপৰাধমূলক কৰ্ম কৰি আহিছে মুছলমান সমাজৰ একাংশ যুৱকে।

ডিজিটেল ডেস্কঃ ওদালগুৰিৰ মাজবাটত একাংশ অপৰাধমূলক কামেৰে জড়িত থাকে মুছলমান সম্প্ৰদায়ৰ একাংশ যুৱক। অসৎ মনোবৃত্তিৰ যুৱকৰ বাবে গোটেই অঞ্চলটোত বদনামৰ ভাগী হ'ব লগা হৈছে সমগ্র মুছলমান সমাজ।


ওদালগুৰি জিলাৰ মাজবাটত 'বৃহত্তৰ মাজবাট মুছলিম সচেতন সমাজ'ৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। অভিযোগ অনুসৰি অঞ্চলটোত গৰুচুৰি, হত্যা, ধৰ্ষণ, ডকাইতি, চুৰিকাণ্ড, ড্ৰাগছ সৰবৰাহ আদি বিভিন্ন অপৰাধমূলক কৰ্ম কৰি আহিছে মুছলমান সমাজৰ একাংশ যুৱকে। বিগত বৰ্ষতো এগৰাকী কিশোৰীক ৫ নৰপিষাচে ধর্ষণ কৰা ঘটনাই কঁপাইছিল সমগ্র অসম ।


যোৱা কিছুদিন পূর্বেও মাজবাটৰ মাজ মজিয়াত এগৰাকী মুছলমান যুৱকে এগৰাকী কিশোৰীক চলাইছিল ধৰ্ষণৰ অপচেষ্টা। এনে বহু ঘটনাই এতিয়া লাজত পেলাইছে মুছলমান সমাজক। যাৰবাবে এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত কৰা হৈছে সজাগতা সভা।


অঞ্চলটোৰ আটাইকেইটা জাতীয় সংগঠনৰ উপস্থিতিত মাজবাটৰ ১ নং নাহৰবাৰীত অনুষ্ঠিত হয় সজাগতা সভা। ভৱিষ্যতে যদি পুনৰাই কোনো মুছলমান যুৱক অপৰাধজনিত কামৰ সৈতে জড়িত হয় , তেন্তে ৰাইজে মিলি কঠোৰতম শাস্তি বিহি আৰক্ষীক গতাই দিয়া হ'ব বুলি মন্তব্য অঞ্চলবাসীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ