--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুমাহৰ পাছত ভাৰতে ঘৰুৱা খেলপথাৰত বিশ্বকাপ খেলিবলৈ ওলাইছে। ইয়াৰ পূৰ্বে সোমবাৰে ৰোহিত শৰ্মাই বিশ্বকাপৰ ট্ৰফী লৈ থকা ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। কিন্তু প্ৰকৃততে ১৯ নৱেম্বৰত ৰোহিতে ট্ৰফী তুলিব পাৰিবনে নাই সেয়া সময়েহে ক’ব। 

২০১১ চনত ভাৰতে ট্ৰফী জয় কৰাৰ সময়ত ৰোহিত দলত নাছিল। কিন্তু দূৰৰ পৰা উন্মাদনা দেখিছিল। সেই প্ৰসংগত তেওঁ ক'লে, "মানুহৰ মাজত এনে উন্মাদনা মই আগতে কেতিয়াও দেখা নাই। দলত নাথাকিলেও তেওঁক বিশ্বকাপ জয় কৰা দেখি বৰ ভাল লাগিল। সেই ট্ৰফীৰ আঁৰত বহু স্মৃতি আছে। আশাকৰোঁ, দৰ্শকৰ সম্পূৰ্ণ সহযোগত আমি এইবাৰো ট্ৰফী তুলি ল’ব পাৰিম।”

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ। ভাৰতৰ প্ৰথমখন খেল ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। সমগ্ৰ দেশৰ ৯ টা স্থানত খেল খেলিব ভাৰতে। সমগ্ৰ দেশতে খেলিব পৰাত ৰোহিতে উৎফুল্লিত হৈ পৰিছে। ক’লে, “এটা কথা মই এতিয়াই ক’ব পাৰো যে আমি য’তেই যাওঁ তাতেই বহুত মানুহে আমাক সমৰ্থন কৰিবলৈ আহিব। বিশ্বকাপ। সকলোৱে আগলৈ চাই আছে। ১২ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে বিশ্বকাপ। ইয়াৰ পিছত মই টি-২০ বিশ্বকাপ খেলিলোঁ। তাতো দৰ্শকৰ পৰা সমৰ্থন পাইছিলোঁ।"

২০০৭ চনৰ বিশ্বকাপত চূড়ান্ত ব্যৰ্থতাৰ পিছত ২০১১ চনৰ সফলতাত সমগ্ৰ দেশ উল্লাসিত হৈ পৰিছিল। সেই সমৰ্থকসকলৰ ভিতৰত আছিল ৰোহিত। কয়, ‘২০০৭ চনত দলটোৱে যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল, তাৰ পিছত ২০১১ চনৰ সফলতা আমাৰ সকলোৰে বাবে স্মৰণীয়। ঘৰত বহি প্ৰতিখন মেচ, প্ৰতিটো বল চাইছিলো। মোৰ দুটা অনুভৱ হৈছিল। মই দলত নথকাৰ বাবে অনুশোচনা কৰি আছিলো। কিন্তু কোৱাৰ্টাৰ ফাইনেলৰ পিছৰে পৰা মোৰ দলটোৱে ইমান ভাল খেলিছে বুলি ভাবিও ভাল লাগিল। পৰৱৰ্তী দুটা বিশ্বকাপৰ বাবে মই দলত আছিলো। ছেমি ফাইনেলত প্ৰৱেশ কৰিলোঁ। বৰ ভাল লাগিল। তথাপিও ট্ৰফী জিকিব নোৱাৰাৰ বাবে বেয়া লাগিল। এইবাৰ সেই আক্ষেপৰ ক্ষতিপূৰণ দিব বিচাৰো।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক