--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫ খন টি-২০ মেচ ধাৰাবাহিকভাৱে খেলিছে। এই শৃংখলাৰ প্ৰথম দুখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া। প্ৰথমখন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতীয় দলক ৪ ৰাণত পৰাস্ত কৰে। আনহাতে এই শৃংখলাৰ দ্বিতীয়খন মেচত হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত ভাৰতীয় দলটোৱে ২ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে ভাৰতীয় দলটোৰ ওপৰত অহৰহ প্ৰশ্ন উত্থাপন হৈ আছে। বিশেষকৈ ভাৰতীয় দলৰ বেটিঙৰ ওপৰত। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ছিৰিজত নিৰাশ কৰিছে ভাৰতীয় বেটছমেনসকলে।

একে সময়তে ঈশান কিষাণ আৰু শুভমান গীলৰ অ’পেনিং যুটিয়ে ভাৰতীয় দলৰ বাবে ফ্লপ হিচাপে প্ৰমাণিত হৈছে। পৰিসংখ্যা অনুসৰি ঈশান কিষাণ আৰু শুভমন গীলৰ যুটিয়ে কেৱল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ছিৰিজতে নহয়, সামগ্ৰিকভাৱে ফ্লপ হৈ পৰিছে। যদি আপুনি পৰিসংখ্যা চায় তেন্তে ভাৰতীয় দলৰ হৈ ৮ খন টি-২০ মেচত ঈশান কিষণ আৰু শুভমন গীলে অ’পেনাৰৰ ভূমিকা পালন কৰিছে। কিন্তু অভিলেখ বহুত বেছি বেয়া।

ভাৰতীয় দলৰ হৈ ঈশান কিষাণ আৰু শুভমন গীলে প্ৰথম ৩ খন খেলত অ’পেনাৰ হিচাপে ক্ৰমে ১৬, ৫ আৰু ৭ ৰান সংগ্ৰহ কৰে। আনহাতে ইয়াৰ পিছত পৰৱৰ্তী ৫খন মেচত ঈশান কিষাণ আৰু শুভমান গীলে ক্ৰমে ১৭, ১০, ৩, ১২ আৰু ২৭ ৰান অ’পেনাৰ হিচাপে ভাগ কৰে। এইদৰে ভাৰতীয় দলৰ হৈ অ’পেনাৰ হিচাপে ঈশান কিষাণ আৰু শুবমান গীলে ৮ খন টি-২০ মেচত মাত্ৰ ৯৭ ৰান সংযোজন কৰিছে। অৱশ্যে ভাৰতীয় দল পৰিচালনাৰ বাবে ঈশান কিষাণ আৰু শুভমন গীলৰ উদ্বোধনী যুটি ভাৰতীয় দলৰ বাবে চিন্তাৰ কাৰণ হৈ আছে। অৱশ্যে তৃতীয়খন টি-২০ মেচত ঈশান কিষাণ আৰু শুভমন গীলৰ যুটিয়ে অ’পেন কৰে নে যশস্বী জয়ছোৱালে সেই স্থান লয় সেয়া ভৱিষ্যত সময়ত হ’ব লক্ষণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু