--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫ খন টি-২০ মেচ ধাৰাবাহিকভাৱে খেলিছে। এই শৃংখলাৰ প্ৰথম দুখন মেচত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া। প্ৰথমখন খেলত ৱেষ্ট ইণ্ডিজে ভাৰতীয় দলক ৪ ৰাণত পৰাস্ত কৰে। আনহাতে এই শৃংখলাৰ দ্বিতীয়খন মেচত হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত ভাৰতীয় দলটোৱে ২ উইকেটত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে ভাৰতীয় দলটোৰ ওপৰত অহৰহ প্ৰশ্ন উত্থাপন হৈ আছে। বিশেষকৈ ভাৰতীয় দলৰ বেটিঙৰ ওপৰত। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ছিৰিজত নিৰাশ কৰিছে ভাৰতীয় বেটছমেনসকলে।

একে সময়তে ঈশান কিষাণ আৰু শুভমান গীলৰ অ’পেনিং যুটিয়ে ভাৰতীয় দলৰ বাবে ফ্লপ হিচাপে প্ৰমাণিত হৈছে। পৰিসংখ্যা অনুসৰি ঈশান কিষাণ আৰু শুভমন গীলৰ যুটিয়ে কেৱল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ছিৰিজতে নহয়, সামগ্ৰিকভাৱে ফ্লপ হৈ পৰিছে। যদি আপুনি পৰিসংখ্যা চায় তেন্তে ভাৰতীয় দলৰ হৈ ৮ খন টি-২০ মেচত ঈশান কিষণ আৰু শুভমন গীলে অ’পেনাৰৰ ভূমিকা পালন কৰিছে। কিন্তু অভিলেখ বহুত বেছি বেয়া।

ভাৰতীয় দলৰ হৈ ঈশান কিষাণ আৰু শুভমন গীলে প্ৰথম ৩ খন খেলত অ’পেনাৰ হিচাপে ক্ৰমে ১৬, ৫ আৰু ৭ ৰান সংগ্ৰহ কৰে। আনহাতে ইয়াৰ পিছত পৰৱৰ্তী ৫খন মেচত ঈশান কিষাণ আৰু শুভমান গীলে ক্ৰমে ১৭, ১০, ৩, ১২ আৰু ২৭ ৰান অ’পেনাৰ হিচাপে ভাগ কৰে। এইদৰে ভাৰতীয় দলৰ হৈ অ’পেনাৰ হিচাপে ঈশান কিষাণ আৰু শুবমান গীলে ৮ খন টি-২০ মেচত মাত্ৰ ৯৭ ৰান সংযোজন কৰিছে। অৱশ্যে ভাৰতীয় দল পৰিচালনাৰ বাবে ঈশান কিষাণ আৰু শুভমন গীলৰ উদ্বোধনী যুটি ভাৰতীয় দলৰ বাবে চিন্তাৰ কাৰণ হৈ আছে। অৱশ্যে তৃতীয়খন টি-২০ মেচত ঈশান কিষাণ আৰু শুভমন গীলৰ যুটিয়ে অ’পেন কৰে নে যশস্বী জয়ছোৱালে সেই স্থান লয় সেয়া ভৱিষ্যত সময়ত হ’ব লক্ষণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement