--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশত শ্বেখ হাছিনা চৰকাৰ উৎখাত হোৱাৰ পাছৰ পৰাই হিন্দুসকলৰ ওপৰত হিংসা বাঢ়ি অহা বুলি বাতৰি প্ৰকাশ হৈ আহিছে। শেহতায়াকৈ ইস্কন ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পাছতে বাংলাদেশত অচলাৱস্থাৰ সৃষ্টি হয়৷ ইয়াৰ মাজতে বুধবাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনত ইস্কনক নিষিদ্ধ কৰাৰ দাবী জনোৱাৰ লগতে জামাত-ই-ইছলামীয়ে ২৪ ঘণ্টাৰ ভিতৰত ইস্কন মন্দিৰ বন্ধ কৰিবলৈ ভবুকি প্ৰদান কৰিছিল৷ 

আজি ২৮ নৱেম্বৰ বৃহস্পষ্টি বাৰে বাংলাদেশ চৰকাৰে বুধবাৰে উচ্চ ন্যায়ালয়ত ইস্কনক নিষিদ্ধ কৰাৰ দাবী জনাই কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে৷ বৃহস্পতিবাৰে ঢাকা উচ্চ ন্যায়ালয়ে বাংলাদেশত ইস্কনৰ কাৰ্যকলাপ নিষিদ্ধ কৰিবৰ বাবে ছুঅ’ মটু আদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰি কয় যে চৰকাৰী বিষয়াসকলে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে৷

শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা এম ডি মনীৰ উদ্দিনে বিচাৰপীঠৰ সন্মুখত কেইবাখনো বাতৰি কাকতৰ প্ৰতিবেদন দাখিল কৰি অধিবক্তা গৰাকীয়ে উচ্চতম ন্যায়ালয়ক সংস্থাটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি চট্টোগ্ৰাম, ৰংপুৰ আৰু দিনাজপুৰত ১৪৪ ধাৰা আৰোপ কৰিবলৈ আহ্বান জনাই।

ন্যায়াধীশ ফাৰাহ মহবুব আৰু দেবাশীষ ৰয় চৌধুৰীয়ে গঠিত বিচাৰপীঠে ইস্কনৰ শেহতীয়া কাৰ্যকলাপ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ সবিশেষ জনাবলৈ এটৰ্নী জেনেৰেলক নিৰ্দেশ দিয়ে। বাংলাদেশৰ  আইন-শৃংখলা আৰু জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত চৰকাৰে সতৰ্ক হৈ থাকিব বুলি বিচাৰপীঠখনে আশা প্ৰকাশ কৰে বুলি সদৰি কৰিছে।

ইস্কনৰ ধৰ্মীয় চিন্ময় কৃষ্ণ দাসৰ গ্ৰেপ্তাৰ আৰু ইস্কনক নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰা পাছতে বাংলাদেশৰ বাহিৰতো হিন্দুধৰ্মীয় লোক সকলে বাংলাদেশত হিন্দু সকল নিৰ্যাতিত হৈছে বুলি দুখ প্ৰকাশ কৰিছে৷ শেহতীয়াকৈ বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে ক্ৰমবৰ্ধমান হিংসাত্মক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হয়। 

এই পৰিস্থিতিক লৈ ভাৰত চৰকাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে বাংলাদেশী হিন্দুৰ ওপৰত চলি থকা অত্যাচাৰ সন্দৰ্ভত সংসদৰ শীতকাললীন অধিৱেশনত উত্থাপন কৰাৰ কথা প্ৰকাশ কৰিছে৷।
 
বাংলাদেশ উচ্চ ন্যায়ালয়ে ইস্কনক নিষিদ্ধ ঘোষণা নকৰে বুলি প্ৰদান কৰা শুনানিয়ে বাংলাদেশৰ পৰিস্থিতিলৈ সুস্থিৰতা আনিব বুলি বিশ্বাস কৰা হৈছে যদিও ইস্কনৰ ধৰ্মীয় নেতা জনৰ মুক্তিৰ সন্দৰ্ভত সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই৷  চিন্ময় কৃষ্ণ দাসৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক