--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে এটা চমকপ্ৰদ এচিষ্ট পাছ দিছিল লিয়নেল মেছিয়ে। মেচখনৰ প্ৰথমাৰ্ধত নেদাৰলেণ্ডৰ বক্সত সতীৰ্থ নাহুৱেল মলিনাক দিয়া পাছটোক লৈ পিছত বহু চৰ্চা হয়। সেই পাছটো কেনেকৈ দিছিল মেছিয়ে? সেই বিষয়ে মুখ মেলিলে তেওঁ।

নেদাৰলেণ্ডৰ অৰ্ধত মলিনাৰ পৰা বলটো লাভ কৰে মেছিয়ে। যেতিয়া তেওঁ বল লৈ গ’লৰ ফালে আগবাঢ়িছিল, তেতিয়া তেওঁৰ দুয়োফালে তিনিৰ পৰা চাৰিজন বিপক্ষ ফুটবলাৰ আছিল। এটা নিৰ্দিষ্ট প্ৰান্তৰে তেওঁ আগবাঢ়ি গৈ আছিল। মেছিয়ে হঠাতে  বিপৰীত মূৰলৈ পাছ দিয়ে। সেই সময়লৈকে মলিনা তাত উপস্থিত হ’ল। মলিনাই গ’ল দি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে।

য’ৰ পৰা মেছিয়ে মলিনালৈ পাছ দিছিল, তাৰ পৰা ডিফেণ্ডাৰৰ মাজেৰে বলটো সোমোৱাটো অতি কঠিন হৈ পৰিছিল। মেছিয়ে জানিছিলনে যে মলিনা থাকিব?

বিশ্বকাপ জয় কৰাৰ প্ৰায় সাত মাহৰ পিছত মলিনাই নিজেই মেছিক এই প্ৰশ্নটো সুধিছিল। তেওঁ সুধিলে, "আপুনি মোক দেখিছিলনে?" মেছিয়ে উত্তৰ দিলে, "অনুমান কৰিছিলো। ইয়াৰ পিছত মই ভাবিলোঁ যে মোক ৰখাবলৈ ইমানবোৰ ডিফেণ্ডাৰ থাকিলে বিপৰীত পক্ষটো নিশ্চয় খালী হৈ পৰিব। গতিকে সেই দিশত বলটো ওপৰলৈ তুলিলোঁ। তোমাৰ মাত শুনা নাছিলোঁ। এবাৰহে দেখিছিলো।’’

প্ৰথমাৰ্ধত মলিনাৰ গ’লৰ পিছত দ্বিতীয়াৰ্ধত পেনাল্টি স্পটৰ পৰা মেছিয়ে গ’ল দিয়ে। এনে লাগিছিল যেন আৰ্জেণ্টিনা সহজেই জয়ী হ’ব। কিন্তু উইগহৰ্ষ্টে শেষত দুটা গ’ল দি নেদাৰলেণ্ডক পুনৰ খেললৈ আনে। খেলখন টাইব্ৰেকাৰলৈ যায়। তাত এমিলিয়ানো মাৰ্টিনেজে নেদাৰলেণ্ডৰ দুটা পেনাল্টি ৰক্ষা কৰি দলটোক ছেমি ফাইনেললৈ লৈ যায়। এই মেচখনত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল। ৰেফাৰীয়ে এখন ৰঙা কাৰ্ডকে ধৰি মুঠ ১৫খন কাৰ্ড দেখুৱাইছে। মেছিয়ে হালধীয়া কাৰ্ড দেখা পায়। মেচখনৰ শেষত নেদাৰলেণ্ডৰ প্ৰশিক্ষক লুই ভান হালৰ সৈতেও লিঅ’ৰ বিবাদ হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু