--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাটাৰত অনুষ্ঠিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে এটা চমকপ্ৰদ এচিষ্ট পাছ দিছিল লিয়নেল মেছিয়ে। মেচখনৰ প্ৰথমাৰ্ধত নেদাৰলেণ্ডৰ বক্সত সতীৰ্থ নাহুৱেল মলিনাক দিয়া পাছটোক লৈ পিছত বহু চৰ্চা হয়। সেই পাছটো কেনেকৈ দিছিল মেছিয়ে? সেই বিষয়ে মুখ মেলিলে তেওঁ।

নেদাৰলেণ্ডৰ অৰ্ধত মলিনাৰ পৰা বলটো লাভ কৰে মেছিয়ে। যেতিয়া তেওঁ বল লৈ গ’লৰ ফালে আগবাঢ়িছিল, তেতিয়া তেওঁৰ দুয়োফালে তিনিৰ পৰা চাৰিজন বিপক্ষ ফুটবলাৰ আছিল। এটা নিৰ্দিষ্ট প্ৰান্তৰে তেওঁ আগবাঢ়ি গৈ আছিল। মেছিয়ে হঠাতে  বিপৰীত মূৰলৈ পাছ দিয়ে। সেই সময়লৈকে মলিনা তাত উপস্থিত হ’ল। মলিনাই গ’ল দি আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে।

য’ৰ পৰা মেছিয়ে মলিনালৈ পাছ দিছিল, তাৰ পৰা ডিফেণ্ডাৰৰ মাজেৰে বলটো সোমোৱাটো অতি কঠিন হৈ পৰিছিল। মেছিয়ে জানিছিলনে যে মলিনা থাকিব?

বিশ্বকাপ জয় কৰাৰ প্ৰায় সাত মাহৰ পিছত মলিনাই নিজেই মেছিক এই প্ৰশ্নটো সুধিছিল। তেওঁ সুধিলে, "আপুনি মোক দেখিছিলনে?" মেছিয়ে উত্তৰ দিলে, "অনুমান কৰিছিলো। ইয়াৰ পিছত মই ভাবিলোঁ যে মোক ৰখাবলৈ ইমানবোৰ ডিফেণ্ডাৰ থাকিলে বিপৰীত পক্ষটো নিশ্চয় খালী হৈ পৰিব। গতিকে সেই দিশত বলটো ওপৰলৈ তুলিলোঁ। তোমাৰ মাত শুনা নাছিলোঁ। এবাৰহে দেখিছিলো।’’

প্ৰথমাৰ্ধত মলিনাৰ গ’লৰ পিছত দ্বিতীয়াৰ্ধত পেনাল্টি স্পটৰ পৰা মেছিয়ে গ’ল দিয়ে। এনে লাগিছিল যেন আৰ্জেণ্টিনা সহজেই জয়ী হ’ব। কিন্তু উইগহৰ্ষ্টে শেষত দুটা গ’ল দি নেদাৰলেণ্ডক পুনৰ খেললৈ আনে। খেলখন টাইব্ৰেকাৰলৈ যায়। তাত এমিলিয়ানো মাৰ্টিনেজে নেদাৰলেণ্ডৰ দুটা পেনাল্টি ৰক্ষা কৰি দলটোক ছেমি ফাইনেললৈ লৈ যায়। এই মেচখনত উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল। ৰেফাৰীয়ে এখন ৰঙা কাৰ্ডকে ধৰি মুঠ ১৫খন কাৰ্ড দেখুৱাইছে। মেছিয়ে হালধীয়া কাৰ্ড দেখা পায়। মেচখনৰ শেষত নেদাৰলেণ্ডৰ প্ৰশিক্ষক লুই ভান হালৰ সৈতেও লিঅ’ৰ বিবাদ হয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ