--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতীয় ক্ৰিকেট দলটোৱে ৱেষ্ট ইণ্ডিজত টেষ্ট শৃংখলা খেলি আছে। ৱেষ্ট ইণ্ডিজত দুখন মেচৰ টেষ্ট শৃংখলাৰ পাছত টিম ইণ্ডিয়াই তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ শৃংখলা খেলিব। ভাৰতীয় দলৰ বহু খেলুৱৈ আঘাতৰ বাবে এই ভ্ৰমণৰতত দলৰ লগত নাই। অৱশ্যে ইয়াৰ মাজতে এই খেলুৱৈসকলৰ উভতি অহাৰ এক ভাল খবৰ আহিছে।

আচলতে টীম ইণ্ডিয়াৰ মূল খেলুৱৈ যশপ্ৰীত বুমৰাহ, কে এল ৰাহুল, শ্ৰেয়স আয়াৰ আৰু প্ৰসিদ্ধ কৃষ্ণৰ পৰা আদি কৰি বহু খেলুৱৈ দীৰ্ঘদিন ধৰি আঘাতৰ বাবে আঁতৰি আছে। ইফালে অনুৰাগীসকলক সন্তুষ্ট কৰিবলৈ পোহৰলৈ আহিছে এক প্ৰতিবেদন।

ইংৰাজী কাকত ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহ, উইকেটকীপাৰ বেটছমেন কে এল ৰাহুল আৰু মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়স আয়াৰ উপলব্ধ হ’ব। 

প্ৰতিবেদন অনুসৰি, অ’পেনাৰ উইকেট কীপাৰ বেটছমেন কে এল ৰাহুলে এই সপ্তাহৰ পৰা বেটিং অনুশীলন আৰম্ভ কৰিব। ২০২৩ চনৰ আই পি এলৰ মাজভাগত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে খেলখনত ফিল্ডিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈছিল ৰাহুল। একে সময়তে বিখ্যাত বেগী বলাৰ প্ৰসিদ্ধ  কৃষ্ণই বলিং আৰম্ভ কৰিছে। আঘাতৰ বাবে তেওঁ IPL ২০২৩ ত অংশ ল’ব পৰা নাছিল।

কঁকালৰ বিষৰ বাবে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি আছে যশপ্ৰীত বুমৰাহ। আই পি এল ২০২৩ আৰু টি-২০ বিশ্বকাপতো তেওঁ অংশ ল’ব পৰা নাছিল। একে সময়তে শ্ৰেয়স আয়াৰে আঘাতৰ বাবে আই পি এল ২০২৩ত অংশ ল’ব পৰা নাছিল। অৱশ্যে এতিয়া এই দুয়োগৰাকী খেলুৱৈয়ে আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পৰা উভতি আহিব। প্ৰতিবেদনত কোৱা হৈছে যে আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবে আয়াৰ আৰু বুমৰাহ দুয়ো উপলব্ধ হ’ব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement