--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতীয় ক্ৰিকেট দলটোৱে ৱেষ্ট ইণ্ডিজত টেষ্ট শৃংখলা খেলি আছে। ৱেষ্ট ইণ্ডিজত দুখন মেচৰ টেষ্ট শৃংখলাৰ পাছত টিম ইণ্ডিয়াই তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ শৃংখলা খেলিব। ভাৰতীয় দলৰ বহু খেলুৱৈ আঘাতৰ বাবে এই ভ্ৰমণৰতত দলৰ লগত নাই। অৱশ্যে ইয়াৰ মাজতে এই খেলুৱৈসকলৰ উভতি অহাৰ এক ভাল খবৰ আহিছে।

আচলতে টীম ইণ্ডিয়াৰ মূল খেলুৱৈ যশপ্ৰীত বুমৰাহ, কে এল ৰাহুল, শ্ৰেয়স আয়াৰ আৰু প্ৰসিদ্ধ কৃষ্ণৰ পৰা আদি কৰি বহু খেলুৱৈ দীৰ্ঘদিন ধৰি আঘাতৰ বাবে আঁতৰি আছে। ইফালে অনুৰাগীসকলক সন্তুষ্ট কৰিবলৈ পোহৰলৈ আহিছে এক প্ৰতিবেদন।

ইংৰাজী কাকত ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক বাতৰি অনুসৰি অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহ, উইকেটকীপাৰ বেটছমেন কে এল ৰাহুল আৰু মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়স আয়াৰ উপলব্ধ হ’ব। 

প্ৰতিবেদন অনুসৰি, অ’পেনাৰ উইকেট কীপাৰ বেটছমেন কে এল ৰাহুলে এই সপ্তাহৰ পৰা বেটিং অনুশীলন আৰম্ভ কৰিব। ২০২৩ চনৰ আই পি এলৰ মাজভাগত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে খেলখনত ফিল্ডিং কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হৈছিল ৰাহুল। একে সময়তে বিখ্যাত বেগী বলাৰ প্ৰসিদ্ধ  কৃষ্ণই বলিং আৰম্ভ কৰিছে। আঘাতৰ বাবে তেওঁ IPL ২০২৩ ত অংশ ল’ব পৰা নাছিল।

কঁকালৰ বিষৰ বাবে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি আছে যশপ্ৰীত বুমৰাহ। আই পি এল ২০২৩ আৰু টি-২০ বিশ্বকাপতো তেওঁ অংশ ল’ব পৰা নাছিল। একে সময়তে শ্ৰেয়স আয়াৰে আঘাতৰ বাবে আই পি এল ২০২৩ত অংশ ল’ব পৰা নাছিল। অৱশ্যে এতিয়া এই দুয়োগৰাকী খেলুৱৈয়ে আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পৰা উভতি আহিব। প্ৰতিবেদনত কোৱা হৈছে যে আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবে আয়াৰ আৰু বুমৰাহ দুয়ো উপলব্ধ হ’ব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু