--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিপদ বাঢ়িছে মধ্যপ্ৰদেশ চৰকাৰৰ৷এইবাৰ এজন সাধাৰণ লোকৰ প্ৰশ্নৰ সমুখীন হৈছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান৷লোকজনে চৌহানক প্ৰশ্ন কৰিছে যে দুৰ্বলসকলৰ বিৰুদ্ধেহে কিয় চৰকাৰৰ বুলড’জাৰ চলে? এই মন্তব্য মধ্যপ্ৰদেশৰ গোৱালিয়ৰ জিলাৰ মাধৌগঞ্জ থানা এলেকাৰ নিবাসী সুনীল ৰাৱাটৰ। তেওঁৰ ১৮ বছৰীয়া পুত্ৰ সুমিত ৰাৱটক যোৱা জুলাই মাহত এগৰাকী ছাত্ৰক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ঘটনাটো ১০ জুলাইত সংঘটিত হৈছিল, ১৩ জুলাইত সুমিত ধৰা পৰিছিল আৰু পাছদিনা পুৱা স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে সুমিতৰ ঘৰৰ বাহিৰত বুলডজাৰ লৈ থিয় হৈ আছিল।

সুনীলৰ পত্নী ক্ৰান্তিয়ে কয়, 'পুত্ৰই ভুল কৰিলে, শাস্তি দিয়ক কিন্তু পুলিচ আৰু প্ৰশাসনৰ বিষয়াই আহি কয় যে আপুনি আপোনাৰ ল'ৰাটোক কি শিকাইছে!' সুনীলে সংবাদ মাধ্যম দ্য ৱায়াৰৰ ওচৰত নিজৰ ঘৰৰ সৈতে জড়িত নথি-পত্ৰও দাখিল কৰে। উল্লেখযোগ্য যে এই ঘটনাৰ প্ৰায় ছমাহ পূৰ্বে তেওঁ বেংকৰ পৰা ৫ লাখ টকাৰ ঋণ লৈছিল, সেই ঘৰটো অবৈধ নিৰ্মাণ বুলি দোহাই দি আৰক্ষী আৰু প্ৰশাসনে খৰখেদাকৈ ভাঙি পেলাইছিল।প্ৰশাসনৰ বিৰুদ্ধে ঋণ প্ৰদান কৰা বেংকটোৱে এখন আবেদন দাখিল কৰি ঘৰ ভাঙি পেলোৱা কাৰ্যক অবৈধ আৰু স্বেচ্ছাচাৰী বুলি অভিহিত কৰে। উল্লেখ্য যে ঘৰটোৰ মালিকীস্বত্ব ৭৫ বছৰীয়া কমল সিঙৰ হাতত। কমল সিং অসুস্থ। ঘৰটোত তেওঁ, পত্নী, জোঁৱাই সুনীল আৰু ক্ৰান্তিকে ধৰি মুঠ ৮জন লোকে বাস কৰিছিল। সুনীলে কয় যে এই ঘৰটো বন্ধকত ৰাখি এতিয়ালৈকে মুঠ ঋণ লোৱা ধন হৈছে ৭.৫ লাখ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক