--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ নিৰ্বাচনমুখী ছত্তীশগড়ত আন এক প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপি৷ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে দীপাৱলী উপলক্ষে মহিলাসকলক এক বৃহৎ উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। মুখ্যমন্ত্ৰী ৱাঘেলে কয় যে আজি দীপাৱলীৰ শুভ মূহূৰ্ত উপলক্ষে দেৱী লক্ষ্মীৰ কৃপা আৰু ছত্তীশগড় মাহতাৰীৰ আশীৰ্বাদত ৰাজ্যৰ নাৰী শক্তিৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কংগ্ৰেছ চৰকাৰ পুনৰ গঠন হোৱাৰ লগে লগে ৰাজ্যৰ মহিলাসকলক "ছত্তীশগড় গৃহ লক্ষ্মী যোজনা"ৰ অধীনত পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত প্ৰতি বছৰে ১৫ হাজাৰ টকা দিয়া হ'ব।


আচলতে ছত্তীশগড়ত প্ৰথম পৰ্যায়ৰ ২০ খন আসনৰ বাবে ভোটদান হৈছে। দ্বিতীয় পৰ্যায়ত ৭০খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত দীপাৱলী উপলক্ষে মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেলে মহিলা ভোটাৰক আকৰ্ষণ কৰিবলৈ এক বৃহৎ ঘোষণা কৰিছে।মুখ্যমন্ত্ৰীজনে এক্সত লিখিছে, 'আজি দেৱালীৰ শুভ ক্ষণ উপলক্ষে ঘোষণা কৰিছোঁ যে আপোনালোকে কংগ্ৰেছক ভোট দিয়ক, ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰ গঠন কৰক, আমি "ছত্তীশগড় গৃহ লক্ষ্মী যোজনা" আৰম্ভ কৰিম যাৰ অধীনত আমি প্ৰতিগৰাকী মহিলাক প্ৰতি বছৰে ১৫ হাজাৰ টকা প্ৰদান কৰিম। মই সকলো মাতৃ-ভগ্নীক ক'ব বিচাৰিছো যে, আপোনালোকে ক'তো শাৰী পাতি থিয় হোৱাৰ প্ৰয়োজন নাই, কোনো প্ৰ-পত্ৰ পূৰণৰো প্ৰয়োজন নাই। কংগ্ৰেছ চৰকাৰ গঠন কৰক, চৰকাৰে নিজেই আপোনালোকৰ ঘৰৰ জৰীপ কৰিব, সকলো অনলাইন হ’ব আৰু টকা পোনে পোনে আপোনাৰ একাউণ্টত আহিব। শাৰী পাতি থিয় হোৱাৰ কোনো প্ৰয়োজন নাই।'

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ