--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'আশা' নামৰ নামিবিয়ান এটা চিতাই মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত তিনিটা পোৱালি জন্ম দিয়ে। এই ঘটনাৰ ভিডিঅ’ কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী ভূপেন্দৰ যাদৱে এক্স (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত) লৈ গৈ নৱজাত পোৱালিকেইটাৰ সৈতে পোষ্ট কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ সৈতে জড়িত সকলো বিশেষজ্ঞ আৰু বিষয়াক অভিনন্দন জ্ঞাপন কৰে।তেওঁ লিখে যে "প্ৰজেক্ট চিতাৰ বাবে এয়া এক গৰ্জনকাৰী সফলতা, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিৱেশ ভাৰসাম্য পুনৰুদ্ধাৰৰ বাবে কল্পনা কৰিছিল"।


পোষ্টটোত যাদৱে কয় যে প্ৰকল্পটোৰ সৈতে জড়িত সকলো বিশেষজ্ঞ, কুনো বন্যপ্ৰাণী বিষয়া, আৰু সমগ্ৰ ভাৰতৰ বন্যপ্ৰাণী অনুৰাগীসকললৈ মোৰ ডাঙৰ অভিনন্দন।২০২৩ চনৰ মাৰ্চ মাহত ছিয়ায়া নামৰ আন এটা চিতা, যাৰ নাম পিছলৈ জৱালা বুলি ৰখা হৈছিল, তাই চাৰিটা পোৱালি জন্ম হৈছিল। 


১৯৫২ চনত দেশত চিতা বিলুপ্ত হৈ যোৱাৰ বাবে নৱজাতক আছিল সাত দশকৰো অধিক সময়ৰ ভিতৰত ভাৰতত জন্ম হোৱা প্ৰথমটো চিতা পোৱালি।এতিয়া তিনিটা পোৱালি জন্ম হোৱাৰ লগে লগে দেশত মুঠ চিতাৰ সংখ্যা ১৮টা, ইয়াৰে ১৪টা প্ৰাপ্তবয়স্ক, আৰু বাকী ৪টা পোৱালি।

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত নামিবিয়াৰ পৰা অনা পৱন নামৰ মতা চিতাটো পিপালবাওড়ী পৰ্যটন মণ্ডলৰ অন্তৰ্গত কেএনপিৰ নয়াগাঁও অঞ্চলত মুকলি কৰি দিয়া হৈছিল। ডিচেম্বৰ মাহত নয়াগাঁও বনাঞ্চলত এবিধ মাইকী চিতা ‘বীৰা’কো বন্যপ্ৰাণীলৈ এৰি দিয়া হৈছিল।ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় উদ্যানখনৰ আহেৰা পৰ্যটন মণ্ডলৰ অন্তৰ্গত পৰোণ্ড বনাঞ্চলত দুটা মতা চিতা - অগ্নি আৰু ভায়ুক মুকলি কৰি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক