--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত শ্বিলং লাজং এফ চিয়ে ২-১ গলত পৰাস্ত কৰে ভাৰতীয় নৌ সেনাৰ ফুটবল দলক

ডিজিটেল ডেস্কঃ শ্বিলং লাজং এফ.চিয়ে চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷


আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত শ্বিলং লাজং এফ চিয়ে ২-১ গলত পৰাস্ত কৰে ভাৰতীয় নৌ সেনাৰ ফুটবল দলক৷


উল্লেখ্য যে খেলৰ ৬৯ মিনিটলৈ লাজং এগলত পিছ পৰি আছিল যদিও দহ মিনিটৰ ভিতৰত দুটা গল কৰি তৃতীয়বাৰৰ বাবে ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ অন্তিম চাৰিলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷


মণিপুৰত খেলা গ্ৰুপৰ মেচত সকলোকে চমক দিয়া নৌ সেনাৰ দলে এইবাৰ উত্তৰ-পূৱ ভাৰতৰ ফুটবলৰ আবেগিক আন এখন পাহাৰীয়া ৰাজ্য মেঘালয়তো উজলি উঠে৷ খেলৰ আৰম্ভনিৰ পৰাই সেনাৰ দলেটোৱে শ্বিলং লাজঙক চাপত ৰখি আক্ৰমণ কৰে৷ কিন্তু গলৰক্ষক ছিৱালৰ দৃঢ়তাৰ বাবেই লাজং দুবাৰকৈ ৰক্ষা পৰিছিল৷


৩৮ মিনিটত ছিবালে বল আয়ত্ব কৰিবলৈ বক্সৰ বাহিৰলৈ ওলাই অহাৰ ভুলৰ সুযোগ লৈয়ে নৌ সেনাৰ বিজয় মাৰান্দিয়ে গল কৰি বিৰতিলৈ দলক আগুৱাই ৰাখে৷ অৱশ্যে প্ৰথমাৰ্ধত লাজঙেও গল কৰাৰ সুযোগ পাইছিল৷ কিন্তু নৌ সেনাৰ অধিনায়ক তথা গলৰক্ষক ভাস্কৰে অনবদ্যৰূপত দুৰ্গ ৰক্ষা কৰিবলৈ সক্ষম হয়৷


দ্বিতীয়াৰ্ধত ৰঙা জাৰ্ছি পৰিহিত লাজঙৰ সমৰ্থকৰ কোলাহলে উদ্ভাসিত কৰি তোলে ষ্টেডিয়াম৷ আনহাতে, লাইট জ্বলি উঠাত খেলপথাৰৰ পৰিৱেশ চমকিত হোৱাৰ লগতে শ্বিলং লাজং দলৰ খেলো সলনি হৈ যায়৷ অনুৰাগীৰ সমৰ্থনে খেলুৱৈসকলৰ অতিৰিক্ত শক্তি বৃদ্ধিত সহায় কৰে৷ ৬৯ মিনিটত ইয়াৰ সুফল দলে লাভ কৰে আৰু ডামাইটে গল কৰি মেচত সমতা স্থাপন কৰে৷ ৭৯ মিনিটত লাজঙে লাভ কৰে পেনাল্টি৷


প্ৰতিযোগিতাৰ কাইলৈ জামছেদপুৰৰ জে আৰ ডি ক্ৰীড়া প্ৰকল্পত আবেলি চাৰি বজাত হ’বলগা তৃতীয় কোৱাৰ্টাৰ ফাইনেলত জামছেদপুৰ এফ চি মুখামুখি হ’ব ডাইমণ্ড হাৰবাৰ এফ চিৰ৷ আনহাতে, নিশা সাত বজাত কলকাতা ডাৰ্বিত বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিয়ে অন্তিমখন কোৱাৰ্টাৰ ফাইনেল খেলিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু