--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত শ্বিলং লাজং এফ চিয়ে ২-১ গলত পৰাস্ত কৰে ভাৰতীয় নৌ সেনাৰ ফুটবল দলক

ডিজিটেল ডেস্কঃ শ্বিলং লাজং এফ.চিয়ে চলিত ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷


আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত শ্বিলং লাজং এফ চিয়ে ২-১ গলত পৰাস্ত কৰে ভাৰতীয় নৌ সেনাৰ ফুটবল দলক৷


উল্লেখ্য যে খেলৰ ৬৯ মিনিটলৈ লাজং এগলত পিছ পৰি আছিল যদিও দহ মিনিটৰ ভিতৰত দুটা গল কৰি তৃতীয়বাৰৰ বাবে ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ অন্তিম চাৰিলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷


মণিপুৰত খেলা গ্ৰুপৰ মেচত সকলোকে চমক দিয়া নৌ সেনাৰ দলে এইবাৰ উত্তৰ-পূৱ ভাৰতৰ ফুটবলৰ আবেগিক আন এখন পাহাৰীয়া ৰাজ্য মেঘালয়তো উজলি উঠে৷ খেলৰ আৰম্ভনিৰ পৰাই সেনাৰ দলেটোৱে শ্বিলং লাজঙক চাপত ৰখি আক্ৰমণ কৰে৷ কিন্তু গলৰক্ষক ছিৱালৰ দৃঢ়তাৰ বাবেই লাজং দুবাৰকৈ ৰক্ষা পৰিছিল৷


৩৮ মিনিটত ছিবালে বল আয়ত্ব কৰিবলৈ বক্সৰ বাহিৰলৈ ওলাই অহাৰ ভুলৰ সুযোগ লৈয়ে নৌ সেনাৰ বিজয় মাৰান্দিয়ে গল কৰি বিৰতিলৈ দলক আগুৱাই ৰাখে৷ অৱশ্যে প্ৰথমাৰ্ধত লাজঙেও গল কৰাৰ সুযোগ পাইছিল৷ কিন্তু নৌ সেনাৰ অধিনায়ক তথা গলৰক্ষক ভাস্কৰে অনবদ্যৰূপত দুৰ্গ ৰক্ষা কৰিবলৈ সক্ষম হয়৷


দ্বিতীয়াৰ্ধত ৰঙা জাৰ্ছি পৰিহিত লাজঙৰ সমৰ্থকৰ কোলাহলে উদ্ভাসিত কৰি তোলে ষ্টেডিয়াম৷ আনহাতে, লাইট জ্বলি উঠাত খেলপথাৰৰ পৰিৱেশ চমকিত হোৱাৰ লগতে শ্বিলং লাজং দলৰ খেলো সলনি হৈ যায়৷ অনুৰাগীৰ সমৰ্থনে খেলুৱৈসকলৰ অতিৰিক্ত শক্তি বৃদ্ধিত সহায় কৰে৷ ৬৯ মিনিটত ইয়াৰ সুফল দলে লাভ কৰে আৰু ডামাইটে গল কৰি মেচত সমতা স্থাপন কৰে৷ ৭৯ মিনিটত লাজঙে লাভ কৰে পেনাল্টি৷


প্ৰতিযোগিতাৰ কাইলৈ জামছেদপুৰৰ জে আৰ ডি ক্ৰীড়া প্ৰকল্পত আবেলি চাৰি বজাত হ’বলগা তৃতীয় কোৱাৰ্টাৰ ফাইনেলত জামছেদপুৰ এফ চি মুখামুখি হ’ব ডাইমণ্ড হাৰবাৰ এফ চিৰ৷ আনহাতে, নিশা সাত বজাত কলকাতা ডাৰ্বিত বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত মোহন বাগান ছুপাৰ জায়েণ্ট আৰু ইষ্ট বেংগল এফ চিয়ে অন্তিমখন কোৱাৰ্টাৰ ফাইনেল খেলিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ