--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটাৰ পিছত আন এটা ঘটনাই জোকাৰি গৈছে 'দ্য কাশ্মীৰ ফাইলছ'ক। চাৰিওফালে ছবিখনক লৈ চলিছে চৰ্চা। এইবাৰ চিনেমা চলি থকা সময়ত 'পাকিস্তান জিন্দাবাদ' শ্ল'গান দিয়াৰ খবৰ পোহৰলৈ আহিছে। টুইটাৰত এই ভিডিঅ'টো এতিয়া ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো সিদ্ধু নামৰ এজন ব্যক্তিৰ টুইটাৰ প্ৰফাইলৰ পৰা শ্বেয়াৰ হোৱা দেখিবলৈ পোৱা গৈছে। জানিবলৈ পোৱা মতে, ঘটনাটো তেলেংগানাৰ আদিলাবাদ অঞ্চলৰ নটৰাজ থিয়েটাৰ চিনেমা হলত সংঘটিত হৈছিল। দুজন ব্যক্তিয়ে ছবিগৃহৰ ভিতৰত 'দ্য কাশ্মীৰ ফাইলছ' ছবিখন চলি থকা সময়ত 'পাকিস্তান জিন্দাবাদ শ্ল'গান' দিছিল। ফলত উত্তেজিত হৈ পৰে উপস্থিত দৰ্শক।আৰু তেওঁলোকক প্ৰহাৰো কৰে। স্মৰ্তব্য যে, ১১ মাৰ্চত মুক্তি পাইছিল বিবেক অগ্নিহোত্ৰী পৰিচালিত 'দ্য কাশ্মীৰ ফাইলছ' ছবিখন। ’৯০ ৰ দশকত কাশ্মীৰী পণ্ডিতসকলক কেনেকৈ কাশ্মীৰৰ পৰা উৎখাত কৰা হৈছিল, পৰিয়ালবোৰৰ ওপৰত কেনেধৰণৰ বৰ্বৰ অত্যাচাৰ সংঘটিত হৈছিল তাৰ প্ৰকৃত ছবি চিত্ৰিত কৰিবলৈ চেষ্টা কৰা বুলি দাবী কৰি আহিছে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে। ছবিখনত মিথুন চক্ৰৱৰ্তী, অনুপম খেৰ, পল্লৱী যোশী, দৰ্শন কুমাৰে দৰে তাৰকা অভিনেতা-অভিনেত্ৰীয়ে মূখ্য চৰিত্ৰত অভিনয় কৰিছে। স্মৰ্তব্য যে, মুক্তিৰ আগৰ পৰাই ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনক লৈ উত্তপ্ত হৈ পৰিছিল ৰাজনৈতিক মহল। ছবিখনৰ মুক্তিৰ পাছত ইয়াৰ প্ৰভাৱ আৰু দুগুণ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত ছবিখনৰ প্ৰশংসা শুনিবলৈ পোৱা গৈছিল। দেশৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰিছিল বিৰোধীয়ে। ছবিখনত প্ৰকৃত সত্যক লুকুৱাই ৰখা বুলি অভিযোগ উত্থাপিত হৈছে। একাংশই এই ছবিখনক মোদী চৰকাৰৰ প্ৰচাৰমূলক ছবি বুলি অভিহিত কৰিছে। ইফালে, ছবিখনৰ মুক্তিৰ পাছৰে পৰা পৰিচালক বিবেক অগ্নিহোত্ৰীৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাইছে বুলি শুনিবলৈ পোৱা গৈছে। পৰিচালকৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বিবেক অগ্নিহোত্ৰীক কেন্দ্ৰীয় চৰকাৰে ৱাই শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰিছে। ইফালে অভিনয়তকৈ এতিয়া অধিকতৰ সময় সামাজিক কাৰ্যকলাপতে ব্যস্ত হৈ থকা নানা পাটেকাৰে ছবিখনক লৈ কৰিছিল আচৰিত মন্তব্য। সাংবাদিকসকলে ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনৰ প্ৰসংগত তেওঁৰ মতামত জানিব বিচাৰিছিল। ইয়াৰ উত্তৰত অভিনেতাজনে কয় যে, হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকল এই ভাৰতৰ। দুয়োটা সম্প্ৰদায় শান্তিত থাকিব লাগে। এওঁলোকৰ এজনৰ আনজনৰ প্ৰয়োজনীয়তা আছে। পৰস্পৰে পৰস্পৰৰ অবিহনে জীয়াই থাকিব নোৱাৰে। এখন চলচ্চিত্ৰৰ বাবে বিভাজনৰ পৰিস্থিতি সৃষ্টি হোৱাতো উচিত নহয়। সকলোৱে যেন শান্তিত থাকে। এনে এখন ছবিৰ জৰিয়তে সমাজৰ বিভাজন কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলৰ ওচৰত উত্তৰ বিচাৰিব লাগে সমাজে। তেওঁলোকক জনোৱা উচিত যে, এনে কৰিলে সমাজখন থান বান হৈ পৰিব। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
মধ্যপ্ৰদেশৰ বাৰগী বান্ধত শোকাবহ নাও দুৰ্ঘটনা: ৯ জনৰ সলিল সমাধি, উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ
ধৰ্মীয় অনুভূতিত আঘাতৰ গোচৰ: ভাৰতী সিং আৰু শেখৰ সুমনক বম্বে উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ
দুর্ভিক্ষৰ কৰাল গ্ৰাসত পৰিব বিশ্বৰ ১.২ কোটি লোক
অনলাইন খাদ্য ব্যৱসায়ত FSSAIৰ কঠোৰ পদক্ষেপ ;ই-কমাৰ্চ কোম্পানীক ৬ লাখ টকাৰ জৰিমনা
বীমা কোম্পানীৰ মনমৰ্জি নচলিব: সময়সীমাৰ দোহাই দি দাবী নাকচ কৰাত বোম্বাই উচ্চ ন্যায়ালয়ৰ বাধা
উত্তৰ প্ৰদেশত প্ৰচণ্ড ধুমুহা-বৰষুণৰ তাণ্ডৱ: ২৪ জনৰ মৃত্যু, বিস্তৰ ক্ষতিসাধন
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী