--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিবা নহয় কিবা কাৰণত চৰ্চাত থাকে মালাইকা অৰোৰা। বলীউডৰ জনপ্ৰিয় 'ছেক্সী' অভিনেত্ৰী হিচাপেও নাম আছে মালাইকাৰ। এগৰাকী ভাল অভিনেত্ৰীৰ উপৰি তেওঁ এগৰাকী দক্ষ নৃত্যশিল্পী। ৰূপালী পৰ্দাৰ লগতে অভিনেত্ৰীগৰাকীক কেইবাটাও ডান্স ৰিয়েলিটি শ্ব'ৰ মঞ্চত বিচাৰক হিচাপে দেখিবলৈ পোৱা গৈছে। অৱশ্যে, বিচাৰকৰ আসনত বহিয়ো বিভিন্ন সময়ত মঞ্চত প্ৰদৰ্শন কৰে আকৰ্ষণীয় নৃত্য। মালাইকাৰ উদ্দাম নৃত্যৰ প্ৰতি প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলৰো আছে বিশেষ টান। শেহতীয়াকৈ, তেনে এটি পাৰফ’মেন্স ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত। শ্বাহৰূখ খান আৰু মনীষা কৈৰালা অভিনীত ১৯৯৮ চনৰ ‘দিল ছে’ ছবিখনে কঁপনি তুলিছিল বক্স অফিছত। এই ছবিখনৰ প্ৰতিখন গীতে মানুহে বৰ আগ্ৰহেৰে সাবটি লৈছিল। বিশেষকৈ সুকবিন্দাৰ সিঙৰ কন্ঠত ‘চাইয়াঁ চাইয়াঁ’ গীতটো বিপুলভাৱে জনপ্ৰিয় হৈছিল শ্ৰোতা-দৰ্শকৰ মাজত। শ্বাহৰূখ আৰু মালাইকা অৰোৰাক গীতটোত নৃত্য কৰা দেখা গৈছিল। দৃশ্যটো এখন ৰেলৰ মূৰত শ্বুট কৰা হৈছিল। অলপতে গীতটোৰ তালে তালে 'ইণ্ডিয়া গট টেলেণ্ট'ৰ মঞ্চত নৃত্য কৰা দেখা গৈছিল মালাইকা অৰোৰাক। তেওঁৰ সহযোগী হিচাপে আছিল আন কেইবাজনো। ভিডিঅ'টো ছ’নিৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা হৈছে। ভাইৰেল ভিডিঅ'টোত, অভিনেত্ৰীগৰাকীক স্কিনটাইট ৰূপালী ৰঙৰ জিলিকি থকা পোছাকত দেখা গৈছে। খোলা চুলি,হাই হীল পিন্ধি আছিল মালাইকাই। ৰিয়েলিটি শ্ব'ৰ মঞ্চত বোল্ড ৰূপত ধৰা দিছে অভিনেত্ৰীগৰাকীয়ে। অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ নৃত্য দেখি প্ৰশংসাৰে উপচাই পেলাইছে। অৱশ্যে, 'পিংকভিলা'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে, যেতিয়ালৈকে মই বলীউডত থাকিম তেতিয়ালৈকে এগৰাকী 'ছেক্সি' অভিনেত্ৰী হিচাপেই থাকিম।’ PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু