--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিবা নহয় কিবা কাৰণত চৰ্চাত থাকে মালাইকা অৰোৰা। বলীউডৰ জনপ্ৰিয় 'ছেক্সী' অভিনেত্ৰী হিচাপেও নাম আছে মালাইকাৰ। এগৰাকী ভাল অভিনেত্ৰীৰ উপৰি তেওঁ এগৰাকী দক্ষ নৃত্যশিল্পী। ৰূপালী পৰ্দাৰ লগতে অভিনেত্ৰীগৰাকীক কেইবাটাও ডান্স ৰিয়েলিটি শ্ব'ৰ মঞ্চত বিচাৰক হিচাপে দেখিবলৈ পোৱা গৈছে। অৱশ্যে, বিচাৰকৰ আসনত বহিয়ো বিভিন্ন সময়ত মঞ্চত প্ৰদৰ্শন কৰে আকৰ্ষণীয় নৃত্য। মালাইকাৰ উদ্দাম নৃত্যৰ প্ৰতি প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলৰো আছে বিশেষ টান। শেহতীয়াকৈ, তেনে এটি পাৰফ’মেন্স ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত। শ্বাহৰূখ খান আৰু মনীষা কৈৰালা অভিনীত ১৯৯৮ চনৰ ‘দিল ছে’ ছবিখনে কঁপনি তুলিছিল বক্স অফিছত। এই ছবিখনৰ প্ৰতিখন গীতে মানুহে বৰ আগ্ৰহেৰে সাবটি লৈছিল। বিশেষকৈ সুকবিন্দাৰ সিঙৰ কন্ঠত ‘চাইয়াঁ চাইয়াঁ’ গীতটো বিপুলভাৱে জনপ্ৰিয় হৈছিল শ্ৰোতা-দৰ্শকৰ মাজত। শ্বাহৰূখ আৰু মালাইকা অৰোৰাক গীতটোত নৃত্য কৰা দেখা গৈছিল। দৃশ্যটো এখন ৰেলৰ মূৰত শ্বুট কৰা হৈছিল। অলপতে গীতটোৰ তালে তালে 'ইণ্ডিয়া গট টেলেণ্ট'ৰ মঞ্চত নৃত্য কৰা দেখা গৈছিল মালাইকা অৰোৰাক। তেওঁৰ সহযোগী হিচাপে আছিল আন কেইবাজনো। ভিডিঅ'টো ছ’নিৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা হৈছে। ভাইৰেল ভিডিঅ'টোত, অভিনেত্ৰীগৰাকীক স্কিনটাইট ৰূপালী ৰঙৰ জিলিকি থকা পোছাকত দেখা গৈছে। খোলা চুলি,হাই হীল পিন্ধি আছিল মালাইকাই। ৰিয়েলিটি শ্ব'ৰ মঞ্চত বোল্ড ৰূপত ধৰা দিছে অভিনেত্ৰীগৰাকীয়ে। অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ নৃত্য দেখি প্ৰশংসাৰে উপচাই পেলাইছে। অৱশ্যে, 'পিংকভিলা'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে, যেতিয়ালৈকে মই বলীউডত থাকিম তেতিয়ালৈকে এগৰাকী 'ছেক্সি' অভিনেত্ৰী হিচাপেই থাকিম।’ PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু