--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম বংগত নিষিদ্ধ হ’ল ‘দ্য কেৰেলা ষ্ট’ৰী’। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই ঘোষণা কৰিছে। তেওঁ কয় যে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ ৰাজ্যখনত ‘কেৰালা কাহিনী’ নিষিদ্ধ কৰা হৈছে। এই চিনেমাখনত দেখুওৱা সকলো দৃশ্যই ৰাজ্যৰ শান্তি-শৃংখলাৰ বাবে বিপদজনক হ’ব পাৰে। গতিকে ইয়াক নিষিদ্ধ কৰা হ’ল।

ইয়াৰ পূৰ্বে তামিলনাডুতো এই ছবিখন নিষিদ্ধ কৰা হৈছিল। আনহাতে মধ্যপ্ৰদেশ চৰকাৰে এই ছবিখনক নিজৰ ৰাজ্যত কৰমুক্ত ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই কৰ্ণাটকৰ বেলেৰীত অনুষ্ঠিত এক সমাৱেশত দ্য কেৰালা ষ্ট’ৰীক প্ৰশংসা কৰি কয় যে ছবিখনে সন্ত্ৰাসবাদৰ মুখা খুলিব।

সোমবাৰে মমতাই সংবাদমেলত ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ প্ৰাসংগিকতাক লৈ প্ৰশ্ন উত্থাপন কৰে। কেৰেলা ফাইলছক  মিছা আৰু বিকৃত কাহিনী হিচাপে আখ্যা দিয়ে মমতাই।

উল্লেখ্য যে চিনেমাখনত লাভ জিহাদক দেখুওৱা হৈছে। কেৰালাৰ বাওঁ চৰকাৰে ছৱিখনৰ কাহিনীক নস্যাৎ কৰিছে। মমতাই ‘দ্য কেৰেলা ষ্ট’ৰী’ক লৈ প্ৰতিবাদ কৰিলেও কেৰালাত শাসকীয় দলটোক সমৰ্থন কৰা নাই। এই সন্দৰ্ভত মমতাই স্পষ্টকৈ কয়, "মই চিপিএমক সমৰ্থন নকৰো। মানুহৰ কথাহে কৈছোঁ। বিজেপিৰ সৈতে একেলগে কাম কৰি আছে চিপিএমে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে