--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে সন্ধিয়া কেৰালাত এটা ভয়ানক নাও দুৰ্ঘটনা সংঘটিত হৈ যায়। পৰ্যটকৰ নাও ডুবি যোৱাৰ ফলত  বৰ্তমানলৈ কমেও ২২ জন লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

থুভাল থিৰাম কেৰালাৰ মালাপ্পুৰামৰ এক জনপ্ৰিয় পৰ্যটনস্থলী। দেওবাৰে সন্ধিয়া তাত থকা এটা হ্ৰদত হাউচবোটত উঠি আনন্দ উপভোগ কৰি আছিল পৰ্যটকসকলে। সেই নাওখনত ৪০ জন মানুহ আছিল। হঠাতে পৰ্যটকৰ নাওখন উলটি যায়। সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হয়। তেওঁলোকে যুদ্ধকালীনভাৱে উদ্ধাৰৰ কাম আৰম্ভ কৰে।কেৰেলাৰ মন্ত্ৰী ভি আব্দুৰাহিমানে কয় যে এতিয়ালৈকে মুঠ মৃত্যুৰ সংখ্যা ২২ জন। ইয়াৰে অধিকাংশই শিশু। আহতসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৭জন লোকৰ অৱস্থা সংকটজনক।

ইপিনে, উদ্ধাৰকাৰীসকলে জানিবলৈ দিয়া মতে দুৰ্ঘটনাগ্ৰস্ত হাউচবোটৰ তলত বহু লোক আবদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কেৰালাৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ মৃতকৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে। সেই ধন প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দিয়া হ’ব।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ মালাপ্পুৰমৰ জিলা দণ্ডাধীশক দুৰ্যোগ ব্যৱস্থপনা বাহিনীৰ সৈতে সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। সোমবাৰে পুৱাও মুখ্যমন্ত্ৰীয়ে বাতিল কৰে চৰকাৰী কাৰ্যসূচী। ৰাতিপুৱাই তেওঁ দুৰ্ঘটনাস্থলীত উপস্থিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান