--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংকা বাজিছে সমগ্ৰ দেশত। অহা মাহৰ ১৯ তাৰিখৰ পৰা ১ জুনৰ ভিতৰত ৭টা পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ইয়াৰ ফলাফল দিয়া হ’ব অহা ৪ জুনত। এনে সময়তে তামিলনাডুৰ পৰা এনে এজন প্ৰাৰ্থীৰ খবৰ ওলাইছে, যিজন প্ৰাৰ্থীয়ে নিজৰ জয়ৰ বাবে নহয়, পৰাজয়ৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। 
Latest and Breaking News on NDTV
তামিলনাডুৰ কে পদ্মৰাজন নামৰ লোকজনে ‘বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচনী পৰাজয়ী’ খিতাপ লাভ কৰিছে। ২৩৮ বাৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছতো ৬৫ বছৰীয়া পদ্মৰাজনে পুনৰবাৰ ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে।

তথ্য অনুসৰি এইবাৰ পদ্মৰাজনে তামিলনাডুৰ ধৰ্মপুৰী জিলাৰ এখন সংসদীয় আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে। এতিয়ালৈকে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা আৰম্ভ কৰি স্থানীয় নিৰ্বাচনলৈকে, প্ৰতিটো নিৰ্বাচনত অংশগ্ৰহণ কৰি আহিছে। পদ্মৰাজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ লগতে মনমোহন সিং আৰু ৰাহুল গান্ধীৰ দৰে নেতাৰ মুখামুখি হৈছে। অৱশ্যে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল পদ্মৰাজনে।
Latest and Breaking News on NDTV
টায়াৰ মেৰামতিৰ দোকানৰ মালিক পদ্মৰাজনে ১৯৮৮ চনত তামিলনাডুৰ গৃহ চহৰ মেট্টুৰৰ পৰা প্ৰথমবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। পদ্মৰাজনে যেতিয়া প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দাখিল কৰিছিল তেতিয়া মানুহে তেওঁক লৈ হাঁহিবলৈ আৰম্ভ কৰিছিল। কিন্তু তেতিয়া পদ্মৰাজনে কৈছিল যে তেওঁ প্ৰমাণ কৰিব বিচাৰিছে যে এজন সাধাৰণ মানুহেও নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে। তেওঁ কৈছিল যে ''সকলো প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হ’ব বিচাৰে...কিন্তু মই ইয়াৰ কামনা নকৰো, পৰাস্ত হ’লে মই সুখী অনুভৱ কৰোঁ।'' উল্লেখ্য যে জয়ৰ আশাৰে কোনোদিন নিৰ্বাচন খেলা নাই পদ্মৰাজনে। তেওঁৰ মতে, নিৰ্বাচনত নমাটোৱেই তেওঁৰ বাবে জয়।

২৩৮ বাৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছতো হাৰ মনা নাই পদ্মৰাজনে। পদ্মৰাজন 'ইলেকচন কিং' নামেৰে জনপ্ৰিয়। দেশজুৰি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা আৰম্ভ কৰি স্থানীয় নিৰ্বাচনলৈকে পদ্মৰাজনে অংশগ্ৰহণ কৰাটো চাবলৈ গ'লে সাধাৰণ কথা নহয়।
Latest and Breaking News on NDTV
এতিয়ালৈকে তেওঁ নিৰ্বাচনত অসংখ্য চিহ্ন প্ৰাৰ্থী প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। মাছ, আঙঠি, টুপী, টেলিফোন ইত্যাদি চিহ্ন ব্যৱহাৰৰ পিছত এইবাৰ তেওঁৰ নিৰ্বাচনী প্ৰতীক হ’ব টায়াৰ।

পদ্মৰাজনে কয় যে তেওঁ জীৱনৰ শেষ উশাহ পৰ্যন্ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি থাকিব। কিন্তু যদি তেওঁ কেতিয়াবা জয়ী হয় তেন্তে তেওঁ নিজেই স্তম্ভিত হৈ পৰিব বুলি কোৱাৰ লগতে হাৰ্ট এটেক হৈ যাব পাৰে বুলিও ব্যংগ কৰি কয়।
He Has Lost 238 Times, But Will Contest Lok Sabha Polls Again
কোনো কামত এবাৰ, দুবাৰ চেষ্টা কৰিয়েই হতাশ হৈ পৰা মানুহবোৰে নিশ্চয়কৈ শিকিবলগীয়া আছে পদ্মৰাজনৰ পৰা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
টেক্সাছৰ বান : মৃতকৰ সংখ্যা ৮২ লৈ বৃদ্ধি
এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড কংগ্ৰেছী বিধায়কৰ ঘৰত
আমেৰিকা-বিৰোধী নীতিক সমৰ্থন কৰিলে অতিৰিক্ত ১০% শুল্ক আৰোপ কৰিব ট্রাম্পে
আৰ টি আই কৰ্মী দিলীপ নাথৰ বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ মূল্যবান কাঠ
বাৰিষা বাঢ়িছে নেকি সাপৰ উপদ্ৰৱ? ঘৰত সাপ ওলালে এইদৰে আঁতৰাওক
পত্নীৰ নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ
হাই প্ৰেছাৰতকৈ ল ’ প্ৰেছাৰ বেছি বিপজ্জনক
আই লাভ ইউ বুলি কোৱাটো অপৰাধ নেকি ? বোম্বে উচ্চ ন্যায়ালয়ৰ দিলে ঐতিহাসিক ৰায়
ৰাজ্যজুৰি গো মাংসৰ বজাৰ উৎখাত