--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন বলীউডৰ চিনেমাৰ কাহিনী। এজন স্বামীয়ে হাঁহি হাঁহি নিজ পত্নীক গতাই দিলে পত্নীৰ পূৰ্বৰ প্ৰেমিকৰ হাতত। যোৱা শনিবাৰে, ভাৰতৰ পশ্চিমবংগৰ বীৰভূম অঞ্চলত সংঘটিত হয় এই ঘটনা। যি ঘটনাক লৈ এতিয়াও চৰ্চা অব্যাহত আছে।

নাডুগোপাল মণ্ডলে পত্নী স্মৃতিক স-সন্মানে গতাই দিয়ে কৃষ্ণেন্দু মণ্ডলৰ হাতত। স্বামীৰ সমুখতে বিবাহপাশত আবদ্ধ হয় পত্নী আৰু প্ৰেমিক। সেই বিয়াৰ সাক্ষী হৈ ৰয় নাডুগোপাল মণ্ডল।

স্মৃতিয়ে পাঁচ বছৰ পূৰ্বে নাডুগোপাল মণ্ডলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ আছে এটি তিনি বছৰীয়া পুত্ৰ সন্তান। কিছুদিন আগতে স্মৃতিয়ে শহুৰেকৰ ঘৰৰ লগত সম্পৰ্ক শেষ কৰি প্ৰেমিক কৃষ্ণেন্দুৰ ওচৰলৈ গুচি গৈছিল। স্বামীয়ে তেতিয়া থানাত পত্নী নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে। চাৰিদিন পাছত স্মৃতিয়ে ক’লে যে তেওঁ আৰু স্বামীৰ লগত থাকিব নিবিচাৰে।

পঞ্চম শ্ৰেণীৰ পৰাই সহপাঠী কৃষ্ণেন্দুৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল স্মৃতিৰ। কিন্তু পৰিয়ালৰ হেঁচাত তেওঁলোকৰ মিলন হ’বলৈ নাপালে। পৰিয়ালে স্মৃতিক বিয়া দিয়ে নাডুগোপাল মণ্ডললৈ। বিয়াৰ পাছতো স্মৃতিয়ে প্ৰেমিক কৃষ্ণেন্দুৰ লগত মোবাইল ফোনত যোগাযোগ ৰাখিছিল। 

স্মৃতিয়ে আগতেও এবাৰ ঘৰৰ পৰা ওলাই গৈছিল। পাছত বুজাই-বঢ়াই ঘৰলৈ লৈ অনা হৈছিল। এইবাৰ স্মৃতিয়ে পুনৰ ঘৰৰ পৰা ওলাই যোৱাত স্বামীক ক’লে যে কোনোপধ্যই তেওঁ ঘূৰি আহিবলৈ ইচ্ছুক নহয়। অৱশেষত স্বামীয়ে স্মৃতিক প্ৰেমিক কৃষ্ণেন্দুৰ হাতত গতাই দিয়াটোকেই উচিত হ’ব বুলি ভাবিলে। 
দাঁড়িয়ে থেকে প্রেমিকের সঙ্গে স্ত্রীর বিয়ে দিলেন স্বামী
নাডুগোপালে কয় যে, ‘‘মোৰ যিমানেই কষ্ট নহওক, এই প্ৰেম সঁচা হওক, সফল হওক। আমাৰ ল’ৰাটো মোৰ লগত থাকিব। মই তাক ভালকৈ ডাঙৰ-দীঘল কৰিম। আমি দুয়ো স্বেচ্ছাই বিবাহ বিচ্ছেদৰ পত্ৰত চহী মাৰিছোঁ।’’

স্মৃতিয়ে কয় যে, ‘‘মই গোটেই জীৱন মোৰ প্ৰেমিকৰ লগত থাকিব বিচাৰোঁ। স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছিলোঁ। এতিয়া মই বহুত সুখী।’’

প্ৰেমিক কৃষ্ণেন্দুৱে নাডুগোপাল মণ্ডলৰ সন্মুখতে স্মৃতিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কৃষ্ণেন্দুৱে কয় যে, "আমি বহু বছৰৰ পৰা ইজনে সিজনক ভাল পাই আহিছোঁ।" স্মৃতিৰ লগতে মই গোটেই জীৱন কটাব বিচাৰোঁ। স্মৃতিৰ স্বামী নাডুগোপাল মণ্ডলৰ প্ৰতি মই কৃতজ্ঞ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ