--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন বলীউডৰ চিনেমাৰ কাহিনী। এজন স্বামীয়ে হাঁহি হাঁহি নিজ পত্নীক গতাই দিলে পত্নীৰ পূৰ্বৰ প্ৰেমিকৰ হাতত। যোৱা শনিবাৰে, ভাৰতৰ পশ্চিমবংগৰ বীৰভূম অঞ্চলত সংঘটিত হয় এই ঘটনা। যি ঘটনাক লৈ এতিয়াও চৰ্চা অব্যাহত আছে।

নাডুগোপাল মণ্ডলে পত্নী স্মৃতিক স-সন্মানে গতাই দিয়ে কৃষ্ণেন্দু মণ্ডলৰ হাতত। স্বামীৰ সমুখতে বিবাহপাশত আবদ্ধ হয় পত্নী আৰু প্ৰেমিক। সেই বিয়াৰ সাক্ষী হৈ ৰয় নাডুগোপাল মণ্ডল।

স্মৃতিয়ে পাঁচ বছৰ পূৰ্বে নাডুগোপাল মণ্ডলৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ আছে এটি তিনি বছৰীয়া পুত্ৰ সন্তান। কিছুদিন আগতে স্মৃতিয়ে শহুৰেকৰ ঘৰৰ লগত সম্পৰ্ক শেষ কৰি প্ৰেমিক কৃষ্ণেন্দুৰ ওচৰলৈ গুচি গৈছিল। স্বামীয়ে তেতিয়া থানাত পত্নী নিৰুদ্দেশৰ গোচৰ ৰুজু কৰে। চাৰিদিন পাছত স্মৃতিয়ে ক’লে যে তেওঁ আৰু স্বামীৰ লগত থাকিব নিবিচাৰে।

পঞ্চম শ্ৰেণীৰ পৰাই সহপাঠী কৃষ্ণেন্দুৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল স্মৃতিৰ। কিন্তু পৰিয়ালৰ হেঁচাত তেওঁলোকৰ মিলন হ’বলৈ নাপালে। পৰিয়ালে স্মৃতিক বিয়া দিয়ে নাডুগোপাল মণ্ডললৈ। বিয়াৰ পাছতো স্মৃতিয়ে প্ৰেমিক কৃষ্ণেন্দুৰ লগত মোবাইল ফোনত যোগাযোগ ৰাখিছিল। 

স্মৃতিয়ে আগতেও এবাৰ ঘৰৰ পৰা ওলাই গৈছিল। পাছত বুজাই-বঢ়াই ঘৰলৈ লৈ অনা হৈছিল। এইবাৰ স্মৃতিয়ে পুনৰ ঘৰৰ পৰা ওলাই যোৱাত স্বামীক ক’লে যে কোনোপধ্যই তেওঁ ঘূৰি আহিবলৈ ইচ্ছুক নহয়। অৱশেষত স্বামীয়ে স্মৃতিক প্ৰেমিক কৃষ্ণেন্দুৰ হাতত গতাই দিয়াটোকেই উচিত হ’ব বুলি ভাবিলে। 
দাঁড়িয়ে থেকে প্রেমিকের সঙ্গে স্ত্রীর বিয়ে দিলেন স্বামী
নাডুগোপালে কয় যে, ‘‘মোৰ যিমানেই কষ্ট নহওক, এই প্ৰেম সঁচা হওক, সফল হওক। আমাৰ ল’ৰাটো মোৰ লগত থাকিব। মই তাক ভালকৈ ডাঙৰ-দীঘল কৰিম। আমি দুয়ো স্বেচ্ছাই বিবাহ বিচ্ছেদৰ পত্ৰত চহী মাৰিছোঁ।’’

স্মৃতিয়ে কয় যে, ‘‘মই গোটেই জীৱন মোৰ প্ৰেমিকৰ লগত থাকিব বিচাৰোঁ। স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছিলোঁ। এতিয়া মই বহুত সুখী।’’

প্ৰেমিক কৃষ্ণেন্দুৱে নাডুগোপাল মণ্ডলৰ সন্মুখতে স্মৃতিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কৃষ্ণেন্দুৱে কয় যে, "আমি বহু বছৰৰ পৰা ইজনে সিজনক ভাল পাই আহিছোঁ।" স্মৃতিৰ লগতে মই গোটেই জীৱন কটাব বিচাৰোঁ। স্মৃতিৰ স্বামী নাডুগোপাল মণ্ডলৰ প্ৰতি মই কৃতজ্ঞ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু