--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবাৰ দুবাৰ নহয়, তুৰ্কীৰ এজন লোক এতিয়ালৈকে ৭৮ বাৰ ক’ভিড পজিটিভ হৈছে। ৫৬ বছৰীয়া এই লোকজন ৭৮ বাৰ ক’ৰোনা পৰীক্ষাত ইতিবাচক বুলি ধৰা পৰিছে। তেওঁ ২০২০ বৰ্ষৰ পৰা ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসালয়ত ১৪ মাহ অতিবাহিত কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এতিয়ালৈকে পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নাই, যাৰ দেহত ইমানবাৰ ক’ভিডৰ দ্বাৰা সংক্ৰণণ হৈছে, এই লোকজনেই প্ৰথম। তুৰ্কীৰ ব্যক্তিজনৰ নাম মুজাফ্ফৰ কায়াচান। ২০২০ চনৰ নৱেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। তাৰ পিছত তেওঁ বাৰে বাৰে ক’ৰোনাৰ দ্বাৰা সংক্ৰমণ হোৱাৰ ফলত ১৪ মাহ ধৰি চিকিৎসালয়ত থাকিব লগা হৈছিল। চিকিৎসক বিশেষজ্ঞসকলৰ মতে, তেওঁ লিউকেমিয়া অৰ্থাৎ ৰক্ত কৰ্কট ৰোগত আক্ৰান্ত। এই ৰোগত আক্ৰান্ত লোকসকলৰ দেহত সঘনে তেজ হ্ৰাস হয়। ফলস্বৰূপে, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কম হয়। চিকিৎসকৰ মতে, এই ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি কম। সেয়েহে এই লোকজনৰ শৰীৰ ক’ৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ সক্ষম নহয়। উল্লেখ্য যে, লোকজন এই বাতৰি লিখা পৰ্যন্ত ক’ৰোনাৰ দ্বাৰা আক্ৰান্ত হৈ আছে। চিকিৎসকসকলে তেওঁক প্ৰতিদিনে নতুন ঔষধ দি আছে, কিন্তু তেওঁ সুস্থ হোৱা নাই। তেওঁলোকে ক’য় যে, লোকজনক ঔষধতকৈ প্ৰতিদিনে মানসিক শক্তি প্ৰদান কৰি থকা হৈছে। তেওঁ সোনকালে সুস্থ কৰিবলৈ চিকিৎসক বিশেষজ্ঞই চেষ্টা অব্যাহত ৰাখিছে। চিকিৎসকৰ মতে, তেওঁৰ ক’ৰোনাৰ আটাইবোৰ লক্ষণ নোহোৱা হৈছে যদিও তেওঁক বাৰে বাৰে কৰা ক’ভিড পৰীক্ষাত ইতিবাচক ফলাফল পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু