--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবাৰ দুবাৰ নহয়, তুৰ্কীৰ এজন লোক এতিয়ালৈকে ৭৮ বাৰ ক’ভিড পজিটিভ হৈছে। ৫৬ বছৰীয়া এই লোকজন ৭৮ বাৰ ক’ৰোনা পৰীক্ষাত ইতিবাচক বুলি ধৰা পৰিছে। তেওঁ ২০২০ বৰ্ষৰ পৰা ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসালয়ত ১৪ মাহ অতিবাহিত কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এতিয়ালৈকে পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নাই, যাৰ দেহত ইমানবাৰ ক’ভিডৰ দ্বাৰা সংক্ৰণণ হৈছে, এই লোকজনেই প্ৰথম। তুৰ্কী ব্যক্তিজনৰ নাম মুজাফ্ফৰ কায়াচান। ২০২০ চনৰ নৱেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। তাৰ পিছত তেওঁ বাৰে বাৰে ক’ৰোনাৰ দ্বাৰা সংক্ৰমণ হোৱাৰ ফলত ১৪ মাহ ধৰি চিকিৎসালয়ত থাকিব লগা হৈছিল। চিকিৎসক বিশেষজ্ঞসকলৰ মতে, তেওঁ লিউকেমিয়া অৰ্থাৎ ৰক্ত কৰ্কট ৰোগত আক্ৰান্ত। এই ৰোগত আক্ৰান্ত লোকসকলৰ দেহত সঘনে তেজ হ্ৰাস হয়। ফলস্বৰূপে, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কম হয়। চিকিৎসকৰ মতে, এই ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি কম। সেয়েহে এই লোকজনৰ শৰীৰ ক’ৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ সক্ষম নহয়। উল্লেখ্য যে, লোকজন এই বাতৰি লিখা পৰ্যন্ত ক’ৰোনাৰ দ্বাৰা আক্ৰান্ত হৈ আছে। চিকিৎসকসকলে তেওঁক প্ৰতিদিনে নতুন ঔষধ দি আছে, কিন্তু তেওঁ সুস্থ হোৱা নাই। তেওঁলোকে ক’য় যে, লোকজনক ঔষধতকৈ প্ৰতিদিনে মানসিক শক্তি প্ৰদান কৰি থকা হৈছে। তেওঁ সোনকালে সুস্থ কৰিবলৈ চিকিৎসক বিশেষজ্ঞই চেষ্টা অব্যাহত ৰাখিছে। চিকিৎসকৰ মতে, তেওঁৰ ক’ৰোনাৰ আটাইবোৰ লক্ষণ নোহোৱা হৈছে যদিও তেওঁক বাৰে বাৰে কৰা ক’ভিড পৰীক্ষাত ইতিবাচক ফলাফল পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ