--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ থলুৱা পাট-মুগা কাপোৰে জিলিকনি তুলিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। ৰেচম উদ্যোগৰ চিনাকী পৰিচয়ৰ পৰিসৰ বিস্তৃত ৰূপত তুলি ধৰিবলৈ অসমকন্যা সংযুক্তা দত্তৰ প্ৰচেষ্টাত নিউয়ৰ্ক ফেশ্বন উইকত উজলিল ‘আলফুল’। তাঁতশালত হাতে বোৱা অনুপম চানেকিৰ পাট-মুগা কাপোৰেৰে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় স্তৰত সুনাম অৰ্জন কৰা প্ৰখ্যাত ফেশ্বন ডিজাইনাৰগৰাকীয়ে শনিবাৰে খোজ দিলে বিশ্বৰ অন্যতম জনপ্ৰিয় নিউয়ৰ্ক ফেশ্বন উইকৰ ৰেম্পত। মাৰ্কিন যুক্তৰাষ্টৰ নিউয়ৰ্ক চিটীৰ মানহাটত অনুষ্ঠিত বিশ্বৰ অন্যতম বৃহৎ ফেশ্বন ডিজাইন শ্ব' 'নিউয়ৰ্ক ফেশ্বন উইক-২০২২'ত এইবাৰ সংযুক্তা দত্তৰ ফেশ্বনৰ মূল ‘থীম’ বা বিষয় হৈছে ‘আলফুল’শীৰ্ষক ডিজাইন। ‘আলফুল’ নামেৰে সৃষ্টি কৰা এই অপৰূপ ডিজাইনত আছে অসমৰ স্বাভিমানৰ প্ৰতীক পাট-মুগাৰ হাতে বোৱা মেখেলা-চাদৰ, বিশেষ শাৰী, ফ্লই- গাউনছ ( Flowy Gowns), দ্ৰেপ- স্কাৰ্ট (Drape-Skirts) আৰু প্ৰাচ্য-প্ৰাচ্যত্বৰ সংমিশ্ৰণৰ লেহেংগা (Indo-Western Lehengas) ৰ আকৰ্ষণীয় বস্ত্ৰ সম্ভাৰ। অসমৰ থলুৱা চহকী হস্তশিল্পক আধুনিকতাৰ অপূৰ্ব সংমিশ্ৰণেৰে মহিলাৰ ভিন্নমুখী সাজপাৰক বিশ্বৰ অৰঙে-দৰঙে সমাদৃত কৰাই হ’ল সংযুক্তা দত্তৰ ‘আলফুল’ ফেশ্বন ডিজাইনৰ মূল লক্ষ্য । এই প্ৰসংগত ডিজাইনাৰ সংযুক্তা দত্তই কয়, ‘আমাৰ বহু আকাংক্ষিত এক সপোন পূৰণ হ'ল । আমাৰ নিজৰ লগতে অসমৰ শিপিনীৰ বাবেও আজি এক অতি গৌৰৱৰ দিন যে অসমৰ থলুৱা ঐতিহ্যমণ্ডিত হস্তশিল্প বিশ্বপ্ৰসিদ্ধ নিউয়ৰ্ক ফেশ্বন উইকত প্ৰদৰ্শিত হৈছে। এনে সুখানুভুতি প্ৰকাশ কৰিবলৈ সঁচাকৈ আমাৰ ভাষা নাই।’ উল্লেখযোগ্য যে, অভিযন্তাৰ চৰকাৰী চাকৰি স্বেচ্ছাই ত্যাগ কৰি ফেশ্বন ডিজাইনিঙৰ অত্যন্ত প্ৰত্যাহ্বানমূলক জগতখনত খোজ দিয়া সংযুক্তা দত্তই নিজৰ অনন্য প্ৰতিভা-কল্পদৃষ্টি আৰু সৃজনীশীলতাৰে নাতিদীৰ্ঘ সময়ৰ পৰিক্ৰমাত নিজৰ লগতে ৰাজ্যখনকো উজলাই তুলিবলৈ সক্ষম হৈছে। ইয়াৰ সমান্তৰালভাবে ডিজাইনাৰ সংযুক্তা দত্তই মুকলি কৰিছে অসমৰ থলুৱা শিপিনীৰ আত্মনিৰ্ভৰশীলতাৰ আন এক নতুন পথ । বলিউডৰ প্ৰখ্যাত অভিনেত্ৰী হেমা মালিনী, বিপাশা বসু, প্ৰীতি জিণ্টা, কৰিশ্মা কাপুৰ, জেৰিন খান আদিয়ে দেশৰ অন্যতম জনপ্ৰিয় ফেশ্বন শ্ব' লেকমে ফেশ্বন শ্ব' উইক, এফ ডি চি আইসহ একাধিক প্ৰসিদ্ধ ফেশ্বন শ্ব'ৰ ৰেম্পত সংযুক্তা দত্তই প্ৰস্তুত কৰা থলুৱা পাট-মুগাৰ ডিজাইনৰ বস্ত্ৰৰে বিশ্বৰ কোটি কোটি লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তদুপৰি ২০১৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা ইংলেণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে পৰিধান কৰা আটকধুনীয়া সাজযোৰো প্ৰস্তত তথা ডিজাইন কৰিছিল অসম কন্যা ডিজাইনাৰ সংযুক্তা দত্তই । একক- অনন্য- অগতানুগতিক নিপুণ কলাশৈলীৰ বাবে আন্তৰ্জাতিক পৰ্যায়ৰ মাত্ৰ এমুঠিমান ডিজাইনাৰক নিউয়ৰ্ক ফেশ্বন উইকে নিজস্ব বাচনিৰে প্ৰতিবছৰে নিৰ্বাচন কৰে । চলিত বৰ্ষৰ বাবে নিউয়ৰ্ক ফেশ্বন উইকৰ তালিকাত আন্তৰ্জাতিক পৰ্যায়ৰ একাংশ বিখ্যাত ফেশ্বন ডিজাইনৰ সৈতে অসম কন্যা সংযুক্তা দত্তৰ নাম অন্তৰ্ভুক্ত হোৱা কাৰ্যই স্বাভাৱিকতে ৰাজ্যখনলৈ আনিছে এক ইতিবাচক বতৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ