--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাটিৰ খাজনা দিয়া হোৱা নাই। এনে অভিযোগ ঐশ্বৰ্য ৰায় বচ্চনৰ বিৰুদ্ধে। জানিব পৰা মতে বচ্চন পৰিয়ালৰ বোৱাৰীৰ নাশিকত যথেষ্ট মাটি আছিল। ইতিমধ্যে বাকী থকা মাচুলৰ বাবে অভিনেত্ৰীগৰাকীলৈ জাননী প্ৰেৰণ কৰা হৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ঐশ্বৰ্যৰ মাটি প্ৰায় এক হেক্টৰ। আৰু ই নাছিকৰ চিন্নাৰ অঞ্চলৰ থাংগাও আদিৱাডীত। অভিযোগ অনুসৰি ঐশ্বৰ্য‌ ৰায়ে প্ৰায় এবছৰ ধৰি মাটিৰ খাজনা দিয়া নাই। এই বিষয়ে তেওঁক বাৰে বাৰে অৱগত কৰা হৈছে যদিও কোনো ফল পোৱা নাই। সেইবাবেই জাননী প্ৰেৰণ কৰিছে। কিন্তু এই ভাড়াৰ বাবে ঐশ্বৰ্যই কিমান টকা দিব লাগে? জানিব পৰা গৈছে যে অভিনেত্ৰীগৰাকীৰ হাতত মুঠ ২১,৯৬০ টকাৰ খাজনা বাকী আছে। এয়া পৰিশোধ নকৰিলে মহাৰাষ্ট্ৰ ভূমি ৰাজহ আইন, ১৯৬৮ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।

মন কৰিবলগীয়া কথা যে ঐশ্বৰ্যৰ নাম আগতে পানামা পেপাৰছৰ গোচৰত জড়িত আছিল। ইয়াৰ বাবেই বচ্চন পৰিয়ালৰ বোৱাৰীয়ে ইডি অফিচত হাজিৰ হ’বলগীয়া হৈছিল। প্ৰায় পাঁচ ঘণ্টা ধৰি মাৰাথন জেৰাও কৰা হয় ঐশ্বৰ্য ৰায়ক। ইয়াৰ আগতে দুবাৰমান ঐশ্বৰ্যক মাতি অনাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু দুয়োটা সময়তে বচ্চন পৰিয়ালৰ বোৱাৰীয়ে তদন্তকাৰীলৈ চিঠি লিখি মুক্তিৰ বাবে আবেদন জনায়। সেই আবেদন বলবৎকাৰী সঞ্চালকালয় (ইডি)য়েও গ্ৰহণ কৰিছিল। কিন্তু তৃতীয়বাৰ নহ'ল।

ইফালে মণি ৰত্নমৰ পিএছ-আইৰ(PS-I)  জৰিয়তে ঐশ্বৰ্য ৰায়ে ডাঙৰ পৰ্দাত পুনৰ আগমন ঘটায়। চলিত বৰ্ষৰ ২৮ এপ্ৰিলত মুক্তি পাব ছবিখনৰ দ্বিতীয় খণ্ড। সেই কামতে ব্যস্ত অভিনেত্ৰীগৰাকী। তেওঁ বা তেওঁৰ দলটোৱে ধন দিয়াৰ জাননী লাভ কৰিছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে খাজনাৰ বাবে বাকী থকা ধনখিনি মন কৰিলে সহজেই দিব পাৰিব অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক