--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাটিৰ খাজনা দিয়া হোৱা নাই। এনে অভিযোগ ঐশ্বৰ্য ৰায় বচ্চনৰ বিৰুদ্ধে। জানিব পৰা মতে বচ্চন পৰিয়ালৰ বোৱাৰীৰ নাশিকত যথেষ্ট মাটি আছিল। ইতিমধ্যে বাকী থকা মাচুলৰ বাবে অভিনেত্ৰীগৰাকীলৈ জাননী প্ৰেৰণ কৰা হৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি ঐশ্বৰ্যৰ মাটি প্ৰায় এক হেক্টৰ। আৰু ই নাছিকৰ চিন্নাৰ অঞ্চলৰ থাংগাও আদিৱাডীত। অভিযোগ অনুসৰি ঐশ্বৰ্য‌ ৰায়ে প্ৰায় এবছৰ ধৰি মাটিৰ খাজনা দিয়া নাই। এই বিষয়ে তেওঁক বাৰে বাৰে অৱগত কৰা হৈছে যদিও কোনো ফল পোৱা নাই। সেইবাবেই জাননী প্ৰেৰণ কৰিছে। কিন্তু এই ভাড়াৰ বাবে ঐশ্বৰ্যই কিমান টকা দিব লাগে? জানিব পৰা গৈছে যে অভিনেত্ৰীগৰাকীৰ হাতত মুঠ ২১,৯৬০ টকাৰ খাজনা বাকী আছে। এয়া পৰিশোধ নকৰিলে মহাৰাষ্ট্ৰ ভূমি ৰাজহ আইন, ১৯৬৮ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব পাৰে।

মন কৰিবলগীয়া কথা যে ঐশ্বৰ্যৰ নাম আগতে পানামা পেপাৰছৰ গোচৰত জড়িত আছিল। ইয়াৰ বাবেই বচ্চন পৰিয়ালৰ বোৱাৰীয়ে ইডি অফিচত হাজিৰ হ’বলগীয়া হৈছিল। প্ৰায় পাঁচ ঘণ্টা ধৰি মাৰাথন জেৰাও কৰা হয় ঐশ্বৰ্য ৰায়ক। ইয়াৰ আগতে দুবাৰমান ঐশ্বৰ্যক মাতি অনাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু দুয়োটা সময়তে বচ্চন পৰিয়ালৰ বোৱাৰীয়ে তদন্তকাৰীলৈ চিঠি লিখি মুক্তিৰ বাবে আবেদন জনায়। সেই আবেদন বলবৎকাৰী সঞ্চালকালয় (ইডি)য়েও গ্ৰহণ কৰিছিল। কিন্তু তৃতীয়বাৰ নহ'ল।

ইফালে মণি ৰত্নমৰ পিএছ-আইৰ(PS-I)  জৰিয়তে ঐশ্বৰ্য ৰায়ে ডাঙৰ পৰ্দাত পুনৰ আগমন ঘটায়। চলিত বৰ্ষৰ ২৮ এপ্ৰিলত মুক্তি পাব ছবিখনৰ দ্বিতীয় খণ্ড। সেই কামতে ব্যস্ত অভিনেত্ৰীগৰাকী। তেওঁ বা তেওঁৰ দলটোৱে ধন দিয়াৰ জাননী লাভ কৰিছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে খাজনাৰ বাবে বাকী থকা ধনখিনি মন কৰিলে সহজেই দিব পাৰিব অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে