--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ শ্বাহৰুখ খানে নিজৰ কন্যা সুহানাক দেখুৱাইছিল ‘পাঠান’ চিনেমাখন। যশৰাজ ফিল্মছৰ ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল কিং খানৰ পৰিয়ালৰ বাবে বিশেষ প্ৰদৰ্শনী। গৌৰী খান আৰু আৰিয়ান খানও উপস্থিত হোৱা  দেখা গৈছিল পাঠানৰ বিশেষ প্ৰদৰ্শনীত। কিছুদিন পূৰ্বে মধ্যপ্ৰদেশ বিধানসভাৰ অধ্যক্ষ গিৰীশ গৌতমে শ্বাহৰুখ খানক তেওঁৰ কন্যা চুহানাক ‘পাঠান’ চিনেমা দেখুৱাবলৈ কৈছিল। আৰু এই স্ক্ৰীনিঙৰ জৰিয়তে যেন শ্বাহৰুখে তেওঁক উত্তৰ দিলে।

‘পাঠান’ ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ পাছৰে পৰা আৰম্ভ হৈছে ছবিখনক লৈ বিতৰ্ক। ছবিখনৰ ‘বেশৰাম’ গীতটো মুক্তি পোৱাৰ পাছতে এই বিতৰ্কৰ সূত্ৰপাত ঘটে। গীতটোত দেখা গৈছে দীপিকা পাডুকনক গেৰুৱা ৰঙৰ বিকিনি সাজত। আৰু তাকে লৈ আৰম্ভ হৈছিল উত্তেজনা, বিতৰ্ক আৰু সমালোচনা। কোনো কোনোৱে হিন্দুসকলক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে, আন কোনোৱে আকৌ বৌদ্ধসকলৰ আৱেগক আঘাত কৰা বুলি দাবী কৰে। কেইবাঠাইতো এই ছবিখন মুক্তিৰ বিৰোধিতা কৰিছে বিভিন্ন দল সংগঠনে।

এনে পৰিস্থিতিত মধ্যপ্ৰদেশ বিধানসভাৰ অধ্যক্ষ তথা বিজেপি নেতা গিৰীশ গৌতমে বিগত বছৰৰ ডিচেম্বৰ মাহত কৈছিল- "শ্বাহৰুখে কন্যাৰ সৈতে বহি ছবিখন চাব লাগে।" সেই ছবিখনৰ আলোকচিত্ৰ পোষ্ট কৰি তেওঁ বিশ্ববাসীক জনাইছিল যে শ্বাহৰুখে নিজ‌ কন্যাৰ সৈতে বহি ছবিখন চাই দেখুৱাওক। ইয়াৰ পাছত তেওঁ পুনৰ ধৰ্মীয় মতানৈক্য আনিছিল আৰু কৈছিল, “মই অতি স্পষ্টকৈ ক’ব বিচাৰো, আল্লাহৰ ওপৰত এখন ছবি সৃষ্টি কৰক।” তাৰ পাছত সমগ্ৰ পৃথিৱীতে তেজৰ বানপানী হ'ব।"


এনে পৰিস্থিতিত শ্বাহৰুখে সুহানা, আৰিয়ান আৰু গৌৰীক ‘পাঠান’ দেখুৱাইছিল। আৰু এই স্ক্ৰীনিঙৰ জৰিয়তে যেন শ্বাহৰুখে বিজেপি নেতা গিৰীশ গৌতমক উত্তৰ দিলে। কিং খানৰ পৰিয়ালৰ সকলোৱে  এক অনন্য ৰূপত যশ ৰাজ ফিল্মছৰ অফিচলৈ গ’ল। অৱশ্যে ছবিখন দেখাৰ পাছত তেওঁলোকৰ কেনে অনুভৱ হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব পাঠান। বিতৰ্কৰ মাজতো শ্বাহৰুখৰ কামবেক ছবিখন দৰ্শকৰ মাজত উৎসাহী। বহুতে ভাবে যে ছবিখনে ৰেকৰ্ড ওপেনিংও পাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু