--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ শ্বাহৰুখ খানে নিজৰ কন্যা সুহানাক দেখুৱাইছিল ‘পাঠান’ চিনেমাখন। যশৰাজ ফিল্মছৰ ষ্টুডিঅ’ত অনুষ্ঠিত হৈছিল কিং খানৰ পৰিয়ালৰ বাবে বিশেষ প্ৰদৰ্শনী। গৌৰী খান আৰু আৰিয়ান খানও উপস্থিত হোৱা  দেখা গৈছিল পাঠানৰ বিশেষ প্ৰদৰ্শনীত। কিছুদিন পূৰ্বে মধ্যপ্ৰদেশ বিধানসভাৰ অধ্যক্ষ গিৰীশ গৌতমে শ্বাহৰুখ খানক তেওঁৰ কন্যা চুহানাক ‘পাঠান’ চিনেমা দেখুৱাবলৈ কৈছিল। আৰু এই স্ক্ৰীনিঙৰ জৰিয়তে যেন শ্বাহৰুখে তেওঁক উত্তৰ দিলে।

‘পাঠান’ ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ পাছৰে পৰা আৰম্ভ হৈছে ছবিখনক লৈ বিতৰ্ক। ছবিখনৰ ‘বেশৰাম’ গীতটো মুক্তি পোৱাৰ পাছতে এই বিতৰ্কৰ সূত্ৰপাত ঘটে। গীতটোত দেখা গৈছে দীপিকা পাডুকনক গেৰুৱা ৰঙৰ বিকিনি সাজত। আৰু তাকে লৈ আৰম্ভ হৈছিল উত্তেজনা, বিতৰ্ক আৰু সমালোচনা। কোনো কোনোৱে হিন্দুসকলক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে, আন কোনোৱে আকৌ বৌদ্ধসকলৰ আৱেগক আঘাত কৰা বুলি দাবী কৰে। কেইবাঠাইতো এই ছবিখন মুক্তিৰ বিৰোধিতা কৰিছে বিভিন্ন দল সংগঠনে।

এনে পৰিস্থিতিত মধ্যপ্ৰদেশ বিধানসভাৰ অধ্যক্ষ তথা বিজেপি নেতা গিৰীশ গৌতমে বিগত বছৰৰ ডিচেম্বৰ মাহত কৈছিল- "শ্বাহৰুখে কন্যাৰ সৈতে বহি ছবিখন চাব লাগে।" সেই ছবিখনৰ আলোকচিত্ৰ পোষ্ট কৰি তেওঁ বিশ্ববাসীক জনাইছিল যে শ্বাহৰুখে নিজ‌ কন্যাৰ সৈতে বহি ছবিখন চাই দেখুৱাওক। ইয়াৰ পাছত তেওঁ পুনৰ ধৰ্মীয় মতানৈক্য আনিছিল আৰু কৈছিল, “মই অতি স্পষ্টকৈ ক’ব বিচাৰো, আল্লাহৰ ওপৰত এখন ছবি সৃষ্টি কৰক।” তাৰ পাছত সমগ্ৰ পৃথিৱীতে তেজৰ বানপানী হ'ব।"


এনে পৰিস্থিতিত শ্বাহৰুখে সুহানা, আৰিয়ান আৰু গৌৰীক ‘পাঠান’ দেখুৱাইছিল। আৰু এই স্ক্ৰীনিঙৰ জৰিয়তে যেন শ্বাহৰুখে বিজেপি নেতা গিৰীশ গৌতমক উত্তৰ দিলে। কিং খানৰ পৰিয়ালৰ সকলোৱে  এক অনন্য ৰূপত যশ ৰাজ ফিল্মছৰ অফিচলৈ গ’ল। অৱশ্যে ছবিখন দেখাৰ পাছত তেওঁলোকৰ কেনে অনুভৱ হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ২৫ জানুৱাৰীত ছবিগৃহত মুক্তি পাব পাঠান। বিতৰ্কৰ মাজতো শ্বাহৰুখৰ কামবেক ছবিখন দৰ্শকৰ মাজত উৎসাহী। বহুতে ভাবে যে ছবিখনে ৰেকৰ্ড ওপেনিংও পাব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক