--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন ভালে যোৱা নাই আমিৰ খানৰ। নিসংগতাৰ মাজেৰে বাগৰি গৈছে প্ৰতিটো পল অনুপল। অতীতৰ স্মৃতিকথাই কুৰুকি কুৰুকি খাইছে আমিৰক। ৰাজহুৱা সভাহে-সমিতিয়ে বা কোনো বঁটা বিতৰণী অনুষ্ঠানটো দেখিবলৈ নাই আমিৰ খানৰ ছাঁ। সকলো থাকিও হতভাগা আমিৰে এনেদৰে চলাই গৈছে জীৱন! আগতকৈ মাৰ্জিতও হৈছে আমিৰ খান। এসময়ত আমিৰ খানে অকলে এটা সুৰাৰ বটল শেষ কৰিছিল হেনো। নিজৰ ওপৰত নাছিল নিয়ন্ত্ৰণ। বয়স ভাটি দিয়াৰ লগে আমিৰে কথাবোৰ দকৈ ভাবিছে যে, সুৰা এৰিবৰ হ’ল। নিচাগ্ৰস্ত এজন মানুহে কেতিেয়া কি কৰে কোনেও গমকে নাপায়। পাছতহে এই ঘটনাক লৈ অনুশোচনা কৰিবলগীয়া হয়। আমিৰে আৰু তেনে পৰিস্থিতিৰ সন্মুখীন হ'ব বিচৰা নাই। অৱশ্যে, মিষ্টাৰ পাৰফেক্টছ’নিষ্টে কয়, ‘মাৰাত্মক কিবা ভুল হোৱাৰ পূৰ্বেই সাৱধান হোৱা উচিত। নিজৰ ওপৰত নিয়ন্ত্ৰণ থকাটো দৰকাৰ।’ বলীউড আইকনে অলপতে ৫৭বছৰত ভৰি দিয়ে। বিশেষ দিনটোত সংবাদ মাধ্যমক এটা সাক্ষাৎকাৰো দিছিল আমিৰে। কিৰণ ৰাওৰ সৈতে বিচ্ছেদ, ৰীণা দত্তৰ সৈতে বিচ্ছেদ, তিনি সন্তান-আজাদ, জুনেইদ আৰু ঈৰাৰ প্ৰসংগতো মুকলিকৈ মন্তব্য কৰে ‘লাল সিং চাড্ডা’ই। সুৰাপানৰ অভ্যাসৰ বিষয়ে আমিৰে কয়, ‘এনে বহুলোক আছে যিয়ে প্ৰতিদিনে দুটা পেগ পান কৰিয়েই সন্তুষ্ট। মই তেনেকুৱা নাছিলো। খাবলৈ আৰম্ভ কৰিলে আৰু ৰৈ থাকিব পৰা নাছিলো। প্ৰতিদিনে খোৱা নাছিলো। মাজে সময়েহে খাইছিলো। তেতিয়াই মোৰ এনে অৱস্থা হ’ল।’ আমিৰে লগতে কয়, ‘পাছতহে মই উপলব্ধি কৰিলো যে নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ, নিয়ন্ত্ৰণত থাকিবলৈ হ’লে এই অভ্যাস ত্যাগ কৰিব লাগিব। প্ৰতিজ্ঞা কৰিছিলো জীৱনত আৰু সুৰাপান নকৰো বুলি ।’ স্বাভাৱিকতে. আমিৰৰ এই অকপট স্বীকাৰোক্তিয়ে হৃদয় জিনিছে সকলোৰে। অনুৰাগীয়ে সামাজিক মাধ্যমত নানা মন্তব্যৰে ওপচাই দিছে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু