--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন ভালে যোৱা নাই আমিৰ খানৰ। নিসংগতাৰ মাজেৰে বাগৰি গৈছে প্ৰতিটো পল অনুপল। অতীতৰ স্মৃতিকথাই কুৰুকি কুৰুকি খাইছে আমিৰক। ৰাজহুৱা সভাহে-সমিতিয়ে বা কোনো বঁটা বিতৰণী অনুষ্ঠানটো দেখিবলৈ নাই আমিৰ খানৰ ছাঁ। সকলো থাকিও হতভাগা আমিৰে এনেদৰে চলাই গৈছে জীৱন! আগতকৈ মাৰ্জিতও হৈছে আমিৰ খান। এসময়ত আমিৰ খানে অকলে এটা সুৰাৰ বটল শেষ কৰিছিল হেনো। নিজৰ ওপৰত নাছিল নিয়ন্ত্ৰণ। বয়স ভাটি দিয়াৰ লগে আমিৰে কথাবোৰ দকৈ ভাবিছে যে, সুৰা এৰিবৰ হ’ল। নিচাগ্ৰস্ত এজন মানুহে কেতিেয়া কি কৰে কোনেও গমকে নাপায়। পাছতহে এই ঘটনাক লৈ অনুশোচনা কৰিবলগীয়া হয়। আমিৰে আৰু তেনে পৰিস্থিতিৰ সন্মুখীন হ'ব বিচৰা নাই। অৱশ্যে, মিষ্টাৰ পাৰফেক্টছ’নিষ্টে কয়, ‘মাৰাত্মক কিবা ভুল হোৱাৰ পূৰ্বেই সাৱধান হোৱা উচিত। নিজৰ ওপৰত নিয়ন্ত্ৰণ থকাটো দৰকাৰ।’ বলীউড আইকনে অলপতে ৫৭বছৰত ভৰি দিয়ে। বিশেষ দিনটোত সংবাদ মাধ্যমক এটা সাক্ষাৎকাৰো দিছিল আমিৰে। কিৰণ ৰাওৰ সৈতে বিচ্ছেদ, ৰীণা দত্তৰ সৈতে বিচ্ছেদ, তিনি সন্তান-আজাদ, জুনেইদ আৰু ঈৰাৰ প্ৰসংগতো মুকলিকৈ মন্তব্য কৰে ‘লাল সিং চাড্ডা’ই। সুৰাপানৰ অভ্যাসৰ বিষয়ে আমিৰে কয়, ‘এনে বহুলোক আছে যিয়ে প্ৰতিদিনে দুটা পেগ পান কৰিয়েই সন্তুষ্ট। মই তেনেকুৱা নাছিলো। খাবলৈ আৰম্ভ কৰিলে আৰু ৰৈ থাকিব পৰা নাছিলো। প্ৰতিদিনে খোৱা নাছিলো। মাজে সময়েহে খাইছিলো। তেতিয়াই মোৰ এনে অৱস্থা হ’ল।’ আমিৰে লগতে কয়, ‘পাছতহে মই উপলব্ধি কৰিলো যে নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ, নিয়ন্ত্ৰণত থাকিবলৈ হ’লে এই অভ্যাস ত্যাগ কৰিব লাগিব। প্ৰতিজ্ঞা কৰিছিলো জীৱনত আৰু সুৰাপান নকৰো বুলি ।’ স্বাভাৱিকতে. আমিৰৰ এই অকপট স্বীকাৰোক্তিয়ে হৃদয় জিনিছে সকলোৰে। অনুৰাগীয়ে সামাজিক মাধ্যমত নানা মন্তব্যৰে ওপচাই দিছে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু