--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক বচ্চন-বলীউড শ্বেহেনশ্বাহ অমিতাভৰ পুত্ৰ। পিতৃৰ নাম ৰৈ বৈ যোৱা খ্যাতিৰ বিপৰীতে অভিষেকে বলীউড ইন্ড্ৰাষ্ট্ৰিত প্ৰত্যাশা অনুযায়ী খোপনি পুতিব নোৱাৰিলে! অইন অভিনেতাৰ তুলনাত অভিষেকৰ জনপ্ৰিয়তাকলৈয়ো উত্থাপিত হয় নানা প্ৰশ্নৰ। তেওঁৰ ছবিয়ো আহে মাজে মাজে। জনপ্ৰিয় ছবি বুলি ক’বলৈ গ’লেও আঙুলিৰ মূৰত গণিব পৰা! সেয়া যিয়েই নহওক, এইবাৰ ন-ৰূপত অমিতাভ তনয়। সোমবাৰে সামাজিক মাধ্যমত এটা নতুন খবৰ দিলে অভিষেকে। বলীউড অভিনেতাগৰাকীৰ এই খবৰ ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। পুনৰ দশম শ্ৰেণীৰ পৰীক্ষাত বহিবলৈও সাজু অভিষেক বচ্চন। পৰীক্ষাৰ বাবে প্ৰস্তুতিও একেবাৰে অন্তিম পৰ্যায়ত। জুনিয়ৰ বচ্চনৰ এনে কাৰ্যত গৌৰৱান্বিত পিতৃ অমিতাভ বচ্চন। আপোনালেকে নিশ্চয় ভাবিছে যে, এই বয়সত অভিষেকে কিয় দশম শ্ৰেণীৰ পৰীক্ষাত বহিবলৈ লৈছে? কথাটো একেবাৰে মিছা নহয়। অভিষেকে পৰীক্ষা দিব, দশম শ্ৰেণীৰ পৰীক্ষা। পাছে বাস্তৱত নহয়। অভিষেকে পৰীক্ষা দিব ৰূপালী পৰ্দাত। সোমবাৰে 'দছৱী' ছবিখনৰ ট্ৰিজাৰ মুকলিৰ সময়ত এই কথা প্ৰকাশ কৰিছে অভিষেকে। ট্ৰিজাৰ মুকলিৰ পাছতে সামাজিক মাধ্যমত হৈ চৈ। জুনিয়ৰ বচ্চনে তেওঁৰ চৰিত্ৰ গংগাৰাম চৌধুৰীৰ সৈতে পৰিচয় কৰায় দিয়ে। ট্ৰিজাৰত দেখিবলৈ পোৱা গ’ল, কাৰাগাৰত থকা অপৰাধীসকলৰ শিক্ষাৰ অধিকাৰৰ বিষয়ে মাত মাতিছে গংগাৰাম ওৰফে অভিষেকে। তেওঁ কয়, ‘মই দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছো। শিক্ষা আমাৰ অধিকাৰ। কাৰাগাৰৰ পৰাই দশম শ্ৰেণীৰ পৰীক্ষা দিম।’ জানিবলৈ পোৱা মতে, ছবিখন কৌতুকৰ ওপৰত আধাৰিত হ’লেও সামাজিক বাৰ্তা প্ৰদানৰো চেষ্টা কৰিছে প্ৰযোজক-পৰিচালকে। ‘দছৱী'ত জুনিয়ৰ বচ্চনৰ সৈতে য়ামী গৌতম আৰু নিম্ৰত কৌৰেও অভিনয় কৰিছে। অভিষেকৰ লগতে দুয়োগৰাকী অভিনেত্ৰীৰ চৰিত্ৰ আৰু নামো প্ৰকাশ পাইছে। ছবিখনত য়ামীৰ চৰিত্ৰটোৰ নাম জ্যোতি দেশৱাল। আৰু নিম্ৰতৰ চৰিত্ৰটোৰ নাম হৈছে বিমলা দেৱী। য়ামী গৌতমে এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। আনহাতে, নিম্ৰত কৌৰক এজন ৰাজনীতিবিদৰ চৰিত্ৰত দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে। ছবিখনৰ পৰিচালক তুষাৰ জালোটা। জিঅ' ষ্টুডিঅ'ৰ সৈতে যৌথ উদ্যোগত প্ৰযোজনা কৰিছে দীনেশ বিজনে। আগন্তুক ৭ এপ্ৰিলত নেটফ্লিক্সত ছবিখন মুক্তি দিয়া হ'ব। স্মৰ্তব্য যে, ‘দছৱী’ৰ ট্ৰিজাৰ দেখিয়েই মুগ্ধ চলচ্চিত্ৰপ্ৰেমী। সিকন্দৰে খেৰে অভিষেকৰ প্ৰশংসা কৰি কয়, ‘ৰাজা বেটা’। অমিতাভ বচ্চনে কয়, ‘অতি সুন্দৰ’। কেৱল সেয়াই নহয় অভিষেকৰ ভাগিন নব্যা নন্দাইয়ো মোমায়েকৰ ছবিখনক লৈ হৈ পৰিছে উচ্ছসিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু