--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিষেক বচ্চন-বলীউড শ্বেহেনশ্বাহ অমিতাভৰ পুত্ৰ। পিতৃৰ নাম ৰৈ বৈ যোৱা খ্যাতিৰ বিপৰীতে অভিষেকে বলীউড ইন্ড্ৰাষ্ট্ৰিত প্ৰত্যাশা অনুযায়ী খোপনি পুতিব নোৱাৰিলে! অইন অভিনেতাৰ তুলনাত অভিষেকৰ জনপ্ৰিয়তাকলৈয়ো উত্থাপিত হয় নানা প্ৰশ্নৰ। তেওঁৰ ছবিয়ো আহে মাজে মাজে। জনপ্ৰিয় ছবি বুলি ক’বলৈ গ’লেও আঙুলিৰ মূৰত গণিব পৰা! সেয়া যিয়েই নহওক, এইবাৰ ন-ৰূপত অমিতাভ তনয়। সোমবাৰে সামাজিক মাধ্যমত এটা নতুন খবৰ দিলে অভিষেকে। বলীউড অভিনেতাগৰাকীৰ এই খবৰ ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে। পুনৰ দশম শ্ৰেণীৰ পৰীক্ষাত বহিবলৈও সাজু অভিষেক বচ্চন। পৰীক্ষাৰ বাবে প্ৰস্তুতিও একেবাৰে অন্তিম পৰ্যায়ত। জুনিয়ৰ বচ্চনৰ এনে কাৰ্যত গৌৰৱান্বিত পিতৃ অমিতাভ বচ্চন। আপোনালেকে নিশ্চয় ভাবিছে যে, এই বয়সত অভিষেকে কিয় দশম শ্ৰেণীৰ পৰীক্ষাত বহিবলৈ লৈছে? কথাটো একেবাৰে মিছা নহয়। অভিষেকে পৰীক্ষা দিব, দশম শ্ৰেণীৰ পৰীক্ষা। পাছে বাস্তৱত নহয়। অভিষেকে পৰীক্ষা দিব ৰূপালী পৰ্দাত। সোমবাৰে 'দছৱী' ছবিখনৰ ট্ৰিজাৰ মুকলিৰ সময়ত এই কথা প্ৰকাশ কৰিছে অভিষেকে। ট্ৰিজাৰ মুকলিৰ পাছতে সামাজিক মাধ্যমত হৈ চৈ। জুনিয়ৰ বচ্চনে তেওঁৰ চৰিত্ৰ গংগাৰাম চৌধুৰীৰ সৈতে পৰিচয় কৰায় দিয়ে। ট্ৰিজাৰত দেখিবলৈ পোৱা গ’ল, কাৰাগাৰত থকা অপৰাধীসকলৰ শিক্ষাৰ অধিকাৰৰ বিষয়ে মাত মাতিছে গংগাৰাম ওৰফে অভিষেকে। তেওঁ কয়, ‘মই দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছো। শিক্ষা আমাৰ অধিকাৰ। কাৰাগাৰৰ পৰাই দশম শ্ৰেণীৰ পৰীক্ষা দিম।’ জানিবলৈ পোৱা মতে, ছবিখন কৌতুকৰ ওপৰত আধাৰিত হ’লেও সামাজিক বাৰ্তা প্ৰদানৰো চেষ্টা কৰিছে প্ৰযোজক-পৰিচালকে। ‘দছৱী'ত জুনিয়ৰ বচ্চনৰ সৈতে য়ামী গৌতম আৰু নিম্ৰত কৌৰেও অভিনয় কৰিছে। অভিষেকৰ লগতে দুয়োগৰাকী অভিনেত্ৰীৰ চৰিত্ৰ আৰু নামো প্ৰকাশ পাইছে। ছবিখনত য়ামীৰ চৰিত্ৰটোৰ নাম জ্যোতি দেশৱাল। আৰু নিম্ৰতৰ চৰিত্ৰটোৰ নাম হৈছে বিমলা দেৱী। য়ামী গৌতমে এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। আনহাতে, নিম্ৰত কৌৰক এজন ৰাজনীতিবিদৰ চৰিত্ৰত দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে। ছবিখনৰ পৰিচালক তুষাৰ জালোটা। জিঅ' ষ্টুডিঅ'ৰ সৈতে যৌথ উদ্যোগত প্ৰযোজনা কৰিছে দীনেশ বিজনে। আগন্তুক ৭ এপ্ৰিলত নেটফ্লিক্সত ছবিখন মুক্তি দিয়া হ'ব। স্মৰ্তব্য যে, ‘দছৱী’ৰ ট্ৰিজাৰ দেখিয়েই মুগ্ধ চলচ্চিত্ৰপ্ৰেমী। সিকন্দৰে খেৰে অভিষেকৰ প্ৰশংসা কৰি কয়, ‘ৰাজা বেটা’। অমিতাভ বচ্চনে কয়, ‘অতি সুন্দৰ’। কেৱল সেয়াই নহয় অভিষেকৰ ভাগিন নব্যা নন্দাইয়ো মোমায়েকৰ ছবিখনক লৈ হৈ পৰিছে উচ্ছসিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু