--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা অনুষ্ঠিত হৈছে এছেজ চিৰিজৰ দ্বিতীয়খন মেচ। লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত খেলোৱা মেচখনত প্ৰথমে বেটিং কৰি শক্তিশালী স্থিতিত উপনীত হৈছে অষ্ট্ৰেলিয়া।

টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ডে। অষ্ট্ৰেলিয়াই ইনিংছ আৰম্ভণি কৰে সুন্দৰভাৱে। পূৰ্বৰ মেচৰ নায়ক ওছমান খাৱাজা (১৭) ব্যৰ্থ হ’লেও ৬৬ ৰাণ কৰি আউট হয় অপেনাৰ ডেভিড ৱাৰ্ণাৰ। মাৰ্নাছ লাবুচানে কৰে ৯৩ টা বলত ৪৭ ৰাণ।

বাতৰি লিখাৰ পৰলৈকে অষ্ট্ৰেলিয়াই ৭১.৪ অভাৰত ৩০৩ ৰাণ কৰি আছে। ষ্টিভ স্মিথে ১২৯টা বলত ৭১ ৰাণ আৰু ট্ৰেভিছ হেডে মাত্ৰ ৬১ টা বলত ৬৭ ৰাণ কৰি আছে।

ইংলেণ্ডৰ হৈ এছেজ অভিষেক ঘটোৱা ফাষ্ট বলাৰ জ’ছ টংগে লাভ কৰিছে দুটাকৈ উইকেট। অলি ৰবিনছনে লাভ কৰিছে ১টা উইকেট।

উল্লেখ্য যে এডজবাষ্টনত হৈ যোৱা শৃংখলাৰ প্ৰথমখন মেচত জয়ী হৈছিল অষ্ট্ৰেলিয়া। ৰোমাঞ্চকৰ মেচখনত জয়লাভ কৰাৰ সূত্ৰেই ১-০ৰ অগ্ৰগতি লাভ কৰি আছে আলহী দলটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ