--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়। এইবাৰ পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও সিদ্ধান্ত ল’বলৈ ওলাইছে যে এদিনীয়া বিশ্বকাপ খেলিবলৈ ভাৰতলৈ দল পঠিয়াব বিচৰা নাই। নিৰপেক্ষ দেশত খেলিব বিচাৰে।

এই অনুসৰি পাকিস্তানৰ মেচসমূহ বাংলাদেশত হ’ব পাৰে। কিন্তু বিষয়টো এতিয়াও চূড়ান্ত হোৱা নাই৷ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচিৰ বৈঠকত এনে প্ৰস্তাৱ দিব পাৰে। যিহেতু ভাৰতে এছিয়া কাপ খেলিবলৈ সেই দেশলৈ নাযায়, সেয়েহে তেওঁলোকেও ভাৰতলৈ আহি এদিনীয়া বিশ্বকাপ খেলিব নিবিচাৰে। ইতিমধ্যে পাকিস্তান কৰ্তৃপক্ষই তেওঁলোকৰ আপত্তি সম্পৰ্কে আইচিচিক অৱগত কৰিছে।

উল্লেখ্য যে ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক শৃংখলা কেইবাবছৰ ধৰি বন্ধ হৈ আছে। দুয়োখন দেশৰ বিৰুদ্ধে কেৱল আই চি চি বা বহু দলীয় প্ৰতিযোগিতাতহে খেলে। এইবাৰ সেইটোতো সমস্যা হৈছে। কাৰণ পৰৱৰ্তী এছিয়া কাপৰ আয়োজক পাকিস্তান। আনহাতে পৰৱৰ্তী এদিনীয়া বিশ্বকাপ পুনৰ আয়োজন কৰিব ভাৰতে।

যোৱা টি-২০ বিশ্বকাপৰ সময়ত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে কৈছিল যে ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়। নিৰপেক্ষ দেশত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

এছিয়ান ক্ৰিকেট কাউন্সিলে এছিয়া কাপত ভাৰতীয় দলটোৱে ক’ত খেলিব সেই কথা এতিয়াও ঘোষণা কৰা নাই। কিন্তু ভাৰতৰ মেচবোৰ আন কোনোবা এখন দেশত খেলাটো নিশ্চিত। এদিনীয়া বিশ্বকাপৰ সন্দৰ্ভত পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও একে স্থিতি গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে