--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ পৰা অৱসৰ ল’ব নেকি  ধোনীয়ে?  এতিয়া বহুতৰে মনত এনে প্ৰশ্নৰ উদয় হৈছে৷ অৱশ্যে ধোনীয়ে এই বিষয়ত  নিজে এতিয়ালৈকে একো কোৱা নাই।বহুতে ধাৰণা কৰিছে যে এইবাৰ আই পি এলত মহেন্দ্ৰ সিং ধোনীক শেষবাৰৰ বাবে দেখা যাব।ধনীয়ে একো নক’লেও ৰোহিত শৰ্মাই ধোনীয়ে ইমান সোনকালে আই পি এলক বিদায় জনোৱাটো নিবিচাৰে। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক জনৰ মতে ধোনীয়ে অতি কমেও কেইবছৰমান আই পি এলত খেলিব লাগে।

আই পি এলৰ প্ৰথম দিনাই ধোনীৰ দলে  গুজৰাট টাইটানছৰ মুখামুখি হ'ব। মুম্বাইৰ প্ৰথমখন খেল ২ এপ্ৰিলত হ'ব বিৰাট কোহলীৰ আৰচিবিৰ বিৰুদ্ধে। ৰোহিত শৰ্মাই কয় "যোৱা ২-৩ বছৰ ধৰি মই শুনি আহিছো যে এয়া ধোনীৰ অন্তিম ছিজন। মই ভাবো তেওঁ আৰু কেইটামান ছিজন খেলিবলৈ উপযুক্ত হৈয়েই আছে। " ধোনীয়েও বহুবাৰ আইপিএলৰ পৰা অৱসৰকলৈ  প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে। ? যোৱাবাৰো তেওঁক সোধা হৈছিল যে সেয়া  তেওঁৰ অন্তিম ছিজন নেকি৷

 অৱশ্যে যোৱাবাৰ ধোনীয়ে কৈছিল  "একেবাৰে নহয়" । তাৰ পাছতো ভাৰতৰ প্ৰাক্তন অধিনায়কজনৰ বিষয়ে জল্পনা-কল্পনা বন্ধ হোৱা নাই। ধোনী এতিয়াও চেন্নাই দলৰ এটা অপৰিহাৰ্য অংশ হৈয়েই আছে। তেওঁ চাৰিবাৰ আই পি এল জিকিছে। ধোনীক ক্ৰিকেট অনুৰাগীসকলে উইকেটকিপাৰ বা বেটছমেনৰ ভূমিকাত সদায় চাবলৈ বিচাৰি আহিছে। দুয়োটা ক্ষেত্ৰতে তেওঁৰ সামৰ্থ্যৰ বিষয়ে কোনো সন্দেহ নাই। অৱশ্যে, এইবাৰ তেওঁক আই পি এলত সম্পূৰ্ণ বেলেগ ভূমিকাত দেখা যাব পাৰে। ধোনীক চেন্নাইৰ চেপক ষ্টেডিয়ামত অনুশীলনত মাজে মাজে বলিং  কৰাও দেখা গৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু