--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ পৰা অৱসৰ ল’ব নেকি  ধোনীয়ে?  এতিয়া বহুতৰে মনত এনে প্ৰশ্নৰ উদয় হৈছে৷ অৱশ্যে ধোনীয়ে এই বিষয়ত  নিজে এতিয়ালৈকে একো কোৱা নাই।বহুতে ধাৰণা কৰিছে যে এইবাৰ আই পি এলত মহেন্দ্ৰ সিং ধোনীক শেষবাৰৰ বাবে দেখা যাব।ধনীয়ে একো নক’লেও ৰোহিত শৰ্মাই ধোনীয়ে ইমান সোনকালে আই পি এলক বিদায় জনোৱাটো নিবিচাৰে। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক জনৰ মতে ধোনীয়ে অতি কমেও কেইবছৰমান আই পি এলত খেলিব লাগে।

আই পি এলৰ প্ৰথম দিনাই ধোনীৰ দলে  গুজৰাট টাইটানছৰ মুখামুখি হ'ব। মুম্বাইৰ প্ৰথমখন খেল ২ এপ্ৰিলত হ'ব বিৰাট কোহলীৰ আৰচিবিৰ বিৰুদ্ধে। ৰোহিত শৰ্মাই কয় "যোৱা ২-৩ বছৰ ধৰি মই শুনি আহিছো যে এয়া ধোনীৰ অন্তিম ছিজন। মই ভাবো তেওঁ আৰু কেইটামান ছিজন খেলিবলৈ উপযুক্ত হৈয়েই আছে। " ধোনীয়েও বহুবাৰ আইপিএলৰ পৰা অৱসৰকলৈ  প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে। ? যোৱাবাৰো তেওঁক সোধা হৈছিল যে সেয়া  তেওঁৰ অন্তিম ছিজন নেকি৷

 অৱশ্যে যোৱাবাৰ ধোনীয়ে কৈছিল  "একেবাৰে নহয়" । তাৰ পাছতো ভাৰতৰ প্ৰাক্তন অধিনায়কজনৰ বিষয়ে জল্পনা-কল্পনা বন্ধ হোৱা নাই। ধোনী এতিয়াও চেন্নাই দলৰ এটা অপৰিহাৰ্য অংশ হৈয়েই আছে। তেওঁ চাৰিবাৰ আই পি এল জিকিছে। ধোনীক ক্ৰিকেট অনুৰাগীসকলে উইকেটকিপাৰ বা বেটছমেনৰ ভূমিকাত সদায় চাবলৈ বিচাৰি আহিছে। দুয়োটা ক্ষেত্ৰতে তেওঁৰ সামৰ্থ্যৰ বিষয়ে কোনো সন্দেহ নাই। অৱশ্যে, এইবাৰ তেওঁক আই পি এলত সম্পূৰ্ণ বেলেগ ভূমিকাত দেখা যাব পাৰে। ধোনীক চেন্নাইৰ চেপক ষ্টেডিয়ামত অনুশীলনত মাজে মাজে বলিং  কৰাও দেখা গৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে