--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯ দিন আগতে জনা গৈছিল যে এছিয়া কাপৰ আয়োজনৰ সন্দৰ্ভত বাংলাদেশ আৰু শ্ৰীলংকাই ভাৰতৰ কাষত থিয় দিছে। অৰ্থাৎ প্ৰতিযোগিতাখন আয়োজন কৰাৰ বাবে পাকিস্তানে প্ৰস্তাৱ কৰা বিকল্প ভেন্যুৰ প্ৰতি তেওঁলোকে সন্মতি প্ৰকাশ কৰা নাই। কিন্তু ৯ দিনৰ পাছত দুয়োখন দেশে পাকিস্তানৰ এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে।

পাকিস্তানৰ এটা সংবাদ মাধ্যমৰ মতে, পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ নজম শ্বেট্টীৰ প্ৰস্তাৱ অনুসৰি বাংলাদেশ আৰু শ্ৰীলংকাই এছিয়া কাপ খেলিব বিচাৰিছে। কিছুদিনৰ ভিতৰত এই বিষয়ত এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি জয় শ্বাহে এখন বৈঠক অনুষ্ঠিত কৰিব পাৰে। পাকিস্তানৰ এই প্ৰস্তাৱৰ ওপৰত তাত আলোচনা কৰা হ’ব।

ৰোহিত শৰ্মা, বিৰাট কোহলীক এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ সিদ্ধান্তক লৈ অটল ভাৰতীয় ক্ৰিকেট ব’ৰ্ড। যোৱা টি-২০ বিশ্বকাপৰ সময়ত বিচিচিআইৰ সম্পাদক জয়ে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছিল।

এনে পৰিস্থিতিত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে এছিয়া কাপৰ বিকল্পৰ প্ৰস্তাৱ আগবঢ়ায়। এছিয়া কাপৰ আয়োজক পাকিস্তানে নিৰপেক্ষ দেশত কেৱল ভাৰতৰ খেল আয়োজন কৰিবলৈ সন্মত হৈছিল। সেই বিকল্প প্ৰস্তাৱৰ সৈতে বিচিচিআই একমত নহয়। ভাৰতে বিচাৰে যে সমগ্ৰ প্ৰতিযোগিতাখন পাকিস্তানৰ পৰিৱৰ্তে আন এখন দেশত অনুষ্ঠিত হওক।

পৰিস্থিতিৰ হেঁচাত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ নেতাসকলে সংযুক্ত আৰব আমিৰশ্বাহীত এছিয়া কাপৰ আয়োজন কৰাৰ কথা চিন্তা কৰিছে। পিচিবিয়ে এছিয়ান ক্ৰিকেট কাউন্সিল (এচিচি)লৈ এনে প্ৰস্তাৱ দিব পাৰে। কিন্তু ভাৰতে পাকিস্তানক প্ৰতিযোগিতাৰ আয়োজক হিচাপে বিচাৰিব নোৱাৰে। বিচিচিআইৰ সম্পাদকগৰাকীয়ে এচিচিৰ সভাপতি। সূত্ৰ অনুসৰি নৰেন্দ্ৰ মোডী চৰকাৰে এছিয়া কাপৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডকো কঠোৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ নিৰ্দেশ দিছে।




















FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ