--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফলতা আৰু বিফলতা এজন খেলুৱৈৰ জীৱনৰ অংশ। সমৰ্থকসকলে সফল হ’লে মূৰ ওপৰলৈ তুলি নাচে। আকৌ বিফলতাত সমালোচনা কৰে। একাংশ লোকে ছ’চিয়েল মিডিয়াতো ব্যংগ কৰে। সংবাদ মাধ্যমেও সমালোচনা কৰে। এই সকলোবোৰ লৈ খেলুৱৈয়ে আগুৱাই যাব লাগিব। এইদৰেই ভাবে কে এল ৰাহুলে।

কেইবাদিনো ৰাহুল ছন্দত নাই। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়কগৰাকী আঘাতৰ বাবে আই পি এলৰ পৰা বাদ পৰিছে। এতিয়া অস্ত্ৰোপচাৰৰ অন্তত সুস্থ হৈ উঠিছে। ইফালে ক্ৰীড়াপ্ৰেমীৰ বিভিন্ন প্ৰতিক্ৰিয়াক লৈ ৰাহুলে নিজৰ মতামত ব্যক্ত কৰে।

সেই বিষয়ে এটা সাক্ষাৎকাৰত ৰাহুলে শেহতীয়াকৈ কয়, ‘এনেধৰণৰ কথাই মোক কেতিয়াবা অলপ প্ৰভাৱিত কৰে। দলৰ আনসকলকো কৰে। কিন্তু বেয়া সময়তহে খেলুৱৈসকলক অধিক সহায়ৰ প্ৰয়োজন হয়। বহুতে ভাবে যে নিজৰ ইচ্ছামতে কোৱা বা মন্তব্য কৰাৰ অধিকাৰ আছে। আমি সেইটোৰ মাজেৰেই পাৰ হ’ব লাগিব। আচলতে এইটোৱেই আমাৰ জীৱন। খেলখনেই আমাৰ সকলো। যেনেকৈ মই ক্ৰিকেটৰ বাহিৰে একো নাজানো।''

ৰাহুলে কয়, ‘ক্ৰিকেটেই মোৰ একমাত্ৰ কাম। গতিকে সেই কামটোৰ প্ৰতি মই যথেষ্ট গুৰুত্ব নিদিওঁ বুলি কিয় ধৰি লওঁ? মই যথেষ্ট কষ্ট কৰা নাই বুলি কিয় ধৰি লোৱা হ’ব? দুৰ্ভাগ্যজনকভাৱে বহুতৰে ক্ৰীড়াৰ লগত কোনো সম্পৰ্ক নাই।’’

উস্সেথ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়া প্ৰথম দুখন টেষ্টতো ৩৭ ৰান সংগ্ৰহ কৰি ভাৰতীয় দলৰ পৰা বাহিৰ হৈছিল ৰাহুল। ছন্দত নথকা সময়ত তেওঁ বিভিন্ন ধৰণৰ ঠাট্টা-মস্কৰা সহ্য কৰিবলগীয়া হৈছিল।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে