--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফলতা আৰু বিফলতা এজন খেলুৱৈৰ জীৱনৰ অংশ। সমৰ্থকসকলে সফল হ’লে মূৰ ওপৰলৈ তুলি নাচে। আকৌ বিফলতাত সমালোচনা কৰে। একাংশ লোকে ছ’চিয়েল মিডিয়াতো ব্যংগ কৰে। সংবাদ মাধ্যমেও সমালোচনা কৰে। এই সকলোবোৰ লৈ খেলুৱৈয়ে আগুৱাই যাব লাগিব। এইদৰেই ভাবে কে এল ৰাহুলে।

কেইবাদিনো ৰাহুল ছন্দত নাই। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়কগৰাকী আঘাতৰ বাবে আই পি এলৰ পৰা বাদ পৰিছে। এতিয়া অস্ত্ৰোপচাৰৰ অন্তত সুস্থ হৈ উঠিছে। ইফালে ক্ৰীড়াপ্ৰেমীৰ বিভিন্ন প্ৰতিক্ৰিয়াক লৈ ৰাহুলে নিজৰ মতামত ব্যক্ত কৰে।

সেই বিষয়ে এটা সাক্ষাৎকাৰত ৰাহুলে শেহতীয়াকৈ কয়, ‘এনেধৰণৰ কথাই মোক কেতিয়াবা অলপ প্ৰভাৱিত কৰে। দলৰ আনসকলকো কৰে। কিন্তু বেয়া সময়তহে খেলুৱৈসকলক অধিক সহায়ৰ প্ৰয়োজন হয়। বহুতে ভাবে যে নিজৰ ইচ্ছামতে কোৱা বা মন্তব্য কৰাৰ অধিকাৰ আছে। আমি সেইটোৰ মাজেৰেই পাৰ হ’ব লাগিব। আচলতে এইটোৱেই আমাৰ জীৱন। খেলখনেই আমাৰ সকলো। যেনেকৈ মই ক্ৰিকেটৰ বাহিৰে একো নাজানো।''

ৰাহুলে কয়, ‘ক্ৰিকেটেই মোৰ একমাত্ৰ কাম। গতিকে সেই কামটোৰ প্ৰতি মই যথেষ্ট গুৰুত্ব নিদিওঁ বুলি কিয় ধৰি লওঁ? মই যথেষ্ট কষ্ট কৰা নাই বুলি কিয় ধৰি লোৱা হ’ব? দুৰ্ভাগ্যজনকভাৱে বহুতৰে ক্ৰীড়াৰ লগত কোনো সম্পৰ্ক নাই।’’

উস্সেথ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেহতীয়া প্ৰথম দুখন টেষ্টতো ৩৭ ৰান সংগ্ৰহ কৰি ভাৰতীয় দলৰ পৰা বাহিৰ হৈছিল ৰাহুল। ছন্দত নথকা সময়ত তেওঁ বিভিন্ন ধৰণৰ ঠাট্টা-মস্কৰা সহ্য কৰিবলগীয়া হৈছিল।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব