--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ কিংবদন্তি বেটছমেন ষ্টিভ স্মিথে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। টি-২০ আৰু টেষ্ট মেচৰ বাবে তেওঁ এতিয়াও উপলব্ধ হ’ব যদিও তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁৰ এদিনীয়া কেৰিয়াৰৰ অন্ত পেলাইছে। 

মঙলবাৰে চেম্পিয়নছ ট্ৰফী ছেমিফাইনেল খেলত ভাৰতৰ হাতত ৪ উইকেটত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া। সেই মেচখনত পৰাস্ত হোৱাৰ পিছত স্মিথে নিজৰ দলৰ সদস্যসকলৰ ওচৰলৈ গৈ অৱসৰৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। এতিয়া স্মিথে অৱসৰৰ কথা প্ৰকাশ কৰাৰ কাৰণ প্ৰকাশ কৰিছে। উল্লেখ্য যে স্মিথে ২০২৮ চনৰ অলিম্পিকত খেলাৰ সপোন দেখিছে।

অৱসৰ লোৱাৰ কাৰণ

ক্ৰিকেট অষ্ট্ৰেলিয়াই শ্বেয়াৰ কৰা এক বিবৃতি অনুসৰি ষ্টিভ স্মিথে কয় যে, "এয়া এক আকৰ্ষণীয় যাত্ৰা, ইয়াৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিলোঁ। এই সময়ৰ সৈতে বহু ভাল স্মৃতি জড়িত হৈ আছে। ২টা বিশ্বকাপৰ ট্ৰফী জয় কৰাটো স্মৰণীয় আছিল আৰু সকলো সতীৰ্থ খেলুৱৈৰ সৈতে কটোৱা সময়খিনি সদায় মনত থাকিব।"

অৱসৰৰ কাৰণ উল্লেখ কৰি ষ্টিভ স্মিথে কয় যে, "এতিয়া সময় আহি পৰিছে অন্য খেলুৱৈক ২০২৭ চনৰ বিশ্বকাপৰ বাবে প্ৰস্তুতি চলোৱাৰ সুযোগ দিয়া। হয়তো এইটোৱেই হৈছে আন খেলুৱৈৰ বাবে সুযোগ দিয়াৰ উপযুক্ত সময়।" স্মিথে লগতে কয় যে টেষ্ট ক্ৰিকেট তেওঁৰ অগ্ৰাধিকাৰ হৈ থাকিব আৰু ২০২৫ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলক লৈও তেওঁ উৎসাহিত।

দেখিছিল অলিম্পিকৰ সপোন

২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ ওলাইছে। স্মিথে এতিয়াও টি-২০ৰ পৰা অৱসৰ লোৱা নাই যদিও অষ্ট্ৰেলিয়াৰ দল পৰিচালনাই হয়তো তেওঁক টি-২০ দলৰ পৰিকল্পনাত অন্তৰ্ভুক্ত কৰা নাই। ২০২৪ চনৰ টি-২০ বিশ্বকাপ দলৰ পৰাও তেওঁক আঁতৰাই ৰখা হৈছিল। কিন্তু আপোনালোকক সোঁৱৰাই দিওঁ যে স্মিথে ২০২৮ চনৰ অলিম্পিকত খেলাৰ সপোন দেখিছে আৰু সেই প্ৰতিযোগিতাখন কেৱল টি-২০ ফৰ্মেটতহে খেলিব। অলিম্পিকৰ সপোনটোৱে দেখুৱাইছে যে স্মিথে আৰু কমেও তিনি বছৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৈতে জড়িত হৈ থাকিব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক