--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন খেলতো পৰাজিত নোহোৱাকৈ ভাৰতে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্রৱেশ কৰিলে। বলিঙৰ পাছত বেটিঙতো দুৰন্ত প্রদর্শন আগবঢ়াই ভাৰতে খিতাপৰ যুঁজলৈ আগবাঢ়ে। 

মঙলবাৰৰ প্রথম ছেমি ফাইনেলত বিৰাট কোহলীৰ ৯৮টা বলত ৮৪ ৰানৰ সহায়ত অষ্ট্ৰেলিয়াক ৪ উইকেটত হৰুৱাই চেম্পিয়নছ ট্রফীৰ খিতাপ দখলৰ পৰা ভাৰত মাথোঁ এখোজ আঁতৰত ৰৈছে। অষ্ট্ৰেলিয়াক প্রথমে ২৬৪ ৰানত সীমিত ৰখাৰ পাছত ৰোহিত শর্মা বাহিনীয়ে ৪৮.১ অ'ভাৰত ছটা উইকেট হেৰুৱাই ২৬৭ ৰান কৰি জয়লাভ কৰে। 

দলীয় স্ক'ৰ ৪৩ ৰানত শুভমন গীল (৮) আৰু অধিনায়ক ৰোহিত (২৮) আউট হ'লেও কোহলীৰ লগতে শ্ৰেয়াস আয়াৰ (৪৫) আৰু লোকেশ ৰাহুলৰ (অপঃ ৪২) বেটিং বিক্রমৰ সহায়ত ভাৰত ফাইনেলত উপনীত হয়। হার্দিক পাণ্ডিয়া (২৮) আৰু অকক্ষৰ পেটেলৰ (২৭) বেটৰ পৰাও আহে উল্লেখনীয় অৱদান। ভাৰতে তেনেদৰেই এদিনীয়া বিশ্ব কাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ পোতক তোলে চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত। ইয়াৰ আগেয়ে
ভাৰতৰ নিয়ন্ত্রিত বলিং সত্ত্বেও অষ্ট্ৰেলিয়াই স্টিভ স্মিথ (৭৩) আৰু এলেক্স কেৰীৰ (৬১) দৃঢ়তাপূর্ণ অর্ধশতৰানৰ জৰিয়তে ৪৯.৩ অ'ভাৰত ২৬৪ ৰানত কেউটা উইকেট হেৰুৱায়। 

৯৬টা বলত ৪টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ৭৩ ৰান কৰা অধিনায়ক স্মিথে অষ্ট্ৰেলিয়াৰ ইনিংছত তিনিটা ৫০ ৰানৰ যুটি বান্ধে। ট্রেভিছ হেডৰ (৩৯) সৈতে দ্বিতীয় উইকেটত ৫২, মার্নাছ লাবুচেইনৰে (২৯) মিলি তৃতীয় উইকেটত ৫৬ আৰু কেৰীৰ সৈতে পঞ্চম উইকেটত ৫৪ ৰানৰ গুৰুত্বপূর্ণ যুটি গঢ়ে। কেৰীয়ে ৰান আউট হোৱাৰ আগেয়ে ৫৭টা বলত ৮টা চাৰি আৰু ১টা ছয়েৰে ৬১ ৰানৰ বৰঙনি যোগায়। ভাৰতৰ মহম্মদ স্বামীয়ে সর্বাধিক তিনিটা, বৰুণ চক্রৱর্তী আৰু ৰবীন্দ্র জাদেজাই দুটাকৈ উইকেট দখল কৰে। আনহাতে, হার্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে পায় ১টাকে উইকেট।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক