--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন খেলতো পৰাজিত নোহোৱাকৈ ভাৰতে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্রৱেশ কৰিলে। বলিঙৰ পাছত বেটিঙতো দুৰন্ত প্রদর্শন আগবঢ়াই ভাৰতে খিতাপৰ যুঁজলৈ আগবাঢ়ে। 

মঙলবাৰৰ প্রথম ছেমি ফাইনেলত বিৰাট কোহলীৰ ৯৮টা বলত ৮৪ ৰানৰ সহায়ত অষ্ট্ৰেলিয়াক ৪ উইকেটত হৰুৱাই চেম্পিয়নছ ট্রফীৰ খিতাপ দখলৰ পৰা ভাৰত মাথোঁ এখোজ আঁতৰত ৰৈছে। অষ্ট্ৰেলিয়াক প্রথমে ২৬৪ ৰানত সীমিত ৰখাৰ পাছত ৰোহিত শর্মা বাহিনীয়ে ৪৮.১ অ'ভাৰত ছটা উইকেট হেৰুৱাই ২৬৭ ৰান কৰি জয়লাভ কৰে। 

দলীয় স্ক'ৰ ৪৩ ৰানত শুভমন গীল (৮) আৰু অধিনায়ক ৰোহিত (২৮) আউট হ'লেও কোহলীৰ লগতে শ্ৰেয়াস আয়াৰ (৪৫) আৰু লোকেশ ৰাহুলৰ (অপঃ ৪২) বেটিং বিক্রমৰ সহায়ত ভাৰত ফাইনেলত উপনীত হয়। হার্দিক পাণ্ডিয়া (২৮) আৰু অকক্ষৰ পেটেলৰ (২৭) বেটৰ পৰাও আহে উল্লেখনীয় অৱদান। ভাৰতে তেনেদৰেই এদিনীয়া বিশ্ব কাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়ৰ পোতক তোলে চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত। ইয়াৰ আগেয়ে
ভাৰতৰ নিয়ন্ত্রিত বলিং সত্ত্বেও অষ্ট্ৰেলিয়াই স্টিভ স্মিথ (৭৩) আৰু এলেক্স কেৰীৰ (৬১) দৃঢ়তাপূর্ণ অর্ধশতৰানৰ জৰিয়তে ৪৯.৩ অ'ভাৰত ২৬৪ ৰানত কেউটা উইকেট হেৰুৱায়। 

৯৬টা বলত ৪টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ৭৩ ৰান কৰা অধিনায়ক স্মিথে অষ্ট্ৰেলিয়াৰ ইনিংছত তিনিটা ৫০ ৰানৰ যুটি বান্ধে। ট্রেভিছ হেডৰ (৩৯) সৈতে দ্বিতীয় উইকেটত ৫২, মার্নাছ লাবুচেইনৰে (২৯) মিলি তৃতীয় উইকেটত ৫৬ আৰু কেৰীৰ সৈতে পঞ্চম উইকেটত ৫৪ ৰানৰ গুৰুত্বপূর্ণ যুটি গঢ়ে। কেৰীয়ে ৰান আউট হোৱাৰ আগেয়ে ৫৭টা বলত ৮টা চাৰি আৰু ১টা ছয়েৰে ৬১ ৰানৰ বৰঙনি যোগায়। ভাৰতৰ মহম্মদ স্বামীয়ে সর্বাধিক তিনিটা, বৰুণ চক্রৱর্তী আৰু ৰবীন্দ্র জাদেজাই দুটাকৈ উইকেট দখল কৰে। আনহাতে, হার্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেলে পায় ১টাকে উইকেট।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ