--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক এছিয়া কাপৰ বাবে ভাৰতীয় দলৰ ১৭ জনীয়া দল ঘোষণাৰ পাছত এতিয়া সকলোৰে দৃষ্টি ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ ওপৰত। এইবাৰ এই মেগা ইভেণ্ট ভাৰতে আয়োজন কৰিব, এনে পৰিস্থিতিত টিম ইণ্ডিয়াকো খিতাপ জয়ৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হয়। ২০১১ চনত যেতিয়া ভাৰতীয় দলটোৱে ঘৰুৱা ক্ষেত্ৰত শেষবাৰৰ বাবে বিশ্বকাপ খেলিছিল, আৰু সেই সময়ত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে ট্ৰফী লাভ কৰিছিল। একে সময়তে অধিনায়ক ৰোহিত শৰ্মায়ো আগন্তুক এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি সন্দৰ্ভত এক ডাঙৰ বক্তব্য প্ৰদান কৰিছে।

২০১৯ চনত যেতিয়া শেষৰখন এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হৈছিল, তেতিয়া ৰোহিত শৰ্মাই বেটৰ সৈতে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। ৰোহিতে ৯টা ইনিংছত গড়ে ৮১ ৰান কৰি ৬৪৮ ৰান সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত তেওঁ ৫টা শতক আৰু এটা অৰ্ধশতক প্ৰদৰ্শন কৰিছিল। এতিয়া আগন্তুক এদিনীয়া বিশ্বকাপতো তেওঁৰ পৰা এনে কিছু প্ৰদৰ্শন সকলোৱে আশা কৰিছে।


এক বিবৃতিত ৰোহিত শৰ্মাই কয় যে “আমাৰ সকলোৰে সপোন হৈছে বিশ্বকাপ জয় কৰা। ২০১৫ আৰু ২০১৯ চনত আমি সেইটো কৰিব পৰা নাছিলো যদিও দুয়োখন বিশ্বকাপত উন্নত প্ৰদৰ্শন কৰিছিলোঁ। ২০১৯ চনত আমি খিতাপ জয়ৰ বহু ওচৰ চাপিছিলোঁ। দল হিচাপে এইবাৰ আমি আমাৰ লক্ষ্য মনত ৰাখি আগবাঢ়িব লাগিব।উল্লেখযোগ্য যে আগন্তুক এদিনীয়া বিশ্বকাপত ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেন্নাই খেলপথাৰত টিম ইণ্ডিয়াই প্ৰথমখন খেল খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক