--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক এছিয়া কাপৰ বাবে ভাৰতীয় দলৰ ১৭ জনীয়া দল ঘোষণাৰ পাছত এতিয়া সকলোৰে দৃষ্টি ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ ওপৰত। এইবাৰ এই মেগা ইভেণ্ট ভাৰতে আয়োজন কৰিব, এনে পৰিস্থিতিত টিম ইণ্ডিয়াকো খিতাপ জয়ৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হয়। ২০১১ চনত যেতিয়া ভাৰতীয় দলটোৱে ঘৰুৱা ক্ষেত্ৰত শেষবাৰৰ বাবে বিশ্বকাপ খেলিছিল, আৰু সেই সময়ত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে ট্ৰফী লাভ কৰিছিল। একে সময়তে অধিনায়ক ৰোহিত শৰ্মায়ো আগন্তুক এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি সন্দৰ্ভত এক ডাঙৰ বক্তব্য প্ৰদান কৰিছে।

২০১৯ চনত যেতিয়া শেষৰখন এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হৈছিল, তেতিয়া ৰোহিত শৰ্মাই বেটৰ সৈতে এক সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। ৰোহিতে ৯টা ইনিংছত গড়ে ৮১ ৰান কৰি ৬৪৮ ৰান সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত তেওঁ ৫টা শতক আৰু এটা অৰ্ধশতক প্ৰদৰ্শন কৰিছিল। এতিয়া আগন্তুক এদিনীয়া বিশ্বকাপতো তেওঁৰ পৰা এনে কিছু প্ৰদৰ্শন সকলোৱে আশা কৰিছে।


এক বিবৃতিত ৰোহিত শৰ্মাই কয় যে “আমাৰ সকলোৰে সপোন হৈছে বিশ্বকাপ জয় কৰা। ২০১৫ আৰু ২০১৯ চনত আমি সেইটো কৰিব পৰা নাছিলো যদিও দুয়োখন বিশ্বকাপত উন্নত প্ৰদৰ্শন কৰিছিলোঁ। ২০১৯ চনত আমি খিতাপ জয়ৰ বহু ওচৰ চাপিছিলোঁ। দল হিচাপে এইবাৰ আমি আমাৰ লক্ষ্য মনত ৰাখি আগবাঢ়িব লাগিব।উল্লেখযোগ্য যে আগন্তুক এদিনীয়া বিশ্বকাপত ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেন্নাই খেলপথাৰত টিম ইণ্ডিয়াই প্ৰথমখন খেল খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু