--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ৪৯ বছৰ বয়সতে জিম্বাবোৱেৰ তাৰকা ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যু হোৱা বুলি বুধবাৰে সমগ্ৰ বিশ্বজুৰি বিয়পি পৰিছিল উৰা বাতৰি। কিন্তু এনে উৰা বাতৰি বিয়পি পৰাৰ  কেইঘণ্টামান পিছতে  জিম্বাবোৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হেনৰী ওলোঙ্গাই নিশ্চিত কৰিছে  যে হিথ ষ্ট্ৰিকৰ মৃত্যুৰ হোৱা নাই। তেওঁ এতিয়াও জীয়াই আছে।

জিম্বাবোৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হেনৰী ওলোঙ্গাই স্পষ্ট কৰি দিছে  যে হিথ ষ্ট্ৰীকৰ মৃত্যু বাতৰি এটা  উৰাবাতৰিহে আছিল। ষ্ট্ৰিক জিম্বাবোৱেৰ একমাত্ৰ ক্ৰিকেটাৰ  যিয়ে ১০০ টা টেষ্ট উইকেট দখল কৰিছে। জিম্বাবোৱেৰ  কিংবদন্তী ক্ৰিকেটৰ  হিথ ষ্ট্ৰিকৰ ৪৯ বছৰ বয়সত মৃত্যু হোৱা বুলি আজি পুৱাই খবৰ ওলাইছিল।কিন্তু হেনৰী ওলোঙ্গাই টুইটাৰত ষ্ট্ৰিকৰ সৈতে হোৱা  তেওঁৰ হোৱাটছএপ চেটৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি কৈছে  যে ষ্ট্ৰিকৰ মৃত্যুৰ বাতৰি "অতিৰঞ্জিত আৰু ভুৱা" ।তেওঁ কয়  "মই নিশ্চিত কৰিব পাৰোঁ যে হিথ ষ্ট্ৰিকৰ মৃত্যুৰ উৰাবাতৰি যথেষ্ট অতিৰঞ্জিত কৰা হৈছে। মই এইমাত্ৰ তেওঁৰ লগত যোগাযোগ কৰিছো।  তেওঁ জীয়াই আছে," । 


খেলুৱৈগৰাকীৰ পৰিয়ালে কিছুদিন পূৰ্বে  কৈছিল যে কৰ্কট ৰোগৰ বিৰুদ্ধে ষ্ট্ৰিকৰ যুঁজ কঠিন হৈ আহিছে। মে’ মাহত তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ  সিদ্ধান্ত লোৱা হৈছিল। তেওঁক দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা কৰি আছিল। হিথ হিল্টন ষ্ট্ৰিক  জিম্বাবোৱেৰ এজন প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ।  হিথ  মুখ্যতঃ জিম্বাবোৱে ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ এজন অলৰাউণ্ডাৰ আছিল। তেওঁ দলটোৰ অধিনায়ক হিচাপেও নিযুক্তি লাভ  কৰিছিল। তেওঁ ১৯৯৫-৯৬ বৰ্ষত মাটাবেলেলেণ্ডৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল। ইয়াৰ পিছত তেওঁ দেশ খনৰ হৈ বহু কেইখন আন্তঃৰাষ্ট্ৰীয় খেলত নিজৰ ক্ৰীড়া প্ৰতিভা উদঙাই দিবলৈ সক্ষম হৈছিল।তেওঁৰ মৃত্যুৰ উৰাবাতৰিয়ে বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক শোকাহত কৰি তুলিছিল। কিন্তু এতিয়া তেওঁৰ জীয়াই থকাৰ খবৰে সকলোকে আনন্দিত কৰি তুলিছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক