--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ ৪৯ বছৰ বয়সতে জিম্বাবোৱেৰ তাৰকা ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যু হোৱা বুলি বুধবাৰে সমগ্ৰ বিশ্বজুৰি বিয়পি পৰিছিল উৰা বাতৰি। কিন্তু এনে উৰা বাতৰি বিয়পি পৰাৰ  কেইঘণ্টামান পিছতে  জিম্বাবোৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হেনৰী ওলোঙ্গাই নিশ্চিত কৰিছে  যে হিথ ষ্ট্ৰিকৰ মৃত্যুৰ হোৱা নাই। তেওঁ এতিয়াও জীয়াই আছে।

জিম্বাবোৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হেনৰী ওলোঙ্গাই স্পষ্ট কৰি দিছে  যে হিথ ষ্ট্ৰীকৰ মৃত্যু বাতৰি এটা  উৰাবাতৰিহে আছিল। ষ্ট্ৰিক জিম্বাবোৱেৰ একমাত্ৰ ক্ৰিকেটাৰ  যিয়ে ১০০ টা টেষ্ট উইকেট দখল কৰিছে। জিম্বাবোৱেৰ  কিংবদন্তী ক্ৰিকেটৰ  হিথ ষ্ট্ৰিকৰ ৪৯ বছৰ বয়সত মৃত্যু হোৱা বুলি আজি পুৱাই খবৰ ওলাইছিল।কিন্তু হেনৰী ওলোঙ্গাই টুইটাৰত ষ্ট্ৰিকৰ সৈতে হোৱা  তেওঁৰ হোৱাটছএপ চেটৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি কৈছে  যে ষ্ট্ৰিকৰ মৃত্যুৰ বাতৰি "অতিৰঞ্জিত আৰু ভুৱা" ।তেওঁ কয়  "মই নিশ্চিত কৰিব পাৰোঁ যে হিথ ষ্ট্ৰিকৰ মৃত্যুৰ উৰাবাতৰি যথেষ্ট অতিৰঞ্জিত কৰা হৈছে। মই এইমাত্ৰ তেওঁৰ লগত যোগাযোগ কৰিছো।  তেওঁ জীয়াই আছে," । 


খেলুৱৈগৰাকীৰ পৰিয়ালে কিছুদিন পূৰ্বে  কৈছিল যে কৰ্কট ৰোগৰ বিৰুদ্ধে ষ্ট্ৰিকৰ যুঁজ কঠিন হৈ আহিছে। মে’ মাহত তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ  সিদ্ধান্ত লোৱা হৈছিল। তেওঁক দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা কৰি আছিল। হিথ হিল্টন ষ্ট্ৰিক  জিম্বাবোৱেৰ এজন প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ।  হিথ  মুখ্যতঃ জিম্বাবোৱে ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ এজন অলৰাউণ্ডাৰ আছিল। তেওঁ দলটোৰ অধিনায়ক হিচাপেও নিযুক্তি লাভ  কৰিছিল। তেওঁ ১৯৯৫-৯৬ বৰ্ষত মাটাবেলেলেণ্ডৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল। ইয়াৰ পিছত তেওঁ দেশ খনৰ হৈ বহু কেইখন আন্তঃৰাষ্ট্ৰীয় খেলত নিজৰ ক্ৰীড়া প্ৰতিভা উদঙাই দিবলৈ সক্ষম হৈছিল।তেওঁৰ মৃত্যুৰ উৰাবাতৰিয়ে বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক শোকাহত কৰি তুলিছিল। কিন্তু এতিয়া তেওঁৰ জীয়াই থকাৰ খবৰে সকলোকে আনন্দিত কৰি তুলিছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু