--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে ৰোহিত শৰ্মাই। ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে এদিনীয়া ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ ১৫ সংখ্যক ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। পাঁচগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ এই কৃতিত্ব এতিয়া তেওঁৰ সন্মুখত আছে।

মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত ৰোহিতে ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰে। এই দিনটোত খেলপথাৰত নামিবলৈ তেওঁৰ এই মাইলৰ খুঁটিত উপনীত হ’বলৈ বাকী আছিল ২২ ৰান। আজিৰ দিনটোত তেওঁ ছয় মাৰি নতুন মাইলৰ খুঁটিত উপনীত হয়। ২৪৮ সংখ্যক খেলত ৰোহিতে ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰে।

ইয়াৰ পূৰ্বেও আন পাঁচজন ভাৰতীয় বেটছমেনে এই কৃতিত্ব অৰ্জন কৰিছে। তেওঁলোক হ’ল শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী। ৰোহিত এদিনীয়াত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰা দ্বিতীয় দ্ৰুততম ভাৰতীয় খেলুৱৈ। ২০৫ ইনিংছত এই মাইলৰ খুঁটি স্পৰ্শ কৰিছিল কোহলীয়ে। ২৪১ সংখ্যক এদিনীয়া ইনিংছত ১০০০ ৰান সম্পূৰ্ণ কৰে ৰোহিতে। শচীনে ২৫৯টা ইনিংছ লয়। তেওঁৰ পিছত সৌৰভ। এদিনীয়া ক্ৰিকেটত ২৬৩ ইনিংছত ১০ ৰান সম্পূৰ্ণ কৰে। পণ্টিঙে ২৬৫ ইনিংছ লৈ ১০ হাজাৰ ৰান সংগ্ৰহ কৰে। 

বিশ্বৰ আন ৮ গৰাকী ক্ৰিকেটাৰে এদিনীয়াত ১০ ৰান সংগ্ৰহ কৰিছে। তেওঁলোক হ’ল ৰিকি পণ্টিং, কুমাৰ ছাংগাকাৰা, সনাথ জয়সূৰিয়া, মহেলা জয়ৱৰ্ধনে, ইনজামাম উল হক, জেক কালিছ, ক্ৰীছ গেইল, ব্রায়ান লাৰা আৰু টিল্লাকাৰত্নে দিলছান৷ অৰ্থাৎ ভাৰতৰ ছয়জন, শ্ৰীলংকাৰ চাৰিজন, ৱেষ্ট ইণ্ডিজৰ দুগৰাকী খেলুৱৈৰ এদিনীয়া ক্ৰিকেটত ১০ হাজাৰ ৰান আছে। পাকিস্তান, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ এজনকৈ ক্ৰিকেটাৰৰ এই কৃতিত্ব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু