--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে ৰোহিত শৰ্মাই। ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে এদিনীয়া ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ ১৫ সংখ্যক ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। পাঁচগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ এই কৃতিত্ব এতিয়া তেওঁৰ সন্মুখত আছে।

মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত ৰোহিতে ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰে। এই দিনটোত খেলপথাৰত নামিবলৈ তেওঁৰ এই মাইলৰ খুঁটিত উপনীত হ’বলৈ বাকী আছিল ২২ ৰান। আজিৰ দিনটোত তেওঁ ছয় মাৰি নতুন মাইলৰ খুঁটিত উপনীত হয়। ২৪৮ সংখ্যক খেলত ৰোহিতে ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰে।

ইয়াৰ পূৰ্বেও আন পাঁচজন ভাৰতীয় বেটছমেনে এই কৃতিত্ব অৰ্জন কৰিছে। তেওঁলোক হ’ল শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, বিৰাট কোহলী আৰু মহেন্দ্ৰ সিং ধোনী। ৰোহিত এদিনীয়াত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰা দ্বিতীয় দ্ৰুততম ভাৰতীয় খেলুৱৈ। ২০৫ ইনিংছত এই মাইলৰ খুঁটি স্পৰ্শ কৰিছিল কোহলীয়ে। ২৪১ সংখ্যক এদিনীয়া ইনিংছত ১০০০ ৰান সম্পূৰ্ণ কৰে ৰোহিতে। শচীনে ২৫৯টা ইনিংছ লয়। তেওঁৰ পিছত সৌৰভ। এদিনীয়া ক্ৰিকেটত ২৬৩ ইনিংছত ১০ ৰান সম্পূৰ্ণ কৰে। পণ্টিঙে ২৬৫ ইনিংছ লৈ ১০ হাজাৰ ৰান সংগ্ৰহ কৰে। 

বিশ্বৰ আন ৮ গৰাকী ক্ৰিকেটাৰে এদিনীয়াত ১০ ৰান সংগ্ৰহ কৰিছে। তেওঁলোক হ’ল ৰিকি পণ্টিং, কুমাৰ ছাংগাকাৰা, সনাথ জয়সূৰিয়া, মহেলা জয়ৱৰ্ধনে, ইনজামাম উল হক, জেক কালিছ, ক্ৰীছ গেইল, ব্রায়ান লাৰা আৰু টিল্লাকাৰত্নে দিলছান৷ অৰ্থাৎ ভাৰতৰ ছয়জন, শ্ৰীলংকাৰ চাৰিজন, ৱেষ্ট ইণ্ডিজৰ দুগৰাকী খেলুৱৈৰ এদিনীয়া ক্ৰিকেটত ১০ হাজাৰ ৰান আছে। পাকিস্তান, অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ এজনকৈ ক্ৰিকেটাৰৰ এই কৃতিত্ব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক