--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত এক নতুন নজিৰ গঢ়ি তুলিছে। ভাৰতৰ প্ৰাক্তন আৰু বৰ্তমানৰ অধিনায়কগৰাকীয়ে মিলি মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে খেলখনত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। যদিও কোহলীয়ে মাত্ৰ ৩ ৰানহে সংগ্ৰহ কৰে।

ৰোহিত আৰু কোহলীয়ে বেটিং যুটি হিচাপে নতুন নজিৰ গঢ়ি তুলিছে। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক বেগেৰে তেওঁলোকে ৫০০০ ৰান সংগ্ৰহ কৰে। ৮৬ ইনিংছত এই ৫০০০ ৰান সম্পূৰ্ণ কৰে। গড়ে ৬২.৪৭ ৰান। এই যুটিটোত ১৮ বাৰ ১০০ ৰান বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছে। ১৫ বাৰ ৫০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিছে। মুঠ ৰানৰ ক্ষেত্ৰত তেওঁলোকৰ যুটি এদিনীয়া ক্ৰিকেটৰ ইতিহাসত অষ্টম শ্ৰেষ্ঠ।

ৰোহিত-কোহলীৰ যুটিয়ে ৱেষ্ট ইণ্ডিজৰ গৰ্ডন গ্ৰীনিজ আৰু ডেচমণ্ড হেইনছৰ অভিলেখ ভংগ কৰে। ৯৭ ইনিংছত তেওঁলোকে ৫০০০ ৰান সংগ্ৰহ কৰিছিল। সেইটোৱেই আছিল এতিয়ালৈকে আটাইতকৈ দ্ৰুত যুটি। মঙলবাৰে ৰোহিত আৰু কোহলিয়ে সেই যুটিটোক স্থানচ্যুত কৰি শীৰ্ষস্থান দখল কৰে।

অষ্ট্ৰেলিয়াৰ মেথিউ হেডেন আৰু এডাম গিলক্ৰিষ্টৰ যুটিয়ে এই তালিকাত তৃতীয় স্থান লাভ কৰে। ১০৪ ইনিংছত ৫০০০ ৰান সম্পূৰ্ণ কৰে তেওঁলোকে। চতুৰ্থ স্থানত আছে শ্ৰীলংকাৰ টিল্লাকাৰত্নে দিলশান আৰু কুমাৰ চাংগকৰা। এদিনীয়া ক্ৰিকেটত ৫০০০ ৰান সম্পূৰ্ণ কৰিবলৈ ১০৫ ইনিংছ লৈছিল।



ৰোহিত আৰু কোহলী ৫০০০ ৰান সংগ্ৰহ কৰা প্ৰথম ভাৰতীয় যুটি, কিন্তু দুয়োজনেই অ’পেনাৰ নহয়। এই ক্ষেত্ৰত বিশ্ব অভিলেখ শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীৰ হাতত আছে। তেওঁলোকে মিলি ১৭৬ ইনিংছত ৮২২৭ ৰান সংগ্ৰহ কৰে। পৃথিৱীৰ আন কোনো যুটীয়ে ইমান ৰান কৰিব পৰা নাছিল। সৌৰভ আৰু শচীন দুয়োজনে অৱশ্যে ভাৰতৰ হৈ ইনিংছ মুকলি কৰিব। ৰোহিতে অ’পেন কৰিলেও কোহলীয়ে দলৰ ইনিংছ আৰম্ভ নকৰে।

বৰ্তমানৰ ক্ৰিকেটাৰসকলৰ ভিতৰত কেৱল এদিনীয়া ক্ৰিকেটত ১০ হাজাৰতকৈ অধিক ৰান সংগ্ৰহ কৰাৰ গৌৰৱ ৰোহিত আৰু কোহলীৰ। ৰোহিত-কোহলিয়ে যোৰ হিচাপে ৫০০০ ৰানৰ মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ মাত্ৰ দুই ৰানৰ দূৰত আছিল। ফলত মঙলবাৰে এছিয়া কাপৰ খেলখনত এই মাইলৰ খুঁটিত উপনীত হোৱাত কোনো সমস্যা নহ’ল।

সোমবাৰে পাকিস্তানৰ বিৰুদ্ধে অপৰাজিত শতক অৰ্জন কৰা কোহলীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে এটা ৰান নাপালে। ৰোহিতৰ বেটৰ পৰা ৫৩ ৰান। এছিয়া কাপত একেৰাহে তিনিখন খেলত অৰ্ধশতক অৰ্জন কৰে ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক