--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এদিনীয়া ক্ৰিকেটত এক নতুন নজিৰ গঢ়ি তুলিছে। ভাৰতৰ প্ৰাক্তন আৰু বৰ্তমানৰ অধিনায়কগৰাকীয়ে মিলি মঙলবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে খেলখনত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। যদিও কোহলীয়ে মাত্ৰ ৩ ৰানহে সংগ্ৰহ কৰে।

ৰোহিত আৰু কোহলীয়ে বেটিং যুটি হিচাপে নতুন নজিৰ গঢ়ি তুলিছে। এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক বেগেৰে তেওঁলোকে ৫০০০ ৰান সংগ্ৰহ কৰে। ৮৬ ইনিংছত এই ৫০০০ ৰান সম্পূৰ্ণ কৰে। গড়ে ৬২.৪৭ ৰান। এই যুটিটোত ১৮ বাৰ ১০০ ৰান বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছে। ১৫ বাৰ ৫০ ৰানতকৈ অধিক ৰান সংগ্ৰহ কৰিছে। মুঠ ৰানৰ ক্ষেত্ৰত তেওঁলোকৰ যুটি এদিনীয়া ক্ৰিকেটৰ ইতিহাসত অষ্টম শ্ৰেষ্ঠ।

ৰোহিত-কোহলীৰ যুটিয়ে ৱেষ্ট ইণ্ডিজৰ গৰ্ডন গ্ৰীনিজ আৰু ডেচমণ্ড হেইনছৰ অভিলেখ ভংগ কৰে। ৯৭ ইনিংছত তেওঁলোকে ৫০০০ ৰান সংগ্ৰহ কৰিছিল। সেইটোৱেই আছিল এতিয়ালৈকে আটাইতকৈ দ্ৰুত যুটি। মঙলবাৰে ৰোহিত আৰু কোহলিয়ে সেই যুটিটোক স্থানচ্যুত কৰি শীৰ্ষস্থান দখল কৰে।

অষ্ট্ৰেলিয়াৰ মেথিউ হেডেন আৰু এডাম গিলক্ৰিষ্টৰ যুটিয়ে এই তালিকাত তৃতীয় স্থান লাভ কৰে। ১০৪ ইনিংছত ৫০০০ ৰান সম্পূৰ্ণ কৰে তেওঁলোকে। চতুৰ্থ স্থানত আছে শ্ৰীলংকাৰ টিল্লাকাৰত্নে দিলশান আৰু কুমাৰ চাংগকৰা। এদিনীয়া ক্ৰিকেটত ৫০০০ ৰান সম্পূৰ্ণ কৰিবলৈ ১০৫ ইনিংছ লৈছিল।



ৰোহিত আৰু কোহলী ৫০০০ ৰান সংগ্ৰহ কৰা প্ৰথম ভাৰতীয় যুটি, কিন্তু দুয়োজনেই অ’পেনাৰ নহয়। এই ক্ষেত্ৰত বিশ্ব অভিলেখ শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীৰ হাতত আছে। তেওঁলোকে মিলি ১৭৬ ইনিংছত ৮২২৭ ৰান সংগ্ৰহ কৰে। পৃথিৱীৰ আন কোনো যুটীয়ে ইমান ৰান কৰিব পৰা নাছিল। সৌৰভ আৰু শচীন দুয়োজনে অৱশ্যে ভাৰতৰ হৈ ইনিংছ মুকলি কৰিব। ৰোহিতে অ’পেন কৰিলেও কোহলীয়ে দলৰ ইনিংছ আৰম্ভ নকৰে।

বৰ্তমানৰ ক্ৰিকেটাৰসকলৰ ভিতৰত কেৱল এদিনীয়া ক্ৰিকেটত ১০ হাজাৰতকৈ অধিক ৰান সংগ্ৰহ কৰাৰ গৌৰৱ ৰোহিত আৰু কোহলীৰ। ৰোহিত-কোহলিয়ে যোৰ হিচাপে ৫০০০ ৰানৰ মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ মাত্ৰ দুই ৰানৰ দূৰত আছিল। ফলত মঙলবাৰে এছিয়া কাপৰ খেলখনত এই মাইলৰ খুঁটিত উপনীত হোৱাত কোনো সমস্যা নহ’ল।

সোমবাৰে পাকিস্তানৰ বিৰুদ্ধে অপৰাজিত শতক অৰ্জন কৰা কোহলীয়ে শ্ৰীলংকাৰ বিৰুদ্ধে এটা ৰান নাপালে। ৰোহিতৰ বেটৰ পৰা ৫৩ ৰান। এছিয়া কাপত একেৰাহে তিনিখন খেলত অৰ্ধশতক অৰ্জন কৰে ভাৰতীয় দলটোৰ অধিনায়কগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু